মাৰ্চিডিজ-বেঞ্জে (Mercedes-Benz)অৱশেষত মুকলি কৰিলে ইয়াৰ নতুন ভিজন EQXX (Vision EQXX) কনচেপ্টৰ বিলাসী বৈদ্যুতিক বাহনখন। অৱশ্যে কোম্পানীটোৱে জানিবলৈ দিছে যে ইয়াৰ এটা প্ৰজাকচন ভাৰ্ছনো অচিৰেই মুকলি হ'ব। EQXX আকৰ্ষণীয় দক্ষতাই ইয়াক মাত্ৰ এটা চাৰ্জতে 1,000 কিলোমিটাৰ অতিক্ৰম কৰাৰ ক্ষমতা দিয়ে।
গাড়ীখনৰ বেটাৰীৰ খৰচ সম্পৰ্কত সিবিশেষ এতিয়াও প্ৰকাশ কৰা নাই যদিও ইয়াৰ বেটাৰী ব্যয় প্ৰতিঘণ্টাত ১০০ কিলোৱাটৰ কম হ'ব বুলি জানিব দিছে। মাৰ্চিডিজৰ EQS মডেলৰ বিপৰীতে ইয়াৰ বেটাৰীৰ ভলিউম ৫০ শতাংশ কম আৰু ওজন প্ৰায় ৩০ শতাংশ কম।
বেটাৰীৰ পৰা বৈদ্যুতিক শক্তি আহৰণ কৰি ইলেকট্ৰিক মটৰে ২০১ হৰ্ছপাৱাৰ শক্তি উৎপন্ন কৰিব পাৰে।
EQXX মডেলখনৰ ৰুফত সৌৰ শক্তিৰো ব্য়ৱস্থা কৰা হৈছে। এই সৌৰশক্তিয়ে গাড়ীখনৰ আন আন কিছুমান কাৰ্য সম্পাদন কৰাৰ লগতে পৃথককৈ ৰখা লিথিয়াম বেটাৰীৰ পৰা প্ৰয়োজনত ২৫ কিলোমিটাৰলৈ চলিবও পাৰে।
EQXX মডেলৰ মাৰ্ছিডিজৰ এইখন বৈদ্যুতিক বাহনৰ ওজন ১৭৫০ কিলোগ্ৰাম।
গাড়ীখনৰ কেবিনটোত বহনক্ষম সামগ্ৰীৰ ব্যাপক ব্যৱহাৰ কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত আছে বায়োষ্টীল, ৰেচমসদৃশ আঁহ, কাঠফুলাৰ পৰা বনোৱা ভেগান চামৰা, কেকটাছৰ পৰা বনোৱা চামৰা, আৰু বাঁহেৰে নিৰ্মিত কাৰ্পেট।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|