• Home
  • »
  • News
  • »
  • business
  • »
  • LABANYA : বিশ্ব বজাৰত ভুমুকি মাৰিবলৈ সাজু মধুমেহ ৰোগীৰ বাবে অমৃত স্বৰূপ বেঙুনীয়া চাউল 'লাৱণ্য'

LABANYA : বিশ্ব বজাৰত ভুমুকি মাৰিবলৈ সাজু মধুমেহ ৰোগীৰ বাবে অমৃত স্বৰূপ বেঙুনীয়া চাউল 'লাৱণ্য'

আন্তঃৰাষ্ট্ৰীয় বজাৰত ভূমুকি মাৰিবলৈ সাজু হৈ উঠিছে তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণাগাৰে মধুমেহ ৰোগী (Diabetic Patient)ৰ বাবে উদ্ভাৱন কৰা বেঙুনীয়া চাউল 'লাৱণ্য' (LABANYA)ই।

আন্তঃৰাষ্ট্ৰীয় বজাৰত ভূমুকি মাৰিবলৈ সাজু হৈ উঠিছে তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণাগাৰে মধুমেহ ৰোগী (Diabetic Patient)ৰ বাবে উদ্ভাৱন কৰা বেঙুনীয়া চাউল 'লাৱণ্য' (LABANYA)ই।

আন্তঃৰাষ্ট্ৰীয় বজাৰত ভূমুকি মাৰিবলৈ সাজু হৈ উঠিছে তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণাগাৰে মধুমেহ ৰোগী (Diabetic Patient)ৰ বাবে উদ্ভাৱন কৰা বেঙুনীয়া চাউল 'লাৱণ্য' (LABANYA)ই।

  • Share this:
তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণাগাৰৰ সাফল্য। আন্তঃৰাষ্ট্ৰীয় বজাৰত ভূমুকি মাৰিবলৈ সাজু হৈ উঠিছে মধুমেহ ৰোগী (Diabetic Patient)ৰ বাবে গৱেষণা প্ৰতিষ্ঠানটোৱে উদ্ভাৱন কৰা বেঙুনীয়া চাউল 'লাৱণ্য' (LABANYA)ই।

অসমৰ কৃষকলৈ আশাপ্ৰদ বতৰা কঢ়িয়াই আনিছে অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University)ৰ অধীনস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই। আহোম ৰাজত্বৰ ইতিহাসসমৃদ্ধ তিতাবৰৰ বচাপথাৰত ১৯২৩ চনত প্ৰায় চাৰিশ বিঘা মাটি কালিৰে স্থাপন কৰা গৱেষণা কেন্দ্ৰটোৱে শতবৰ্ষত ভৰি দিয়াৰ সময়তে অসমৰ কৃষক সকলৰ বাবেও অযুত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।

ধান গৱেষণা কেন্দ্ৰটোৱে উদ্ভাৱন কৰা ৰঞ্জিত ধানৰ সঁচে দেশৰ চুকে-কোণে কৃষি ক্ষেত্ৰখনত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ পিছত এইবাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰতো প্ৰভূত্ব বিস্তাৰ কৰিব নতুনকৈ উদ্ভাৱিত বেঙুনীয়া চাউলে।

শতবৰ্ষ গৰকা কেন্দ্ৰটোৱে শেহতীয়াকৈ মধুমেহ ৰোগী সকলৰ প্ৰতি লক্ষ্য ৰাখি উদ্ভাৱন কৰা বেঙুনীয়া ৰঙৰ চাউল  (Purple Colour LABANYA) লাৱণ্য'ই বিশ্বৰ বজাৰত ভূমুকি মাৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। উচ্চ আঁহযুক্ত আৰু পৰিপুষ্টি গুণেৰে সমৃদ্ধ ডায়েবেটিছ অথবা মধুমেহ ৰোগীয়ে শংকাবিহীনভাৱে গ্ৰহণ কৰিব পৰা দীৰ্ঘদিনীয়া গৱেষণালব্ধ ফচল বেঙুনীয়া চাউলৰ সফলতাই অসমৰ কৃষি ক্ষেত্ৰখনত অৰ্থনৈতিকভাৱে বৈপ্লৱিক আন্দোলনৰ আঁৰত লুকাই আছে এদল অসমীয়া বিজ্ঞানীৰ নিৰলস সাধনা।

গৱেষণা কেন্দ্ৰটোত উদ্ভাৱিত বেঙুনীয়া চাউল (Purple Rice)ৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিব পৰাকৈ প্ৰয়োজন হোৱা সকলো চৰকাৰী নথি-পত্ৰৰ কাম ইতিমধ্যে সমাপন হৈছে। বৰ্তমানে লাৱণ্য'ৰ এক কেজি ওজনৰ  পেকেটিঙৰ কাম দ্ৰুতগতিত চলি আছে। কেৱল পেকেটত পদ্ধতিত উপলব্ধ হ'বলগীয়া প্ৰতিকেজি চাউলৰ দাম ৩৫০ টকা নিৰ্ধাৰণ কৰা বুলি অৱগত কৰিছে গৱেষণা কেন্দ্ৰটোৰ মুখ্য বিজ্ঞানী ড° সঞ্জয় চেতিয়াই।

চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত বেঙুনীয়া চাউলৰ বিশ্বমুখী যাত্ৰাৰ সহযোগী হ'ব এমাজন (Amazon) আৰু ফ্লিপকাৰ্ট (Flipkart) নামৰ অনলাইন প্ৰতিষ্ঠান দুটাও। ইতিমধ্যে দুয়োটা প্ৰতিষ্ঠানে তেওঁলোকৰ প্লেটফৰ্মত লাৱণ্য'ৰ বিক্ৰীৰ বাবে চুক্তি সম্পাদন কৰিছে।

গৱেষণা কেন্দ্ৰটোৰ মুখ্য বিজ্ঞানী ড° সঞ্জয় চেতিয়াৰ নেতৃত্বত এদল কৰ্মপটূ বিজ্ঞানীৰ নিৰন্তৰ সাধনাৰ ফচল অসমৰ কৃষিপথাৰত উৎপাদিত বেঙুনীয়া চাউলৰ বিশ্বমুখী যাত্ৰা নিঃসন্দেহে অসমৰ কৃষিক্ষেত্ৰৰ বাবে যুগান্তকাৰী বতৰা।
Published by:Manjumoni Borah
First published: