কোটিপতি হোৱাৰ ইচ্ছা স্বাভাৱিকতে সকলোৰে থাকে। কিন্তু ইয়াৰ কোনো ছৰ্টকাট নাই। বেছিভাগ বিশেষজ্ঞই এইদৰে কয়। কিন্তু সঠিক পথ আৰু চিন্তাৰে আগবাঢ়িলে এটা সুযোগ থাকে সকলোৰে বাবে। যদি আপুনি সঠিক সময়ত আপোনাৰ ধন বিনিয়োগ কৰে, আপুনি সহজে কোটিপতি হ'ব পাৰে।
দীৰ্ঘম্যাদী বিনিয়োগ কৰি ভাল লাভ কৰিবলৈ আগ্ৰহী বিনিয়োগকাৰীসকলৰ বাবে মিউচুৱেল ফাণ্ড SIP হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প। SIP ৫ বছৰৰ পৰা ৭ বছৰলৈকে বিনিয়োগৰ বাবে উপযুক্ত প্ৰকল্প হিচাপে গণ্য কৰা হয়। বিনিয়োগকাৰীৰ ক্ষমতা আৰু লক্ষ্য অনুসৰি SIP বাছনি কৰি বিনিয়োগ আৰম্ভ কৰিব লাগিব। মিউচুৱেল ফাণ্ড SIP বাছনি কৰাৰ আগতে সেই পুঁজিৰ বৰ্তমানৰ প্ৰদৰ্শন আৰু পূৰ্বৱৰ্তী ত্ৰৈমাসিক ৰিটাৰ্নৰ বিষয়ে বিতংকৈ জানি লোৱা উচিত। আঁচনিবোৰত কোনো বিপদাশংকা নাই বুলি উল্লেখ কৰিলেও সেয়া একেবাৰে সঁচা নহয়। সকলো বিনিয়োগতে সৰু-ডাঙৰ ৰিস্ক থাকে। SIP মানে ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন। জানি লওক কেনেদৰে SIPত ১০০০ টকা বিনিয়োগ কৰি আপুনি কোটিপতি হ'ব পাৰে। কিমান সময় লাগিব?
গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি কিমান দিনত ১০০০ টকাকৈ বিনিয়োগ কৰি কোটিপতি হ'ব পাৰে। যিহেতু বিনিয়োগৰ পৰিমাণ অলপ কম, গতিকে অলপ বেছি সময় লাগিব। ধৰি লওক মিউচুৱেল ফাণ্ডে প্ৰতিবছৰে একেৰাহে ১৫ শতাংশ ঘূৰাই দিছে। যদি আপুনি ৩৩ বছৰৰ বাবে নিৰন্তৰ ১০০০ টকা বিনিয়োগ কৰে, তেন্তে আপোনাৰ মুঠ বিনিয়োগ হ'ব ৩.৯৬ লাখ টকা। কিন্তু কম্পাউণ্ডিং ইণ্টাৰেষ্ট ৰূপে আপুনি ৰিটাৰ্ন ৰূপে লাভ কৰিব প্ৰায় ১.০৬ কোটি টকা।