ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে সোমবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভাত কয় যে, “ডিজিটেল প্লেটফৰ্মে দেশৰ বিভিন্ন প্ৰান্তৰ শ্বেয়াৰহোল্ডাৰসকলক বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰাৰ এক উপায় সৃষ্টি কৰিছে। অহা বছৰ আমি এটা হাইব্ৰিড মোডলৈ সলনি কৰাত সফল হ’ম বুলি আশা কৰিছো যিটো দুয়োটা মোডৰ সৰ্বোত্তম সংমিশ্ৰণ হ’ব।"
নিয়োগৰ সম্পৰ্কে উল্লেখ কৰি তেওঁ কয় যে, “নিয়োগ প্ৰদানৰ ক্ষেত্ৰত ৰিলায়েন্সে এক নতুন অভিলেখ গঢ়িছে।” কোম্পানীটোৱে নিজৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানতে ২.৩২ লাখ চাকৰি প্ৰদান কৰিছে আৰু বৰ্তমান ৰিলায়েন্সে দেশৰ ভিতৰতে সৰ্বাধিক চাকৰি দিছে।
মুকেশ আম্বানীয়ে কয় যে "Jio 5G য়ে ১০ কোটিৰো অধিক ঘৰক অতুলনীয় ডিজিটেল অভিজ্ঞতা আৰু স্মাৰ্ট হোম সমাধানৰ সৈতে সংযোগ কৰিব। আমি লাখ লাখ ক্ষুদ্ৰ উদ্যোগী আৰু ক্ষুদ্ৰ ব্যৱসায়ীক নতুন উচ্চতালৈ লৈ যাম, ক্লাউডৰ পৰা প্ৰদান কৰা অত্যাধুনিক, প্লাগ-এণ্ড-প্লে সমাধানৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰিম।”
মুকেশ আম্বানীয়ে লগতে কয়, ‘আমাৰ কোম্পানীয়েই হৈছে দেশৰ প্ৰথমটো কৰ্প’ৰেট প্ৰতিষ্ঠান যিয়ে বাৰ্ষিক এক বিলিয়ন ডলাৰৰ ৰাজহ অতিক্ৰম কৰিছে। ৰিলায়েন্সৰ সমন্বিত ৰাজহ ৪৭ শতাংশ বৃদ্ধি পাই ৭.৯৩ লাখ কোটি টকা অৰ্থাৎ ১০৪.৬ কোটি ডলাৰ হৈছেগৈ।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|