• Home
  • »
  • News
  • »
  • business
  • »
  • Earn Money: ১লাখ টকাৰে আৰম্ভ কৰিব পাৰে এই ব্যৱসায়, ৪ মাহত উপাৰ্জন কৰিব পাৰিব ৮ লাখ টকা, চৰকাৰেও কৰিব সহায়,

Earn Money: ১লাখ টকাৰে আৰম্ভ কৰিব পাৰে এই ব্যৱসায়, ৪ মাহত উপাৰ্জন কৰিব পাৰিব ৮ লাখ টকা, চৰকাৰেও কৰিব সহায়,

Earn Money: দুৰ্গা প্ৰসাদে নেডাৰলেণ্ডৰ পৰা ৭২,০০০ টকাৰ বীজ অৰ্ডাৰ কৰিছিল। বীজ ৰোপণ কৰাৰ ৪ মাহ পিছত, তেওঁ ৮ লাখ টকাৰ তিয়ঁহ বিক্ৰী কৰিছিল।

Earn Money: দুৰ্গা প্ৰসাদে নেডাৰলেণ্ডৰ পৰা ৭২,০০০ টকাৰ বীজ অৰ্ডাৰ কৰিছিল। বীজ ৰোপণ কৰাৰ ৪ মাহ পিছত, তেওঁ ৮ লাখ টকাৰ তিয়ঁহ বিক্ৰী কৰিছিল।

Earn Money: দুৰ্গা প্ৰসাদে নেডাৰলেণ্ডৰ পৰা ৭২,০০০ টকাৰ বীজ অৰ্ডাৰ কৰিছিল। বীজ ৰোপণ কৰাৰ ৪ মাহ পিছত, তেওঁ ৮ লাখ টকাৰ তিয়ঁহ বিক্ৰী কৰিছিল।

  • Share this:
যদি আপুনি অধিক ইনকাম কৰিব বিচাৰে আৰু নিজৰ কোনো ব্যৱসায় আৰম্ভ কৰিব বিচাৰে (How to start own business) তেন্তে আপুনি আৰম্ভ কৰিব পাৰে এইটো ব্যৱসায়। এইটো এটা সুন্দৰ আৰু উপযোগী বিজনেছ আইডিয়া (Business Idea) যাৰ সহায়ত আপুনি সামন্য পৰিমাণৰ বিনিয়োগ কৰি (Business at small level investment) উপাৰ্জন কৰিব পাৰে লাখ লাখ টকা। এই বিজনেছ আইডিয়াটো হৈছে তিয়ঁহৰ খেতি (Cucumber Farming) । তিয়ঁহৰ খেতি কৰি আপুনি মাহে উপাৰ্জন কৰিব পাৰে লাখ লাখ টকা।

তিয়ঁহৰ উৎপাদন আৰম্ভ কৰি লাখ টকা উপাৰ্জন কৰক

৬০ৰ পৰা ৮০ দিনৰ ভিতৰত তিয়ঁহ বিক্ৰী কৰিব পৰা হয়। সাধাৰণতে গ্ৰীষ্মকালত তিয়ঁহৰ খেতি হয়। কিন্তু বৰষুণৰ বতৰতো তিয়ঁহৰ খেতি ভাল হয়। সকলো ধৰণৰ মাটিত তিয়ঁহ খেতি কৰিব পাৰি। তিয়ঁহ খেতিৰ বাবে মাটিৰ পি.এইছ. ৫.৫ ৰ পৰা ৬.৮ ভাল বুলি গণ্য কৰা হয়। নদী আৰু পুখুৰীৰ পাৰতো তিয়ঁহ খেতি কৰিব পাৰি।

চৰকাৰৰ পৰা ৰাজসাহায্যৰ সৈতে ব্যৱসায় আৰম্ভ কৰক

চৰকাৰৰ পৰা ৰাজসাহায্য লৈও তিয়ঁহৰ খেতি কৰিব পাৰি। উত্তৰ প্ৰদেশৰ এজন কৃষক দুৰ্গা প্ৰসাদে তিয়ঁহ খেতি কৰি মাত্ৰ ৪ মাহত ৮ লাখ টকা উপাৰ্জন কৰিছিল। তেওঁ পথাৰত নেডাৰলেণ্ডৰ পৰা অনা তিয়ঁহৰ বীজ ৰোপণ কৰিছিল।

উল্লেখ্য যে এই প্ৰজাতিৰ তিয়ঁহত বীজ নাথাকে। ফলস্বৰূপে ডাঙৰ হোটেল আৰু ৰেষ্টুৰেণ্টত এইবিধ তিয়ঁহৰ চাহিদা অধিক। দুৰ্গা প্ৰসাদে নেডাৰলেণ্ডৰ পৰা ৭২,০০০ টকাৰ বীজ অৰ্ডাৰ কৰিছিল। বীজ ৰোপণ কৰাৰ ৪ মাহ পিছত, তেওঁ ৮ লাখ টকাৰ তিয়ঁহ বিক্ৰী কৰিছিল।

এই তিয়ঁহৰ বিশেষত্ব হৈছে যে ইয়াৰ মূল্য সাধাৰণ তিয়ঁহতকৈ দুগুণ হয়। দেশী তিয়ঁহ প্ৰতি কিলোগ্ৰামত ২০ টকাত বিক্ৰী হৈ থকাৰ সময়ত নেডাৰলেণ্ডৰ পৰা অনা বীজৰ তিয়ঁহ প্ৰতি কিলোগ্ৰামত ৪০ৰ পৰা ৪৫ টকালৈ বিক্ৰী হৈছে। তদুপৰি গোটেই বছৰটোত সকলো ধৰণৰ তিয়ঁহৰে চাহিদা থাকে। যদি আপোনাৰ খেতি মাটি আছে তেন্তে আপুনিও কৰিব পাৰে এই লাভজনক খেতি।
Published by:Manjumoni Borah
First published: