• Home
  • »
  • News
  • »
  • business
  • »
  • Nirmala Sitharaman: নগদ ধন উলিওৱাৰ ক্ষেত্ৰত GST নাই, প্ৰতিমাহে ১০টা ATM লেনদেন বিনামূলীয়া, সংসদত বিভ্ৰান্তি দূৰ কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

Nirmala Sitharaman: নগদ ধন উলিওৱাৰ ক্ষেত্ৰত GST নাই, প্ৰতিমাহে ১০টা ATM লেনদেন বিনামূলীয়া, সংসদত বিভ্ৰান্তি দূৰ কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

GST|ATM|Cash Withdrawal: সংসদত এটা প্ৰশ্ন উত্থাপন হৈছিল যে বেংকৰ পৰা গ্ৰাহকে লাভ কৰা চেক বুকত, কেন্দ্ৰীয় চৰকাৰে GST কাৰ্যকৰী কৰিছে নেকি। আজি সংসদত সেই বিষয়টো স্পষ্ট কৰি দিয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

  • Share this:
বেংকৰ চেক বুকত GST আছে নেকি? চৰকাৰে ATM লেনদেনৰ খৰচো বৃদ্ধি কৰিছে নেকি? সংসদত বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দি থকাৰ সময়তে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিছিল নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman)। সংসদত বিৰোধীয়ে উত্থাপন কৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে মোৰ চিন্তা হৈছে যে GST সম্পৰ্কে বহু ভুল ধাৰণা সমগ্ৰ দেশতে বিয়পি পৰিছে, ইয়াক স্পষ্ট কৰাৰ প্ৰয়োজন আছে।

সংসদত এটা প্ৰশ্ন উত্থাপন হৈছিল যে বেংকৰ পৰা গ্ৰাহকে লাভ কৰা চেক বুকত, কেন্দ্ৰীয় চৰকাৰে GST কাৰ্যকৰী কৰিছে নেকি। আজি সংসদত সেই বিষয়টো স্পষ্ট কৰি দিয়ে নিৰ্মলাই। তেওঁ কয়, "এয়া গ্ৰাহকৰ ওপৰত আৰোপ কৰা কৰ একেবাৰেই নহয়। বেংকে প্ৰিন্টিং কোম্পানীৰ পৰা কিনা চেকবুকত GST থাকে। ফলত বেংকে প্ৰিন্টিং কোম্পানীক ধন দিয়ে। কাৰণ প্ৰিন্টিং কোম্পানীয়ে, যিসকলে প্ৰিন্টিং কৰি আছে তেওঁলোকে চেকবুকখন, বজাৰৰ পৰা কাগজ, চিয়াঁহী কিনিব লাগিব, মেচিন কিনিব লাগিব, তেওঁলোকে এই সকলোবোৰৰ ওপৰত GST দি আছে, সেয়ে এই সিদ্ধান্ত।"

ইয়াৰ উপৰিও প্ৰতিমাহে ATMৰ পৰা গ্ৰাহকে কিমানবা বিনামূলীয়া লেনদেন কৰিব পাৰে সেই সন্দৰ্ভতো বিতৰ্কৰ সৃষ্টি হৈছে। বিত্তমন্ত্ৰী নিৰ্মলাই কয়, "চৰকাৰে স্পষ্ট কৰি দিছে যে একাউণ্ট থকা বেংকত গ্ৰাহকে সেই বেংকৰ ATMৰ পৰা প্ৰতিমাহে পাঁচটালৈকে বিনামূলীয়া লেনদেন কৰিব পাৰে আৰু তেওঁ আন বেংকৰ এটিএমৰ পৰাও প্ৰতিমাহে পাঁচটা লেনদেন বিনামূলীয়াকৈ  কৰিব পাৰে। মুঠ দহটা লেনদেন বিনামূলীয়াকৈ কৰিব পাৰে। মেট্ৰ' চহৰতো এই নিয়মটো আছে, কিন্তু কিছুমান ক্ষেত্ৰত তিনিটা লেনদেনৰ নিয়মো আছে। কিন্তু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত হেঁচা নিদিয়াকৈ লেনদেনৰ সংখ্যা পাঁচটাত ৰখা হৈছে।"
Published by:Manjumoni Borah
First published: