যদি আপুনি শ্বেয়াৰ বজাৰত (Stock market) বিনিয়োগ কৰিব বিচাৰে, আপুনি পেনি ষ্টক (Penny stock)ত বিনিয়োগ কৰিব পাৰে। আজিকালি পেনি ষ্টকছে ইয়াৰ বিনিয়োগকাৰীসকলক মাল্টিবেগাৰ ৰিটাৰ্ণ (Multibagger stock return) প্ৰদান কৰিছে। উল্লেখ্য যে পেনি ষ্টকবোৰ হৈছে এনেধৰণৰ ষ্টক (What is penny stock) যিবোৰ অতি সস্তা আৰু যাৰ বজাৰ মূল্য কম। আজি আমি আপোনালোকক এটা ষ্টকৰ বিষয়ে কৈছোঁ য'ত অতি কম সময়ৰ ভিতৰত ধন বিনিয়োগ কৰি কোটিপতি হৈ পৰিছে লোক।
ফাৰ্মা, বাল্ক ড্ৰাগ আৰু সুগন্ধিৰ দৰে খণ্ডত ব্যৱসায় কৰি থকা ভাৰত ৰসায়নৰ (Bharat Rasayan)ৰ। ভাৰত ৰসায়নৰ ষ্টকছে ২০ বছৰত ইয়াৰ অংশীদাৰসকলক ৪০,০০০ শতাংশতকৈও অধিক লাভ দিছে। ২০ বছৰ আগতে ভাৰত ৰসায়নত বিনিয়োগ কৰা ২৫,০০০ টকাৰ শ্বেয়াৰ আজিৰ তাৰিখত কোটি টকা মূল্যৰ হৈ পৰিছে।
ভাৰত ৰাসায়নৰ ষ্টক (Bharat Rasayan Stock)ৰ ইতিহাস চালে দেখা যায় যে কোম্পানীটোৰ ষ্টক ১২ নৱেম্বৰ, ২০০১ তাৰিখে NSE-ত 22 টকাত বন্ধ হৈছিল আৰু 2021 চনৰ ১৫ নৱেম্বৰত ভাৰত ৰসায়নৰ শ্বেয়াৰ ১০,১০০ টকাত বন্ধ হৈছিল। যদি এজন বিনিয়োগকাৰীয়ে ২০০১ চনৰ ১২ নৱেম্বৰত ভাৰত ৰাসায়নৰ ষ্টকত ২৫,০০০ টকা বিনিয়োগ কৰিছিল, তেন্তে তেওঁ আজি ১.১৪ কোটি টকা ৰিটাৰ্ণ লাভ কৰিলেহেঁতেন। আনহাতে, যদি এজন বিনিয়োগকাৰীয়ে ২০০১ চনৰ ১২ নৱেম্বৰত এই ৰাসায়নিক ষ্টকত ১ লাখ টকা বিনিয়োগ কৰিছিল, তেন্তে আজি এই ধন ৪.৫ কোটি টকালৈ বৃদ্ধি হ'লহেঁতেন। যদিহে সেই বিনিয়োগ আপুনি অটুট ৰাখে।
লকডাউনৰ কাৰণে কোম্পানীটোৰ একত্ৰিত লাভ অলপ হ্ৰাস পাইছে যদিও ইয়াৰ প্ৰদৰ্শন ভালেই আছে। চলিত বিত্তীয় বৰ্ষৰ জুলাই-ছেপ্টেম্বৰ তিনিমাহত কোম্পানীটোৰ একত্ৰিত লাভ ৩৫.৪ শতাংশ হ্ৰাস হৈ ৩৫.২৭ কোটি টকা হৈছে, যি যোৱা বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ৫৪ কোটি টকা আছিল। যোৱা বছৰটোত কোম্পানীটোৰ ষ্টকৰ প্ৰদৰ্শন যথেষ্ট উৎসাহজনক আছিল।
Published by: Manjumoni Borah
FIRST PUBLISHED : November 16, 2021, 11:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|