গুৱাহাটীৰ এখন শতবৰ্ষ গৰকা ঐতিহাসিক ব্যৱসায়িক প্ৰতিস্থান । শতাধিক কৰ্মচাৰীক সংস্থাপন দিয়া ব্যৱসায়িক প্ৰতিস্থানখন স্থাপিত হৈছিল ১৮৮৫ চনত । নাম শ্বেইখ ব্ৰাডাৰ্ছ । গুৱাহাটী-শ্বিলং পথৰ পুনৰ নিৰ্মাণৰ বাবে কলিকতাৰ সমীপৰ হুগলী জিলাৰ চিংগুৰৰ পৰা ১৮৮০ চনৰ আগতে শ্বেইখ গুলাম ইব্ৰাহিম অসমলৈ আহিছিল ।
শ্বেইখ গোলাম ইব্ৰাহিমে অসমত কাম আৰম্ভ কৰাৰ পিছত তেওঁ ইয়াত বেকাৰী স্থাপনৰ সম্ভাৱনা দেখিছিল । সেই সময়ত ব্ৰিটিছ বিষয়াসকলৰ তেওঁলোকৰ প্ৰধান ৰুটি আৰু বেকাৰীৰ সামগ্ৰীৰ চাহিদা বেছি আছিল । সেয়ে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে গুৱাহাটীত জন্ম হ'ল এই শ্বেইখ ব্ৰাডাৰ্ছৰ ।ডিপাৰ্টমেণ্টেল ষ্টৰ হিচাপে আৰম্ভ হোৱা এই শ্বেইখ ব্ৰাডাৰ্ছ বৰ্তমান সমগ্ৰ গুৱাহাটীতে জনপ্ৰিয় ।
প্ৰধানকৈ চৌদাৰ পানীয় প্ৰস্তুত কৰাৰ আৰম্ভ কৰি পৰ্যায়ক্ৰমে বেকাৰীও আৰম্ভ কৰে ব্যৱসায়িক প্ৰতিস্থানখনে । সেই সময়চোৱাত সুচল নাছিল যাতায়ত ব্যৱস্থা । জাহাজেৰে তিনি চাৰি মাহৰ অন্তত গুৱাহাটীৰ পাণ্ডু ঘাটলৈ অনা হৈছিল সামগ্ৰী । সেই সময়চোৱাৰ পৰা আজিলৈকে গুৱাহাটীৰ পানবজাৰত নিজৰ গৰিমা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে শ্বেইখ ব্ৰাডাৰ্ছে । অন্যহাতে অসমত বৰ্তমানলৈকে প্ৰায় চাৰিটামান প্ৰজন্ম পাৰ কৰিছে ব্যৱসায়িক প্ৰতিস্থানখনে ।
বংগত প্লেগ মহামাৰীৰ সময়ত বহুতে সেই প্ৰদেশৰ পৰা পলায়ন কৰিছিল । সেই সময়তে শ্বেইখ পৰিয়ালটোৱেও অসমলৈ প্ৰব্ৰজন কৰে । শ্বেইখ ইব্ৰাহিমৰ ভাতৃদ্বয় শ্বেইখ সোবিৰুদ্দিন আৰু শ্বেইখ কবিৰুদ্দিনে তেওঁৰ লগত যোগদান কৰে আৰু ১৮৮৫ চনত মেছাৰ্ছ শ্বেইখ ব্ৰাডাৰ্ছ প্ৰতিষ্ঠা হয় । ক্ৰমান্বয়ে অসমত শ্বেইখ ব্ৰাডাৰ্ছৰ জনপ্ৰিয়তা বাঢ়ি আহিল ।
বৰ্তমান ব্যৱসায়িক প্ৰতিস্থানখন পৰিচালনা কৰি আছে শ্বেইখ মালিক নাৱাজে । উল্লেখযোগ্য যে চলিত বৰ্ষৰ ২৫ জানুৱাৰীতো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সম্বৰ্ধনা জ্ঞাপন কৰিছিল শ্বেইখ ব্ৰাডাৰ্ছৰ কৰ্তৃপক্ষক । গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰাও ঐতিহাসিক ব্যৱসায়িক প্ৰতিস্থানখক শুভেচ্ছা জনোৱা হৈছিল ।
Published by: Subham Goswami
FIRST PUBLISHED : May 22, 2023, 22:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।