মুখ্যপৃষ্ঠা » খবৰ

» ব্যৱসায়

»Pig Farm : দৈনিক ১ কোটি, বছৰে ৩৬৫ কোটি টকাৰ বজাৰ, তথাপি শিৱসাগৰৰ চৰকাৰী গাহৰি পামত নাই এটাও গাহৰি।

Pig Farm : দৈনিক ১ কোটি, বছৰে ৩৬৫ কোটি টকাৰ বজাৰ, তথাপি শিৱসাগৰৰ চৰকাৰী গাহৰি পামত নাই এটাও গাহৰি।

News18 Assam | News18-Assam
Updated:July 16, 2021, 7:45 AM IST
Pig Farm : দৈনিক ১ কোটি, বছৰে ৩৬৫ কোটি টকাৰ বজাৰ, তথাপি শিৱসাগৰৰ চৰকাৰী গাহৰি পামত নাই এটাও গাহৰি।
বিগত বৰ্ষত ছোৱাইন ফিভাৰ (Swine Fever)ৰ কাৰণে চৰকাৰী পামখনৰ বহু গাহৰি (Pig) মাৰি পেলাইছিল, কিছুমান নিজেই মৰিছিল। তাৰ পিছৰে পৰা এটাও গাহৰি নাই পামখন।

বিগত বৰ্ষত ছোৱাইন ফিভাৰ (Swine Fever)ৰ কাৰণে চৰকাৰী পামখনৰ বহু গাহৰি (Pig) মাৰি পেলাইছিল, কিছুমান নিজেই মৰিছিল। তাৰ পিছৰে পৰা এটাও গাহৰি নাই পামখন।

  • Share this:
যি সময়ত গাহৰি মাংস (Pork)ৰ চাহিদা পূৰণ কৰিবলৈ হেজাৰ হেজাৰ গাহৰি পঞ্জাৱ- হাৰিয়ানা,উত্তৰপ্ৰদেশ আদি ৰাজ্যৰ পৰা ট্ৰাকেৰে  আমদানি কৰিবলৈ অসম চৰকাৰে ব্যৱস্থা কৰি দিছে সেই সময়ত শিৱসাগৰৰ চৰকাৰী গাহৰি পাম (Sivasagar Govt Pig Farm)ত নাই এটাও গাহৰি। দেখা গৈছে অতি দুখজনক ছবি।

একালত শ শ গাহৰি থকা শিৱসাগৰ খেলুৱা গাহৰি পামত নাই এটাও গাহৰি। ৰাজ্যৰ পশুপালন বিভাগৰ হেমাহিৰ বাবেই বিগত এটা বছৰে খালি হৈ ৰৈছে শিৱসাগৰ খেলুৱাস্থিত  বৃহদাকাৰ গাহৰি পাম । খেলুৱাস্থিত চৰকাৰী গাহৰি পামখন চোৱা-চিতা কৰিবলৈ চৰকাৰী বিষয়া, কৰ্মচাৰীও আছে । কিন্তু নাই কেৱল গাহৰি ।

"বিগত বৰ্ষত ছোৱাইন ফিভাৰ (Swine Fever) প্ৰতিৰোধ কৰিবলৈ চৰকাৰী পামখনৰ  বহু গাহৰি মাৰি পেলাইছিলোঁ আৰু কিছুমান নিজেই মৰিছিল । তাৰ পিছৰে পৰা ইয়াত এটাও গাহৰি নাই । আমি নতুনকৈ পোৱালি বিচাৰি আৱেদন কৰিছোঁ।" এই মন্তব্য চৰকাৰী গাহৰি পামখনৰ বিষয়াগৰাকীৰ। কিন্তু পৰিতাপৰ বিষয় যে আৱেদন কৰাৰ পিছতো নতুন গাহৰি পোৱালি যোগান ধৰাৰ ব্যৱস্থাই নকৰিলে ৰাজ্যৰ পশুপালন (Animal Husbandry) বিভাগে।

লক্ষ্যণীয় যে শিৱসাগৰ জিলাত দৈনিক ১ কোটি (1 Crore) টকাৰো অধিক গাহৰি মাংস বিক্ৰী হয় । বছৰত প্ৰায় প্ৰায় ৩৬৫ৰ পৰা ৪০০ কোটি (365-400 Crores) টকাৰ গাহৰি মাংস বিক্ৰী হয় শিৱসাগৰ জিলাত । এই তথ্য সদৰি কৰিছে খোদ শিৱসাগৰ জিলা পশুপালন বিষয়া গৰাকীয়ে । ইমানৰ পিছতো চৰকাৰী গাহৰি পামখন উকা কৰি কিয় ৰাখিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলৰ মাজত। চৰকাৰী পামখনলৈকে গাহৰি যোগান ধৰিবলৈ সক্ষম নোহোৱা বিয়াগোম বিভাগটোৱে বেচৰকাৰী পাম তথা গাহৰি পালকক কেনেকৈ সহায় কৰিব বুলিও সমালোচনা কৰিছে স্থানীয় ৰাইজে।
Published by: Manjumoni Borah
First published: July 16, 2021, 7:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি