• Home
  • »
  • News
  • »
  • business
  • »
  • PF Rule Change: এই নতুন নিয়ম অনুসৰণ নকৰিলে অহা ছেপ্টেম্বৰৰ পৰা নোসোমাব ইপিএফৰ ধন

PF Rule Change: এই নতুন নিয়ম অনুসৰণ নকৰিলে অহা ছেপ্টেম্বৰৰ পৰা নোসোমাব ইপিএফৰ ধন

ইপিএফঅ'ৱে এতিয়া সকলো কাৰ্য অনলাইন প্ৰক্ৰিয়াৰ মাজেৰে কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে।

ইপিএফঅ'ৱে এতিয়া সকলো কাৰ্য অনলাইন প্ৰক্ৰিয়াৰ মাজেৰে কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে।

ইপিএফঅ'ৱে এতিয়া সকলো কাৰ্য অনলাইন প্ৰক্ৰিয়াৰ মাজেৰে কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে।

  • Share this:

কৰ্মচাৰী ভৱিষ্য নিধিৰ (Employees Provident Fund) অন্তৰ্ভুক্ত কৰ্মচাৰীসকলে তেওঁলোকৰ আধাৰ কাৰ্ড নম্বৰ ১ ছেপ্টেম্বৰৰ আগতে ভৱিষ্য নিধি (PF) একাউণ্টৰ সৈতে সংযোগ কৰিব লাগিব। কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই নিয়োগকৰ্তা আৰু অন্যান্য লাভালাভ প্ৰাপ্ত কৰিবলৈ আধাৰ কাৰ্ড পিএফ ইউএএন (UAN)ৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক কৰিছে।


ইয়াৰ আগতে সময়সীমা ১ জুন, ২০২১ আছিল যদিও ১ ছেপ্টেম্বৰ, ২০২১লৈ পিছুৱাই দিয়া হৈছিল। শ্ৰম মন্ত্ৰালয়ে এই নতুন নিয়মটো কাৰ্যকৰী কৰিবলৈ সামাজিক সুৰক্ষা সংহিতা ২০২০ৰ ধাৰা ১৪২ সংশোধন কৰিছিল। ইয়াৰ অধীনত লাভালাভ বিচৰা আৰু সেৱা প্ৰাপ্ত কৰাৰ বাবে আধাৰ নম্বৰৰ জৰিয়তে কৰ্মচাৰী বা অসংগঠিত কৰ্মী বা আন কোনো ব্যক্তিৰ পৰিচয় প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰা হৈছে।


এই সম্পৰ্কে ইপিএফঅ'ৰ পৰা কোৱা হৈছে– "আধাৰক ইউএএনৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক। ১ ছেপ্টেম্বৰ ২০২১ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ নিয়োগকৰ্তাসকলে এনেধৰণৰ সংযোগ নকৰা ঘটনাৰ বাবে পিএফ প্ৰেৰণ কৰিব নোৱাৰিব।"


আনহাতে, আধাৰ প্ৰমাণিত ইউএএনৰ সৈতে ইচিআৰ (electronic challan cum receipt or PF return) দাখিল কৰাৰ তাৰিখো ১ ছেপ্টেম্বৰ, ২০২১লৈ বৃদ্ধি কৰা হৈছিল। এক জাননীত ইপিএফঅ'ৱে কয় যে নিয়োগকৰ্তাই কেৱল সেই কৰ্মচাৰীসকলৰ বাবে ইচিআৰ দাখিল কৰিব পাৰে যিসকলে তেওঁলোকৰ আধাৰ পিএফ ইউএএনৰ সৈতে সংযুক্ত কৰিছে। "নিয়োগকৰ্তাই আধাৰ চিডিং প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত অনা-আধাৰ চিডেড ইউএএনৰ বাবে পৃথক ইচিআৰ দাখিল কৰিব পাৰে।"


উল্লেখ্য, ইপিএফঅ'ৱে এতিয়া সকলো কাৰ্য অনলাইন প্ৰক্ৰিয়াৰ মাজেৰে কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে। সেয়া KYC আপডেটেই হওক বা অগ্ৰিম ধনৰাশিৰ আবেদনেই হওক। গতিকে কৰ্মচাৰীৰ পৰিচয় স্থাপন কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেয়ে আধাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আধাৰৰ সম্পূৰ্ণ বিৱৰণ আপডেট হৈ নাথাকিলে ইপিএফঅ'ৰ লাভালাভৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত।

Published by:Gautam Barman
First published: