মুখ্যপৃষ্ঠা » খবৰ

» ব্যৱসায়

»হায় কপাল! অনলাইনত বিক্ৰী হৈছে ভাৰতৰ ‘খাটিয়া’, দাম মাত্র ৪১ হাজাৰ টকা, কিনিব নেকি

হায় কপাল! অনলাইনত বিক্ৰী হৈছে ভাৰতৰ ‘খাটিয়া’, দাম মাত্র ৪১ হাজাৰ টকা, কিনিব নেকি

Manjumoni Borah | News18-Assam
Updated:August 31, 2021, 8:18 PM IST
হায় কপাল! অনলাইনত বিক্ৰী হৈছে ভাৰতৰ ‘খাটিয়া’, দাম মাত্র ৪১ হাজাৰ টকা, কিনিব নেকি
এই খাটিয়াখনক একক আৰু স্বকীয় প্ৰডাক্টছৰ তালিকাত ৰখা হৈছে আৰু ভাৰতৰ বজাৰত ইয়াৰ দামৰ তুলনাত প্ৰায় ৪০ গুণ বেছি দাম লোৱা হৈছে। সাধাৰণতে ভাৰতত এনে এখন খাটিয়া ১০০০ টকাৰ আশে-পাশে পোৱা যায়। 

এই খাটিয়াখনক একক আৰু স্বকীয় প্ৰডাক্টছৰ তালিকাত ৰখা হৈছে আৰু ভাৰতৰ বজাৰত ইয়াৰ দামৰ তুলনাত প্ৰায় ৪০ গুণ বেছি দাম লোৱা হৈছে। সাধাৰণতে ভাৰতত এনে এখন খাটিয়া ১০০০ টকাৰ আশে-পাশে পোৱা যায়। 

  • Share this:
সমগ্ৰ বিশ্বত অনলাইন শ্বপিং এতিয়া ৰমৰমীয়া বেহা হৈ পৰিছে। সকোলতকৈ বেলেগ গিবা এটা কিনাৰ বাবে অনলাইনত দিন-ৰাতি গ্ৰাহকসকলে ছাৰ্চ কৰি ফুৰে। কোম্পানীবোৰেও নিত্য নতুন সামগ্ৰীৰে ভৰাই তোলে অনলাইন শ্বপিঙৰ দুনীয়া। পিছে ব্যতিক্ৰম কৰিবলৈ গৈ নিউজিলেণ্ডৰ অনলাইন সামগ্ৰী ব্যৱসায়িক মাধ্যম এটাই যি কৰিলে সি সকলো সীমা অতিক্ৰম কৰি গ'ল৷

ট্ৰেণ্ডৰ নামত, ভিণ্টেজ প্ৰডাক্টছ (vintage products)ৰ নামত ভাৰতৰ খাটিয়া বিক্ৰী হৈছে নিউজীলেণ্ডৰ এটা অনলাইন প্লেটফৰ্মত। আনাবেলে  (Annabelle) নামৰ ফাৰ্ণীচাৰ দোকানখনে বিক্ৰী কৰিছে ভাৰতৰ খাটিয়া। এই প্ৰডাক্টটোৰ তেওঁলোকে নাম দিছে ভিণ্টেজ ইণ্ডিয়ান ডে' বে'ড (Vintage Indian Day bed) ৷ ভাৰতত খাটিয়া বা চাৰপাই হিচাপে পৰিচিত আৰু অতি সাধাৰণ ব্যৱহাৰৰ বিছনাখনৰ নিউজীলেণ্ডৰ অনলাইন বজাৰত দাম নিৰ্ধাৰণ কৰা হৈছে ডলাৰ মূল্যত ৮০০ নিউজীলেণ্ড ডলাৰ আৰু ভাৰতীয় টকাৰ মূল্যত প্ৰায় ৪১,২১১ টকা।

উল্লেখ্য যে এই খাটিয়াখনক একক আৰু স্বকীয় প্ৰডাক্টছৰ তালিকাত ৰখা হৈছে। ভাৰতৰ স্থানীয় বজাৰত ইয়াৰ দামৰ তুলনাত প্ৰায় ৪০ গুণ বেছি দাম লোৱা হৈছে। সাধাৰণতে ভাৰতত এনে এখন খাটিয়া ১০০০ টকাৰ আশে-পাশে পোৱা যায়।

এই কোম্পানীটোৱে ভাৰতৰ লগতে চীন, ইণ্ডোনেছিয়া আদি ঠাইৰ পৰম্পৰাগত আচবাব বিদেশত অধিক দামত বিক্ৰী কৰে।
Published by: Manjumoni Borah
First published: August 31, 2021, 8:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি