• Home
  • »
  • News
  • »
  • business
  • »
  • ভাৰতত ডায়েবেটিক ৰেটিন’পেথীৰ ব্যৱস্থাপনা - এক কঠিন কাৰ্য্য

ভাৰতত ডায়েবেটিক ৰেটিন’পেথীৰ ব্যৱস্থাপনা - এক কঠিন কাৰ্য্য

ভাৰতৰ স্থিৰ অৰ্থনৈতিক বিকাশে সাধাৰণতে ইয়াৰ লোকসকলৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰিছে। বিশেষকৈ চহৰ আৰু নগৰীয় কেন্দ্ৰসমূহ অধিক সমৃদ্ধ হৈ পৰিছে আৰু চহৰবাসীসকলৰ জীৱনশৈলী পশ্চিমীয়া দেশবোৰত তেওঁলোকৰ সমকক্ষসকলৰ সৈতে ক্ৰমান্বয়ে সাদৃশ্যপূৰ্ণ হৈ পৰিছে।

ভাৰতৰ স্থিৰ অৰ্থনৈতিক বিকাশে সাধাৰণতে ইয়াৰ লোকসকলৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰিছে। বিশেষকৈ চহৰ আৰু নগৰীয় কেন্দ্ৰসমূহ অধিক সমৃদ্ধ হৈ পৰিছে আৰু চহৰবাসীসকলৰ জীৱনশৈলী পশ্চিমীয়া দেশবোৰত তেওঁলোকৰ সমকক্ষসকলৰ সৈতে ক্ৰমান্বয়ে সাদৃশ্যপূৰ্ণ হৈ পৰিছে।

ভাৰতৰ স্থিৰ অৰ্থনৈতিক বিকাশে সাধাৰণতে ইয়াৰ লোকসকলৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰিছে। বিশেষকৈ চহৰ আৰু নগৰীয় কেন্দ্ৰসমূহ অধিক সমৃদ্ধ হৈ পৰিছে আৰু চহৰবাসীসকলৰ জীৱনশৈলী পশ্চিমীয়া দেশবোৰত তেওঁলোকৰ সমকক্ষসকলৰ সৈতে ক্ৰমান্বয়ে সাদৃশ্যপূৰ্ণ হৈ পৰিছে।

  • Share this:
ভাৰতৰ স্থিৰ অৰ্থনৈতিক বিকাশে সাধাৰণতে ইয়াৰ লোকসকলৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰিছে। বিশেষকৈ চহৰ আৰু নগৰীয় কেন্দ্ৰসমূহ অধিক সমৃদ্ধ হৈ পৰিছে আৰু চহৰবাসীসকলৰ জীৱনশৈলী পশ্চিমীয়া দেশবোৰত তেওঁলোকৰ সমকক্ষসকলৰ সৈতে ক্ৰমান্বয়ে সাদৃশ্যপূৰ্ণ হৈ পৰিছে। এই সমৃদ্ধি আৰু বিকাশৰ লগতে পুষ্টিহীনতা, অনুপযুক্ত অনাময় ব্যৱস্থা, অস্বাস্থ্যকৰ খাদ্য আৰু পানীৰ পৰা উদ্ভৱ হোৱা কেইবাটাও ৰোগ নিৰ্মূল হৈছে।

কিন্তু ইয়াৰ এটা বিপৰীত দিশো আছে। বৰ্ধিত সমৃদ্ধি, বৰ্ধিত নগৰীকৰণ, বহিৰাগত জীৱনশৈলী আৰু সমৃদ্ধ খাদ্যই সেইবোৰৰ সৈতে কেইবাটাও জীৱনশৈলীৰ লগত জড়িত ৰোগ লগত লৈ আহিছে। তাৰ ভিতৰত মুখ্যতঃ বিশেষকৈ শিশুৰ ক্ষেত্ৰত দেখিবলৈ পোৱা মেদবহুলতাৰ কথা কব পাৰি1। মেদবহুলতাই ইয়াৰ সৈতে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচৰ দৰে ৰোগ লগত আনিব পাৰে2।

ভাৰতত 2019 চনত ডায়েবেটিচত আক্ৰান্ত লোকৰ মুঠ সংখ্যা 77 নিযুত বুলি অনুমান কৰা হৈছিল, যাৰ ভিতৰত 43.9 নিযুত লোকৰ ৰোগ নিৰ্ণয় কৰা হোৱা নাছিল। বিশ্বব্যাপী প্ৰতি দুগৰাকী প্ৰাপ্তবয়স্ক লোকৰ ভিতৰত এজন ডায়েবেটিচত আক্ৰান্ত হৈ আছে (অত্যধিকভাৱে টাইপ 2 ডায়েবেটিচ, বয়স 20-79 বছৰ) যিসকলে তেওঁলোক এই ৰোগত আক্ৰান্ত বুলি অজ্ঞাত3।

এই সংখ্যাসমূহ আৰু অধিক বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে। আন্তৰ্জাতিক ডায়েবেটিচ ফেডাৰেচন এটলাচ 2019 অনুসৰি, ডায়েবেটিচত আক্ৰান্ত লোকৰ সংখ্যা 2030 চনত 101 নিযুত আৰু 2045 চনত 134 নিযুতলৈ বৃদ্ধি হ'ব3। যিখন দেশৰ চিকিৎসা সেৱা ইতিমধ্যে অতি দুৰ্বল হৈ আছে তেনেক্ষেত্ৰত এই বৰ্ধিত ৰোগীৰ সংখ্যা এক কঠিন বোজা হিচাপে প্ৰমাণিত হ'ব পাৰে। ডায়েবেটিচে ইয়াৰ সৈতে আন বহুতো জটিলতা আনে কিয়নো ই আমাৰ শৰীৰৰ প্ৰায় প্ৰতিটো অংগ প্ৰণালীকে প্ৰভাৱিত কৰে। ডায়েবেটিত আক্ৰান্ত হোৱা লোকসকলৰ বৃক্ক, ভৰি আৰু আনকি চকুৰ সমস্যা হোৱাৰো সম্ভাৱনা অধিক।
ডায়েবেটিচ সমগ্ৰ বিশ্বতে অন্ধত্বৰ পঞ্চম মুখ্য কাৰণ হৈ পৰিছে4। ডায়েবেটিক ৰেটিন’পেথী হৈছে সমগ্ৰ বিশ্বৰ ডায়েবেটিচত আক্ৰান্ত লোকসকলৰ মাজত দৃষ্টিশক্তিৰ দুৰ্বলতা আৰু অন্ধত্বৰ এটা মুখ্য কাৰণ3। ডায়েবেটিক ৰেটিন’পেথীক কৰ্মৰত বয়সৰ লোকসকলৰ মাজত অন্ধত্বৰ এক মুখ্য কাৰণ বুলি স্বীকৃতি দিয়া হয় যাৰ বিধ্বংসী ব্যক্তিগত আৰু আৰ্থ-সামাজিক পৰিণাম আছে3।
ইয়াক দৃষ্টিশক্তিৰ নীৰৱ চোৰ বুলিও জনা যায়: কোনো বিষ অনুভৱ নহয়। দৃষ্টিৰ কোনো পৰিৱৰ্তন দেখিবলৈ পোৱা নাযায়। কোনো শুংসূত্ৰ পোৱা নাযায়। দৰাচলতে, ভাৰতীয় ৰেটিনা চছাইটিৰ যুটীয়া সচিব ড০ মনীষা আগৰৱালাৰ মতে, প্ৰাৰম্ভিক লক্ষণসমূহৰ ভিতৰত এটা হৈছে পঢ়াৰ ক্ষেত্ৰত পোৱা এক নিৰন্তৰ অসুবিধা যিটো চশমা পৰিৱৰ্তন কৰিলেও আঁতৰি নাযায়। ইয়াৰ অৰ্থ হৈছে যে আপুনি যেতিয়া ইয়াৰ লক্ষণসমূহ দেখা আৰম্ভ কৰিব তেতিয়ালৈকে ইতিমধ্যে দৃষ্টিশক্তিৰ অপৰিৱৰ্তনীয় ক্ষতিসাধন হয়2। অৱশ্যে, এবাৰ ৰোগটো ধৰা পৰাৰ পিছত ডায়েবেটিক ৰেটিন’পেথীৰ ফলত দৃষ্টিশক্তি হ্ৰাস হোৱাটো সঠিক হস্তক্ষেপেৰে ইয়াৰ গতিপথত নোহোৱা কৰিব পাৰি5। ৰোগ নিৰ্ণয়ত চকু বিশেষজ্ঞৰ দ্বাৰা প্ৰদান কৰা ডায়েবেটিক ৰেটিন’পেথী চকু পৰীক্ষা অন্তৰ্ভুক্ত থাকে। ডায়েবেটিচত আক্ৰান্ত লোকসকলে বছৰি ডায়েবেটিক ৰেটিন’পেথীৰ বাবে নিজকে পৰীক্ষা কৰাব লাগে6।
সজাগতাৰ অভাৱ

ডায়েবেটিক ৰেটিন’পেথীয়ে ভাৰতত ডায়েবেটিচত আক্ৰান্ত প্ৰায় 18% লোকক প্ৰভাৱিত কৰে। সেয়া ডায়েবেটিচত আক্ৰান্ত হৈ থকা প্ৰতি 5 জন ৰোগীৰ ভিতৰত প্ৰায় 1 জন3। Netra Suraksha পদক্ষেপৰ চিজন 1-ত এক ঘূৰণীয়া মেজমেলত, নতুন দিল্লীৰ চেণ্টাৰ ফৰ চাইটৰ ভিৰ্ট্ৰিঅ'ৰেটিনেল আৰু ইউভিয়েল বিকাৰৰ সঞ্চালক ড০ দিনেশ তলৱাৰে এই কথাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিছিল যে মানুহে নাজানে যে তেওঁলোকে ডায়েবেটিক ৰেটিন’পেথীৰ বাবে প্ৰয়োজনীয় স্ক্ৰীণিংৰ বাবে ডাক্তৰৰ ওচৰলৈ নিয়মীয়াকৈ আহিব লাগে আৰু সেই সজাগতাৰ অভাৱেই সামাজিক স্তৰত ডায়েবেটিক ৰেটিন’পেথীৰ সৈতে যুঁজ দিয়াত এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। আপোনাৰ পৰিয়াল আৰু সামাজিক চক্ৰৰ ভিতৰত ডায়েবেটিচত আক্ৰান্ত যিকোনো লোকৰ বিষয়ে চিন্তা কৰক - আপুনি কেতিয়াবা ডায়েবেটিক ৰেটিন’পেথীৰ বিষয়ে কথা-বতৰা পাতিছে নেকি?

এইটো অতিকৈ গুৰুত্বপূৰ্ণ। ডায়েবেটিক ৰেটিন’পেথীয়ে 20-70 বছৰ বয়সৰ কৰ্মক্ষম বয়সৰ গোটৰ লোকসকলক মুখ্যতঃ প্ৰভাৱিত কৰে। ইয়াৰ অৰ্থ হৈছে যে যিবোৰ পৰিয়ালত প্ৰাথমিক উপাৰ্জনকাৰীজন ডায়েবেটিচত আক্ৰান্ত হোৱা ব্যক্তি হয়, সেই পৰিয়ালবোৰকো আৰ্থিকভাৱে অসুৰক্ষিত কৰি তোলা হয় যেতিয়া এনে লোকসকল ডায়েবেটিক ৰেটিন’পেথীত আক্ৰান্ত হয়। ভাল খবৰটো হৈছে ডায়েবেটিক ৰেটিন’পেথীৰ ফলত দৃষ্টি শক্তি হ্ৰাস হোৱাটো প্ৰধানকৈ প্ৰতিৰোধযোগ্য, যদিহে ৰোগটো আগতীয়াকৈ ধৰা পেলোৱা হয় আৰু ৰোগটো নিয়ন্ত্ৰণ কৰিবলৈ আক্ৰান্তসকলে তেওঁলোকৰ চিকিৎসকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে5।

Network18 য়ে Novartis ৰ সহযোগত ডায়েবেটিক ৰেটিন’পেথীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা লোকসকলৰ মাজত ডায়েবেটিক ৰেটিন’পেথীৰ বিষয়ে সজাগতা বিয়পাবলৈ 'Netra Suraksha' - India Against Diabetes পদক্ষেপ আৰম্ভ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে তথ্যপূৰ্ণ প্ৰবন্ধ আৰু ব্যক্তিগত পৰীক্ষা শিবিৰৰ জৰিয়তে ডায়েবেটিক ৰেটিন’পেথীৰ বিষয়ে সজাগতা বিয়পোৱা। আমি আশা কৰোঁ যে ডায়েবেটিচত আক্ৰান্ত হোৱা লোকসকলক এই বিপদমুখী অৱস্থাৰ বিষয়ে অৱগত কৰাৰ পিছত তেওঁলোকে নিজকে আৰু তেওঁলোকৰ প্ৰিয়জনক ডায়েবেটিক ৰেটিন’পেথী আৰু ডায়েবেটিচৰ বাবে নিয়মীয়াকৈ পৰীক্ষা কৰাৰ বাবে পদক্ষেপ ল'ব।

চিকিৎসকৰ অভাৱ

অৱশ্যে ভাৰতত ডায়েবেটিক ৰেটিন’পেথীৰ বিৰুদ্ধে এই যুঁজত পৰৱৰ্তী বাধা হৈছে প্ৰশিক্ষিত চকু বিশেষজ্ঞৰ অভাৱ। বৰ্তমান সময়ত ভাৰতত প্ৰায় 12000 চকু বিশেষজ্ঞ (প্ৰায় 3500 ৰেটিনা বিশেষজ্ঞ) আছে। ৰেটিনা বিশেষজ্ঞৰ অভাৱ বিশেষভাৱে তীব্ৰ - প্ৰতি 1.26 নিযুত লোকৰ মাজত মাত্ৰ 1 জন ৰেটিনা বিশেষজ্ঞ বিদ্যমান7। যেতিয়া আমি চকু বিশেষজ্ঞৰ সংখ্যা (12000) ডায়েবেটিচত আক্ৰান্ত লোকৰ সংখ্যাৰ সৈতে তুলনা কৰোঁ (2030 চনলৈ 100 নিযুতৰো অধিক লোক ডায়েবেটিচত আক্ৰান্ত হ'ব) তেতিয়া ডায়েবেটিচত আক্ৰান্ত প্ৰতি 8,333 জন লোকৰ বিপৰীতে এই সংখ্যা 1 জন চকু বিশেষজ্ঞলৈ হ্ৰাস পায়। ডায়েবেটিচত আক্ৰান্ত হোৱা লোকসকলে ডায়েবেটিক ৰেটিন’পেথীৰ বাবে বছৰি চকু পৰীক্ষা কৰাৰ প্ৰয়োজন হোৱাৰ কথা বিবেচনা কৰিলে ভাৰতত চিকিৎসকৰ দুখজনকভাৱে অভাৱ দেখিবলৈ পোৱা যায়।

এইটো এটা সমস্যা যাক আঁচনিৰ স্তৰতে সমাধান কৰিব লাগিব কিয়নো ইয়াত চাহিদা আৰু যোগানৰ মাজৰ ব্যৱধান সময়ৰ লগে লগে কেৱল বৃদ্ধিহে হ'ব। কৃত্ৰিম বুদ্ধিমত্তা চালিত ফাণ্ডাছ কেমেৰাৰ ব্যৱহাৰত আকৰ্ষণীয় বিকাশ ঘটিছে যিয়ে ডায়েবেটিক ৰেটিন’পেথীৰ স্ক্ৰীণিং স্বয়ংক্ৰিয় কৰে। এই প্ৰযুক্তিৰ বৰ্ধিত গ্ৰহণে চিকিৎসকৰ অভাৱ হ্ৰাস কৰাত সহায় কৰিব লাগে।

ৰোগৰ অৰ্থনীতি

কম বয়সীয়া লোকৰ ক্ষেত্ৰত ডায়েবেটিক ৰেটিন’পেথী ক্ৰমান্বয়ে বৃদ্ধি পাইছে কিয়নো কম বয়সৰ লোকৰ ক্ষেত্ৰত ডায়েবেটিচত (বিশেষকৈ টাইপ 2) আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আহিছে। যদিও দৃষ্টিশক্তি হেৰুওৱাৰ ফলত যিকোনো বয়সতে ব্যক্তি এজনৰ উপাৰ্জন ক্ষমতা ক্ষতিগ্ৰস্ত হয়, কিন্তু যেতিয়া ই সোনকালে হয় তেতিয়া ই তেওঁলোকৰ অৱসৰৰ পুঁজি গঢ়ি তোলাৰ সামৰ্থ্যক আঘাত কৰে। তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল সম্ভৱতঃ কম বয়সীয়া হয় (আৰু শিশুসকলে এতিয়াও অধ্যয়ন কৰি আছে) আৰু তেওঁলোকৰ উপাৰ্জন যথেষ্ট পৰিমাণে কম হয়। দৃষ্টিশক্তি হেৰুওৱাটোৱে ইয়াৰ সৈতে কেইবাটাও অপ্ৰত্যাশিত ব্যয় লৈ আনে। তাৰ ভিতৰত এজন পৰিচাৰকৰ প্ৰয়োজনীয়তা, পুনৰ্সংস্থাপন আৰু প্ৰশিক্ষণৰ ব্যয়, পুনৰ দক্ষতা ব্যয় ইত্যাদি উল্লেখযোগ্য।

অৱশ্যে আটাইতকৈ প্ৰত্যক্ষ ব্যয় হৈছে চিকিৎসাজনিত ব্যয়। যেতিয়া কোনো এজন লোকে দৃষ্টিশক্তিৰ প্ৰতি ভাবুকি থকা ডায়েবেটিক ৰেটিন’পেথীত আক্ৰান্ত হয় তেতিয়া লক্ষণসমূহ উপেক্ষা কৰা অতি কঠিন হৈ পৰে। ইয়াৰ পিছতে আহে চিকিৎসকৰ সৈতে কেইবাটাও সাক্ষাত, পৰীক্ষা-নিৰীক্ষা, মধ্যস্থতাকৰণ আৰু ঔষধ প্ৰয়োগৰ দ্বাৰা চিকিৎসাগ্ৰহণ। ব্যক্তিজন কোন ঠাইত বাস কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি ব্যয় বৃদ্ধি হ'বও পাৰে। যদি ৰোগী এখন মহানগৰত অৱস্থিত হয় তেন্তে চিকিৎসাৰ ব্যয় অত্যাধিক হ'ব পাৰে। যদি ৰোগীজন দেশৰ এখন সৰু চহৰ বা গ্ৰাম্য অংশত অৱস্থিত হয় তেনেহ'লে ব্যক্তিজনে এখন ডাঙৰ চহৰলৈ যাত্ৰা কৰিব লগা হ'ব পাৰে আৰু তেওঁলোকৰ চিকিৎসাৰ বিল ভ্ৰমণ আৰু থকা খোৱাৰ ব্যৱস্থাৰ ব্যয়ৰ সৈতে মাত্ৰাধিক হৈ পৰে।

এই ক্ষেত্ৰত বীমাই সহায় কৰিব পাৰে যদিহে লোক এজনৰ বীমাৰ নিৰ্ধাৰিত অপেক্ষাৰ সময়ৰ ভিতৰত ডায়েবেটিক ৰেটিন’পেথী বা ডায়েবেটিচ সম্পৰ্কীয় কোনো জটিলতাৰ সৃষ্টি নহয়। বেছিভাগ বীমাকৰ্তাই ডায়েবেটিচ সম্পৰ্কীয় জটিলতাৰ বাবে দীঘলীয়া অপেক্ষাৰ ম্যাদ (প্ৰায়ে বছৰ জুৰি) প্ৰৱৰ্তন কৰে। ডায়েবেটিচৰ বাবে থকা নিৰ্দিষ্ট বীমা আঁচনিসমূহত কোনোধৰণৰ অপেক্ষাৰ ম্যাদ নাথাকে কিন্তু সেইবোৰৰো কিছুমান অতিৰিক্ত নীতি-নিয়ম আছে। ইয়াৰ অৰ্থ হৈছে যে ব্যক্তিজনৰ ওচৰত ডায়েবেটিচত আক্ৰান্ত লোকসকলৰ বাবে প্ৰস্তুত কৰা বীমাৰ সামগ্ৰী থাকিলেও সেই বীমাই সকলো ব্যয় সামৰি ল'ব নোৱাৰে।

ডায়েবেটিচত আক্ৰান্ত লোকসকলৰ বাবে বীমাৰ ব্যয় কেৱল বৃদ্ধিহে হব। 2016 আৰু 2019 চনৰ ভিতৰত ডায়েবেটিচ ৰোগ সম্পৰ্কীয় বীমাৰ দাবীৰ সংখ্যা 120% বৃদ্ধি হৈছে। চূড়ান্ত ক্ষেত্ৰত আটাইতকৈ তীব্ৰ বৃদ্ধি হৈছে 20-30 বছৰ বয়সৰ লোকসকলৰ মাজত8। পৰম্পৰাগতভাৱে য'ত আমি এই প্ৰৱণতাসমূহ দেখিছোঁ তাত বীমাৰ প্ৰিমিয়াম অধিক ব্যয়বহুল হয়।

বেমাৰৰ প্ৰতিৰোধ ইয়াৰ নিৰাময়তকৈ ভাল

এই সকলোবোৰ প্ৰত্যাহ্বানৰ সৈতে ডায়েবেটিচত আক্ৰান্ত ব্যক্তি এজনে তেওঁলোকৰ দৃষ্টিশক্তিৰ ভালদৰে যত্ন ল'বলৈ কি কি কৰিব পাৰে? নতুন লোকসকলৰ বাবে: আপোনাৰ ৰক্ত শৰ্কৰাৰ স্ক্ৰীণিং কৰা আৰম্ভ কৰক আৰু উন্নত বিপাকীয় নিয়ন্ত্ৰণ প্ৰাপ্ত কৰিবলৈ আপোনাৰ চিকিৎসকৰ সৈতে কাম কৰক। ইয়াৰ অৰ্থ হৈছে কেইবাটাও দিশৰ ভালদৰে চোৱাচিতা কৰা, যেনে আপোনাৰ ৰক্তচাপ, চিৰাম লিপিডৰ স্তৰ, শৰীৰত খনিজ আৰু ভিটামিনৰ অভাৱ আৰু নিঃসন্দেহে আহাৰৰ গুৰুত্বপূৰ্ণ উপাদান, ব্যায়াম আৰু ওজন ব্যৱস্থাপনা5।

দ্বিতীয়তে, নিজৰ বাবে এক বীমা আঁচনি প্ৰাপ্ত কৰক যিখন বীমা ডায়েবেটিচত আক্ৰান্ত লোকসকলক সহায় কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। তাৰ পিছত বীমা আঁচনিখনত কি কি অন্তৰ্ভুক্ত আৰু বৰ্জন কৰা হৈছে সেই বিষয়ে নিজকে শিক্ষিত কৰক। বীমা আঁচনিখনৰ অপেক্ষাৰ ম্যাদ ভালদৰে বুজি লওক আৰু গোটেই আঁচনিখন ভালদৰে পঢ়ক। এতিয়া আপুনি যিমানেই জানিব তেতিয়া আপোনাৰ প্ৰয়োজনৰ সময়ত কিবা সিদ্ধান্ত লোৱাত সিমানেই ভাল হ'ব।

তৃতীয়তে, ডায়েবেটিক ৰেটিন’পেথীৰ স্ক্ৰীণিং কৰাৰ বাবে আপোনাৰ চকু বিশেষজ্ঞৰ সৈতে বাৰ্ষিক এপইণ্টমেণ্ট আগতীয়াকৈ নিৰ্দিষ্ট কৰি লওক আৰু ইয়াক কেতিয়াও বাদ নিদিব। প্ৰাৰম্ভিক পৰ্যায়ত ডায়েবেটিক ৰেটিন’পেথী লক্ষণহীন হয় আৰু আপুনি যিমান সোনকালে ইয়াক ধৰা পেলাব আপোনাৰ ৰোগৰ সম্ভাব্য গতিধাৰাৰ পূৰ্বানুমান ভাল হ'ব।

শেষত, ডায়েবেটিক ৰেটিন’পেথীৰ সৈতে সম্পৰ্কিত সকলোবোৰৰ বিষয়ে নিজকে শিক্ষিত কৰক। আৰম্ভ কৰাৰ বাবে এক ভাল স্থান হৈছে Netra Suraksha পদক্ষেপৰ ৱেবছাইট য'ত আপুনি এই বিষয়ৰ গভীৰ পেনেল আলোচনা, ভিডিঅ' আৰু জ্ঞান সমৃদ্ধ প্ৰবন্ধ বিচাৰি পাব। আপুনি নিজেই আপোনাৰ চেম্পিয়ন হওক আৰু আপোনাৰ পৰিচিত আনসকলকো তেওঁলোকৰ দৃষ্টিৰ বাবে চেম্পিয়ন হ'বলৈ উৎসাহিত কৰক।

তথ্যসূত্ৰ:



Countries in transition: underweight to obesity non-stop? Available at: https://journals.plos.org/plosmedicine/article?id=10.1371/journal.pmed.1002968 [Accessed 8 Sep 2022]
Patel SA, Ali MK, Alam D, Yan LL, Levitt NS, Bernabe-Ortiz A, Checkley W, Wu Y, Irazola V, Gutierrez L, Rubinstein A, Shivashankar R, Li X, Miranda JJ, Chowdhury MA, Siddiquee AT, Gaziano TA, Kadir MM, Prabhakaran D. Obesity and its Relation With Diabetes and Hypertension: A Cross-Sectional Study Across 4 Geographical Regions. Glob Heart. 2016 Mar;11(1):71-79.e4. Available at: https://www.ncbi.nlm.nih.gov/pmc/articles/PMC4843822/#:~:text=Every%20standard%20deviation%20higher%20of,%2C%20aged%2040%E2%80%9369%20years. [Accessed 25 Aug 2022]
IDF Atlas, International Diabetes Federation, 9th edition, 2019. Available at: https://diabetesatlas.org/atlas/ninth-edition/ [Accessed 5 Aug 2022]
Pandey SK, Sharma V. World diabetes day 2018: Battling the Emerging Epidemic of Diabetic Retinopathy. Indian J Ophthalmol. 2018 Nov;66(11):1652-1653. Available at:
https://www.ncbi.nlm.nih.gov/pmc/articles/PMC6213704/ [Accessed 5 Aug 2022]
Complications of Diabetes. Available at: https://www.diabetes.org.uk/guide-to-diabetes/complications [Accessed 3 Aug 2022]
Raman R, Ramasamy K, Rajalakshmi R, Sivaprasad S, Natarajan S. Diabetic retinopathy screening guidelines in India: All India Ophthalmological Society diabetic retinopathy task force and Vitreoretinal Society of India Consensus Statement. Indian J Ophthalmol [serial online] 2021;69:678-88. Available at: https://www.ijo.in/text.asp?2021/69/3/678/301576 [Accessed 6 Sep 2022]
Vashist P, Senjam SS, Gupta V, Manna S, Gupta N, Shamanna BR, Bhardwaj A, Kumar A, Gupta P. Prevalence of diabetic retinopahty in India: Results from the National Survey 2015-19. Indian J Ophthalmol. 2021 Nov;69(11):3087-3094. Available at: https://www.ncbi.nlm.nih.gov/pmc/articles/PMC8725073/ [Accessed 5 Aug 2022]
Diabetes health insurance is expensive. Here's a 4-point guide to manage related costs Available at: https://economictimes.indiatimes.com/wealth/insure/health-insurance/diabetes-health-insurance-is-expensive-heres-a-4-point-guide-to-manage-related-costs/articleshow/71982198.cms?utm_source=contentofinterest&utm_medium=text&utm_campaign=cppst [Accessed on 5th, August, 2022]
First published: