মুখ্যপৃষ্ঠা »খবৰ »ব্যৱসায় »META India: সন্ধ্যা দেৱনাথনক 'মেটা ইণ্ডিয়া'ৰ মুৰব্বী ৰূপে নিযুক্তি; জানক সন্ধ্যা দেৱনাথনৰ বিষয়ে সকলো

META India: সন্ধ্যা দেৱনাথনক 'মেটা ইণ্ডিয়া'ৰ মুৰব্বী ৰূপে নিযুক্তি; জানক সন্ধ্যা দেৱনাথনৰ বিষয়ে সকলো

সন্ধ্যা দেৱনাথনক 'মেটা ইণ্ডিয়া'ৰ মুৰব্বী ৰূপে নিযুক্তি

সন্ধ্যা দেৱনাথনক 'মেটা ইণ্ডিয়া'ৰ মুৰব্বী ৰূপে নিযুক্তি

মেটাই এক বিবৃতিত কয় যে দেৱনাথনৰ মেটা ইণ্ডিয়াৰ উপাধ্যক্ষ হিচাপে কাৰ্যকাল অহা ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব, আৰু তেওঁ সংস্থাটোৰ নেতৃত্ব দিবলৈ দেশখনলৈ স্থানান্তৰিত হ’ব (তেওঁৰ লিংকডইন প্ৰফাইলৰ মতে, তেওঁ বৰ্তমান ছিংগাপুৰত থাকে)।

  • Share this:
আজি বৃহস্পতিবাৰে মেটাই ঘোষণা কৰে যে তেওঁলোকে সন্ধ্যা দেৱনাথনক তেওঁলোকৰ ইণ্ডিয়া ইউনিটৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিছে, যিটো পদত থাকি তেওঁ দেশত কোম্পানীটোৰ ব্যৱসায়ৰ নেতৃত্ব দিব।

মেটাই এক বিবৃতিত কয় যে দেৱনাথনৰ মেটা ইণ্ডিয়াৰ উপাধ্যক্ষ হিচাপে কাৰ্যকাল অহা ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব, আৰু তেওঁ সংস্থাটোৰ নেতৃত্ব দিবলৈ দেশখনলৈ স্থানান্তৰিত হ’ব (তেওঁৰ লিংকডইন প্ৰফাইলৰ মতে, তেওঁ বৰ্তমান ছিংগাপুৰত থাকে)। ৩ নৱেম্বৰত পদত্যাগ কৰা অজিত মোহনৰ পিছত দেৱনাথন; মেটা ইণ্ডিয়াৰ সঞ্চালক তথা অংশীদাৰিত্বৰ মুৰব্বী মনীষ চোপ্ৰাই অন্তৱৰ্তীকালীন ভিত্তিত মোহনৰ পদ গ্ৰহণ কৰিছে।

সন্ধ্যা দেৱনাথনৰ বিষয়ে চমুকৈ জানক সকলোঃ

(১) ২০১৬ চনৰ জানুৱাৰী মাহত তেওঁ মেটা (তেতিয়া ফেচবুক নামেৰে জনাজাত)ত ছিংগাপুৰত গ্ৰুপ ডাইৰেক্টৰ, এছ ই এ - ইকমাৰ্চ, ট্ৰেভেল, আৰু ফিনচাৰ্ভ হিচাপে যোগদান কৰে। আগষ্ট মাহত তেওঁ টেক জায়ান্টটোৰ ছিংগাপুৰৰ পৰিচালন সঞ্চালক, আৰু ভিয়েটনামৰ ব্যৱসায়িক মুৰব্বী হয়।

(২) সন্ধ্যা এছিয়া-পেচিফিকৰ গেমিংৰ বৰ্তমানৰ উপাধ্যক্ষ, যিটো পদ তেওঁ ২০২০ চনৰ এপ্ৰিল মাহত গ্ৰহণ কৰিছিল।

(৩) দেৱনাথনে কেইবাটাও সংস্থাৰ ব’ৰ্ডৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰে, বা কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ ভিতৰত আছে পেপাৰ ফাইনেন্সিয়েল চাৰ্ভিচেছ গ্ৰুপ, নেচনেল লাইব্ৰেৰী ব’ৰ্ড (চিংগাপুৰ), ছিংগাপুৰ মেনেজমেণ্ট ইউনিভাৰ্চিটি, তথ্য আৰু যোগাযোগ মন্ত্ৰালয় (চিংগাপুৰ), আৰু অৰ্থনীতি আৰু সমাজৰ বাবে মহিলা মঞ্চ।

(৪) দেৱনাথনৰ পূৰ্বৰ নিয়োগকৰ্তা ক্ৰমে চিটিগ্ৰুপ, আৰু ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড। চিটিৰ সৈতে ২০০০ চনৰ মে’ৰ পৰা ২০০৯ চনৰ ডিচেম্বৰলৈকে বিভিন্ন পদত কাম কৰাৰ বিপৰীতে ২০০৯ চনৰ ডিচেম্বৰৰ পৰা ২০১৫ চনৰ ডিচেম্বৰলৈকে ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ডৰ সৈতে তেওঁ কাম কৰিছিল।

(৫) অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা ৰাসায়নিক অভিযান্ত্ৰিকীত বি টেক (১৯৯৪-১৯৯৮), তাৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম বি এ (১৯৯৮-২০০০) সম্পূৰ্ণ কৰে। তেওঁ ২০১৪ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ গৈ লীডাৰশ্বীপ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।

শেহতীয়া বাতৰি