
ৱাশ্বিংটন ডিচিত আটলাণ্টিক কাউন্সিলৰ এক অনুষ্ঠানত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) এই কথা স্পষ্ট কৰি দিয়ে।
ৱাশ্বিংটন ডিচিত আটলাণ্টিক কাউন্সিলৰ এক অনুষ্ঠানত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) এই কথা স্পষ্ট কৰি দিয়ে।
ভাৰত চৰকাৰে লোৱা এটা ডাঙৰ পদক্ষেপ হ'ল এই যে মহামাৰীৰ পৰা সকাহ পাবলৈ জনতাৰ মূৰত কৰৰ বোজা দিয়া হোৱা নাছিল। অৰ্থনীতি উদ্ধাৰৰ বাবে আমাৰ ৰাজহ জনতাৰ ওপৰত লগোৱা কৰৰ পৰা অহা নাছিল। কাৰো ওপৰত কোনো 'কোভিড কৰ' (COVID Tax) আৰোপ কৰা হোৱা নাছিল। ৱাশ্বিংটন ডিচিত আটলাণ্টিক কাউন্সিলৰ এক অনুষ্ঠানত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) এই কথা স্পষ্ট কৰি দিয়ে।
"যেতিয়া মহামাৰী আহিছিল, আমি অনুভৱ কৰিছিলোঁ যে অৰ্থনীতিক পুনৰুদ্ধাৰৰ বাবে আমাৰ ওচৰত থকা সৰ্বশ্ৰেষ্ঠ গুণক হ'ব আন্তঃগাঁথনি নিৰ্মাণত ধন ব্যয় কৰা। সেয়েহে মূলধনী ব্যয় আমাৰ পুনৰুদ্ধাৰৰ পথ আছিল... এতিয়া আমি এই বছৰ এটা নহয় ৭৫টা ডিজিটেল বেংক স্থাপনৰ বাবে আগবাঢ়িছোঁ" এইদৰে কয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|