• Home
  • »
  • News
  • »
  • business
  • »
  • গৰ্ভধাৰণ, ডায়েবেটিচ আৰু আপোনাৰ চকুযুৰিৰ মাজত থকা কৌতূহলপূৰ্ণ সম্পৰ্ক

গৰ্ভধাৰণ, ডায়েবেটিচ আৰু আপোনাৰ চকুযুৰিৰ মাজত থকা কৌতূহলপূৰ্ণ সম্পৰ্ক

আপুনি যেতিয়াই আপোনাৰ চিকিৎসকৰ ওচৰলৈ যায় তেতিয়া চিকিৎসকে আপোনাক অৱশ্যেই সোধে যে আপোনাৰ ডায়েবেটিচ বা উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি?

আপুনি যেতিয়াই আপোনাৰ চিকিৎসকৰ ওচৰলৈ যায় তেতিয়া চিকিৎসকে আপোনাক অৱশ্যেই সোধে যে আপোনাৰ ডায়েবেটিচ বা উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি?

আপুনি যেতিয়াই আপোনাৰ চিকিৎসকৰ ওচৰলৈ যায় তেতিয়া চিকিৎসকে আপোনাক অৱশ্যেই সোধে যে আপোনাৰ ডায়েবেটিচ বা উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি?

  • Share this:
আপুনি যেতিয়াই আপোনাৰ চিকিৎসকৰ ওচৰলৈ যায় তেতিয়া চিকিৎসকে আপোনাক অৱশ্যেই সোধে যে আপোনাৰ ডায়েবেটিচ বা উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি? চিকিৎসকে এইটো সোধাৰ কাৰণ হ'ল ই আমাৰ শৰীৰৰ প্ৰায় প্ৰতিটো প্ৰণালীকে প্ৰভাৱিত কৰে। আন্তৰ্জাতিক ডায়েবেটিচ ফেডাৰেশ্যন এটলাচ 2019-এ অনুমান কৰিছিল যে 20191 চনলৈকে ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ মাজত প্ৰায় 77 নিযুত ডায়েবেটিচত ভুগি থকা ৰোগী আছে।

কিন্তু যেতিয়া বেছিভাগ লোকে ডায়েবেটিচৰ কথা চিন্তা কৰে তেতিয়া তেওঁলোকে টাইপ 1 (অট'ইম্যুন) ডায়েবেটিচ আৰু টাইপ 2 (প্ৰাপ্তবয়স্ক-আৰম্ভণি বা আহাৰ সম্পৰ্কীয়) ডায়েবেটিচৰ কথা ভাবে। কিন্তু এক তৃতীয় প্ৰকাৰৰ ডায়েবেটিচ আছে যিটো প্ৰায়ে একেধৰণে পৰীক্ষা কৰা নহয়। সেয়া হৈছে গৰ্ভাৱস্থাৰ ডায়েবেটিচ। গৰ্ভাৱস্থাৰ ডায়েবেটিচ তেতিয়া ধৰা পৰে যেতিয়া আগতে কেতিয়াও ডায়েবেটিচৰ কোনো লক্ষণ প্ৰদৰ্শন নকৰা মহিলা এগৰাকীৰ গৰ্ভধাৰণৰ সময়ত ডায়েবেটিচ হয়2।

গৰ্ভধাৰণৰ ডায়েবেটিচ আৰু ডায়েবেটিক ৰেটিন’পেথী

গৰ্ভধাৰণৰ সময়ত এগৰাকী মহিলাৰ শৰীৰৰ ভিতৰত বহুতো ঘটনা ঘটে আৰু ডায়েবেটিচে শৰীৰে নিজকে নিয়ন্ত্ৰণ কৰাৰ পদ্ধতিত হস্তক্ষেপ কৰে। যদিহে নিয়ন্ত্ৰণ বা চিকিৎসা কৰা নহয় তেনেহ'লে গৰ্ভাৱস্থাৰ ডায়েবেটিচে গৰ্ভধাৰণৰ সময়ত আৰু তাৰ পিছত মাতৃ আৰু শিশু দুয়োৰে ক্ষতি কৰিব পাৰে। উদাহৰণ স্বৰূপে, গৰ্ভাৱস্থাৰ ডায়েবেটিচ গৰ্ভাৱস্থাৰ সময়ত উচ্চ ৰক্তচাপৰ সৈতে সম্পৰ্কিত যিয়ে প্ৰসৱৰ সময়ত এগৰাকী মহিলাৰ ষ্ট্ৰ’ক বা তেজ গোট মৰাৰ আশংকা বৃদ্ধি কৰে। অপৰিচালিত বা চিকিৎসা নকৰা গৰ্ভাৱস্থাৰ ডায়েবেটিচৰ ফলত কেঁচুৱাটোৰ জন্মৰ সময়ত ৰক্ত শৰ্কৰা কম হ'ব পাৰে3।

চিন্তাৰ আন এটা কাৰণ হৈছে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত হোৱা ডায়েবেটিক ৰেটিন’পেথী4। ডায়েবেটিক ৰেটিন’পেথী হৈছে এক চকুৰ সমস্যা যাৰ ফলত দৃষ্টিশক্তি হ্ৰাস হ'ব পাৰে আৰু যদি চিকিৎসা কৰা নহয় তেনেহ'লে আনকি সম্পূৰ্ণৰূপে দৃষ্টিশক্তি নোহোৱা হ'ব পাৰে। ডায়েবেটিচৰ ফলত ৰেটিন’পেথী হয় কিয়নো উচ্চ ৰক্ত শৰ্কৰাই – যি হৈছে ডায়েবেটিচৰ চালক – আপোনাৰ চকুৰ পিছফালৰ ৰেটিনাক সমৰ্থন কৰি থকা ক্ষুদ্ৰ ৰক্ত নলীবোৰ ক্ষতিগ্ৰস্ত কৰে। সময়ৰ লগে লগে সেই ক্ষতিৰ ফলত ৰক্তনলীবোৰৰ পৰা ৰক্তক্ষৰণ হ'ব পাৰে, তৰল নিগৰিব পাৰে, আৰু ৰক্তনলীবোৰ অৱৰুদ্ধ হ'ব পাৰে5। আটাইতকৈ বেয়া কথাটো হ'ল গৰ্ভাৱস্থাৰ ডায়েবেটিচত ডায়েবেটিক ৰেটিন’পেথীৰ প্ৰচলন 10% ৰ পৰা 27% -ৰ ভিতৰত বুলি জনা গৈছে6।

কথাবোৰ যথেষ্ট ভয়লগা নহয়নে? কিন্তু যদি আপুনি টাইপ 1 বা টাইপ 2 ডায়েবেটিচ থকা ব্যক্তি হয় আৰু গৰ্ভৱতী হয় তেন্তে কি হ'ব? 1922 চনত ইনচুলিন উপলব্ধ হোৱাৰ আগতে ডায়েবেটিচ থকা ব্যক্তিসকলৰ মাজত গৰ্ভধাৰণৰ জটিলতাৰ আশংকা অতি বেছি আছিল6। যদিও ডায়েবেটিক ৰেটিন’পেথীৰ ওপৰত গৰ্ভধাৰণৰ কোনো দীৰ্ঘম্যাদী প্ৰভাৱ নাথাকে তথাপি 50%-70% ক্ষেত্ৰত ৰেটিন’পেথীৰ প্ৰগতিৰ পৰিৱৰ্তন হয়। অৱনতি ঘটাৰ আটাইতকৈ ডাঙৰ বিপদাশংকা দ্বিতীয়টো ত্ৰিমাসিকত হয় আৰু সেয়া প্ৰসৱৰ পিছত 12 মাহলৈকে থাকে7।

কাৰ কাৰ বিপদাশংকা আছে?

গৱেষণাই দেখুৱাইছে যে টাইপ 1 ডায়বেটিচ থকা মহিলাসকলৰ বিপদাশংকা অধিক। ইণ্ডিয়ান জাৰ্নেল অফ অপথালম'লজীত প্ৰকাশিত এক গৱেষণা অনুসৰি প্ৰথম পৰীক্ষাত টাইপ 1 ডায়েবেটিচ থকা মহিলাৰ ক্ষেত্ৰত ডায়েবেটিক ৰেটিন’পেথীৰ প্ৰচলন আছিল 57%-62% আৰু টাইপ 2 ডায়বেটিচ থকা মহিলাৰ ক্ষেত্ৰত সেয়া আছিল 17%-28%4।

টাইপ 2 ডায়বেটিচত গৰ্ভধাৰণৰ আৰম্ভণিতে ডায়েবেটিক ৰেটিন’পেথীৰ প্ৰচলন 14% বুলি জনা গৈছে আনহাতে টাইপ 1 ডায়বেটিচত এই পৰিসৰ 34% ৰ পৰা 72%ৰ ভিতৰত হয়। যদি আপুনি ডায়েবেটিচত আক্ৰান্ত এগৰাকী মহিলা হয় তেনেহ'লে আপোনাৰ চিকিৎসকক আপোনাৰ গৰ্ভধাৰণৰ বিভিন্ন স্তৰত ডায়েবেটিক ৰেটিন’পেথীৰ পৰীক্ষা কৰিবলৈ কওঁক4।

বৰ্তমান সময়ত ডায়েবেটিচত আক্ৰান্ত নোহোৱা ব্যক্তি এজনৰ দৰেই ডায়েবেটিত আক্ৰান্ত বেছিভাগ ব্যক্তিৰ এক সুৰক্ষিত গৰ্ভধাৰণ আৰু জন্ম হ'ব পাৰে। এই উন্নতি মুখ্যতঃ ভাল ৰক্ত শৰ্কৰা (চেনী) প্ৰৱন্ধনৰ বাবে হয় যাৰ বাবে আহাৰৰ প্ৰতি নিষ্ঠা, সঘনাই দৈনিক ৰক্ত শৰ্কৰা নিৰীক্ষণ আৰু সঘনাই ইনচুলিন সমন্বয়ৰ প্ৰয়োজন4।

আপুনি আপোনাৰ ডায়েবেটিক ৰেটিন’পেথীৰ বিপদাশংকা কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰে?

বেছিভাগ ৰোগৰ দৰে ডায়েবেটিক ৰেটিন’পেথীৰ প্ৰতিৰোধ আৰু চিকিৎসা প্ৰতিৰোধমূলক পৰীক্ষাৰ সৈতে আৰম্ভ হয়। আপোনাৰ প্ৰাথমিক যত্ন চিকিৎসক বা প্ৰসূতি-স্ত্ৰীৰোগ বিশেষজ্ঞই আপোনাক গৰ্ভাৱস্থাৰ ডায়েবেটিচৰ বাবে পৰীক্ষা কৰা উচিত7। যদি আপোনাৰ ফলাফল ইতিবাচক

আহে তেনেহ'লে আপুনি বিস্তাৰিত চকু পৰীক্ষাৰ বাবে আপোনাৰ চকুচিকিৎসকৰ ওচৰলৈ যোৱা উচিত।
ডায়েবেটিক ৰেটিন’পেথীয়ে সাধাৰণতে প্ৰাৰম্ভিক পৰ্যায়ত কোনো সকীয়নি বা লক্ষণ প্ৰদৰ্শন নকৰে, কিন্তু ইয়াক আগবাঢ়ি যোৱাৰ পৰা ৰক্ষা কৰিবলৈ ইয়াক আগতীয়াকৈ ধৰা পেলোৱাটো হৈছে সৰ্বশ্ৰেষ্ঠ আৰু একমাত্ৰ উপায়5।

যিহেতু এই বিপদাশংকাটোৰ বিষয়ে জনসাধাৰণ ভালদৰে অৱগত নহয় হেয়েহে Network18-য়ে Novartis ৰ সহযোগত ডায়েবেটিক ৰেটিন’পেথী, ই আপোনাৰ দৃষ্টিশক্তিৰ বাবে সৃষ্টি কৰা বিপদাশংকা আৰু ডায়েবেটিক ৰেটিন’পেথীৰ বাবে দৃষ্টিশক্তি হেৰুওৱা প্ৰতিহত কৰাৰ বহুতো উপায়ৰ বিষয়ে সজাগতা আনিবলৈ 'Netra Suraksha' - India Against Diabetes পদক্ষেপ আৰম্ভ কৰিছে। এই পদক্ষেপটোৱে সমগ্ৰ দেশতে কেইবাটাও অনগ্ৰাউণ্ড সজাগতা শিবিৰ পৰিচালনা কৰিব।

ডায়েবেটিক ৰেটিন’পেথী আৰু ই আপোনাক আৰু আপোনাৰ প্ৰিয়জনক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়ে অধিক জানিবলৈ, দৰ্শন কৰক (https://www.news18.com/netrasuraksha/)। Netra Suraksha পদক্ষেপৰ বিষয়ে অধিক আপডেটৰ বাবে News18.com অনুসৰণ কৰক আৰু ডায়েবেটিক ৰেটিন’পেথীৰ বিৰুদ্ধে ভাৰতৰ যুঁজত নিজকে অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তুত হওঁক।

তথ্যসূত্ৰ:

Pradeepa R, Mohan V. Epidemiology of type 2 diabetes in India. Indian J Ophthalmol. 2021 Nov;69(11):2932-2938.

Gestational Diabetes. Available [online] at URL: https://www.mayoclinic.org/diseases-conditions/gestational-diabetes/symptoms-causes/syc-20355339. Accessed on August 3rd 2022.
Gestational diabetes and Pregnancy. Available [online] at URL: https://www.cdc.gov/pregnancy/diabetes-gestational.html. Accessed on August 3rd 2022.
Chandrasekaran PR, Madanagopalan VG, Narayanan R. Diabetic retinopathy in pregnancy - A review. Indian J Ophthalmol 2021;69:3015-25
Diabetic Retinopathy. Available [online] at URL: https://www.nei.nih.gov/learn-about-eye-health/eye-conditions-and-diseases/diabetic-retinopathy. Accessed on August 3rd 2022.
Patient education: Care during pregnancy for patients with type 1 or 2 diabetes (Beyond the Basics). Available [online] at URL: https://www.uptodate.com/contents/care-during-pregnancy-for-patients-with-type-1-or-2-diabetes-beyond-the-basics. Accessed on August 3rd 2022.
Mallika P, Tan A, S A, T A, Alwi SS, Intan G. Diabetic retinopathy and the effect of pregnancy. Malays Fam Physician. 2010 Apr 30;5(1):2-5.
First published:

শেহতীয়া বাতৰি