মুখ্যপৃষ্ঠা » খবৰ

» ব্যৱসায়

»Ola E-Scooter : ওলাৰ ই-স্কুটাৰৰ বিক্ৰী আৰু বিতৰণ এই দিনটোৰ পৰা হ'ব আৰম্ভ, কিমান EMIত আনিব পাৰিব ঘৰলৈ, ঋণৰ সুবিধা কি, জানক সবিশেষ

Ola E-Scooter : ওলাৰ ই-স্কুটাৰৰ বিক্ৰী আৰু বিতৰণ এই দিনটোৰ পৰা হ'ব আৰম্ভ, কিমান EMIত আনিব পাৰিব ঘৰলৈ, ঋণৰ সুবিধা কি, জানক সবিশেষ

Manjumoni Borah | News18-Assam
Updated:September 8, 2021, 2:03 PM IST
Ola E-Scooter : ওলাৰ ই-স্কুটাৰৰ বিক্ৰী আৰু বিতৰণ এই দিনটোৰ পৰা হ'ব আৰম্ভ, কিমান EMIত আনিব পাৰিব ঘৰলৈ, ঋণৰ সুবিধা কি, জানক সবিশেষ
ওলা ইলেক্ট্ৰিক স্কুটাৰ (OLA E-Scooter) অক্টোবৰ 2021-ৰ পৰা বিতৰণ আৰম্ভ কৰিব। দেশৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ ঋণদাতা এইচডিএফচি বেংকে (HDFC Bank) গ্ৰাহকসকলক ওলা আৰু ওলা বৈদ্যুতিক এপত মিনিটত পূৰ্ব-অনুমোদিত অটো ঋণ (Pre-Approved Auto Loan) প্ৰদান কৰিব।

ওলা ইলেক্ট্ৰিক স্কুটাৰ (OLA E-Scooter) অক্টোবৰ 2021-ৰ পৰা বিতৰণ আৰম্ভ কৰিব। দেশৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ ঋণদাতা এইচডিএফচি বেংকে (HDFC Bank) গ্ৰাহকসকলক ওলা আৰু ওলা বৈদ্যুতিক এপত মিনিটত পূৰ্ব-অনুমোদিত অটো ঋণ (Pre-Approved Auto Loan) প্ৰদান কৰিব।

  • Share this:
ওলাৰ দুচকীয়া বাহন নিৰ্মাণ কোম্পানী ওলা ইলেক্ট্ৰিক মোবিলিটি (Ola Electric Mobility)য়ে বিশ্ব বৈদ্যুতিক বাহন দিৱসৰ (World EV Day) প্ৰাকমুহূৰ্তত ৮ ছেপ্টেম্বৰৰ পৰা ইয়াৰ বৈদ্যুতিক ওলা এছ-1 স্কুটাৰৰ বিক্ৰী আৰম্ভ কৰিছে। পেট্ৰ'ল আৰু ডিজেলৰ দৰে জৈৱিক ইন্ধনৰ পৰা বৈদ্যুতিক বাহনলৈ মানুহক আকৰ্ষণ  কৰিবলৈ ওলাই ৮ ছেপ্টেম্বৰৰ পৰা এছ-১ স্কুটাৰৰ বিক্ৰী আৰম্ভ কৰিছে। ওলা ইলেক্ট্ৰিকে কৈছিল যে এছ-1 স্কুটাৰৰ বাবে মাহিলী কিস্তি (EMI) প্ৰতি মাহে ২,৯৯৯ টকাৰ পৰা আৰম্ভ হ'ব।

কোনবোৰ বেংকে ওলাৰ ই-স্কুটাৰৰ বাবে ঋণ দিব

ওলা ইলেক্ট্ৰিকৰ তৰফৰ পৰা জনোৱা মতে যদি আপোনাক বিত্তীয় সহায়ৰ প্ৰয়োজন হয় তেনেহ'লে আইডিএফচি ফাৰ্ষ্ট বেংক (IDFC Bank), এইচডিএফচি বেংক (HDFC Bank) আৰু টাটা কেপিটেল (TATA Capital)ৰ পৰা ঋণ ল'ব পাৰিব। ওলা ফাইনেন্সিয়েল ছাৰ্ভিচেছে (OFS) এছ-1 স্কুটাৰৰ ঋণ প্ৰদানৰ বাবে এইকেইটা বেংককে ধৰি আন কেইবাটাও প্ৰধান বেংকৰ সৈতে চুক্তিবদ্ধ হৈছে। কোম্পানীটোৱে জনোৱা মতে বৈদ্যুতিক স্কুটাৰ ওলা এছ-1 প্ৰ' (OlaS1 Pro)ৰ আগতীয়া সংস্কৰণৰ বাবে ইএমআই ৩,১৯৯ টকাৰ পৰা আৰম্ভ হ'ব। এইচডিএফচি বেংকে ওলা আৰু ওলা বৈদ্যুতিক এপত মিনিটতে গ্ৰাহকসকলক পূৰ্ব-অনুমোদিত অটো ঋণ (Pre-Approved Auto Loan) প্ৰদান কৰিব বুলি জানিব দিছে।

ফাইনেন্সৰ প্ৰয়োজন নাথাকিলে এডভান্স কিমান দিব লাগিব-

টাটা কেপিটেল আৰু আইডিএফচি ফাৰ্ষ্ট বেংকে ডিজিটেল কে ৱাই চি (Digital KYC) প্ৰক্ৰিয়াৰে নথি-পত্ৰ পৰীক্ষা কৰিব। ইয়াৰ পিছত গ্ৰাহকসকলক তাৎক্ষণিক ঋণ অনুমোদন দিয়া হ'ব। যদি আপোনাক ফাইনেন্সৰ প্ৰয়োজন নহয়, আপুনি ওলা এছ-1-ৰ বাবে ২০,০০০ টকা আৰু এছ-1 প্ৰ'ৰ বাবে ২৫,০০০ টকা আগতীয়াকৈ পৰিশোধ কৰিব পাৰে। স্কুটাৰৰ চালানৰ সময়ত বাকী টকা পৰিশোধ কৰিব লাগিব। কোম্পানীটোৱে কোৱা মতে বিতৰণ ২০২১ চনৰ অক্টোবৰৰ পৰা আৰম্ভ হ'ব। অক্টোবৰৰ পৰাই টেষ্ট ড্ৰাইভৰ সুবিধাও আগবঢ়াব। টেষ্ট ড্ৰাইভৰ পিছত অৰ্ডাৰ বাতিল কৰাৰ বিকল্পও আছে, যদিহে স্কুটাৰখন ওলা কাৰখানাৰ পৰা ডেলিভাৰীৰ বাবে প্ৰেৰণ কৰা নহয়। গ্ৰাহকসকলে ওলা আৰু ওলা বৈদ্যুতিক এপৰ জৰিয়তে স্কুটাৰৰ বীমা কৰিব পাৰে। কোম্পানীটোৰ বীমা পাৰ্টনাৰ হৈছে আইচিআইচিআই লোম্বাৰ্ড (ICICI Lombard)।
Published by: Manjumoni Borah
First published: September 8, 2021, 2:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি