• Home
  • »
  • News
  • »
  • business
  • »
  • Meat Consumption in Guwahati : কিয় মাংস খাবলৈ এৰিছে গুৱাহাটীবাসীয়ে, মহানগৰীত অভাৱনীয় হাৰত হ্ৰাস পাইছে মাংসৰ বিক্ৰী-সমীক্ষাত প্ৰকাশ

Meat Consumption in Guwahati : কিয় মাংস খাবলৈ এৰিছে গুৱাহাটীবাসীয়ে, মহানগৰীত অভাৱনীয় হাৰত হ্ৰাস পাইছে মাংসৰ বিক্ৰী-সমীক্ষাত প্ৰকাশ

মাংসৰ বিক্রী হ্রাস পোৱাত একাংশ অসাধু ব্যৱসায়ীয়ে সুযোগ বুজি প্রতিকিলো ব্রয়লাৰ মাংস ২৭০ৰ পৰা ৩৫০ টকা পর্যন্ত বিক্রী কৰিছে৷

মাংসৰ বিক্রী হ্রাস পোৱাত একাংশ অসাধু ব্যৱসায়ীয়ে সুযোগ বুজি প্রতিকিলো ব্রয়লাৰ মাংস ২৭০ৰ পৰা ৩৫০ টকা পর্যন্ত বিক্রী কৰিছে৷

মাংসৰ বিক্রী হ্রাস পোৱাত একাংশ অসাধু ব্যৱসায়ীয়ে সুযোগ বুজি প্রতিকিলো ব্রয়লাৰ মাংস ২৭০ৰ পৰা ৩৫০ টকা পর্যন্ত বিক্রী কৰিছে৷

  • Share this:
ক’ভিড (Covid19)সৃষ্ট পৰিস্থিতিৰ বাবে গুৱাহাটী মহানগৰী (Guwahati Metro)ত অভাৱনীয় হাৰত হ্রাস পাইছে মাংস (Meat)ৰ বিক্রী ৷ বিগত ডেৰ বছৰ ধৰি বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ভিড মহামাৰীৰ বাবে দেশৰ ব্যৱসায়–বাণিজ্য (Business)ৰ লগতে সকলো স্তৰৰ লোকৰ ওপৰত ব্যাপক প্রভাৱ পৰিছে ৷ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউন (Lockdown)ত লোকচানৰ সন্মুখীন হয় সকলো শ্রেণীৰ ব্যৱসায়ী৷ কেৱল ব্যৱসায়ীয়ে নহয়, জনসাধাৰণৰো পূর্বৰ তুলনাত অত্যাৱশ্যকীয় সা–সামগ্রী, মাছ–মাংসকে ধৰি প্রয়োজনীয় সামগ্রী ক্রয়ৰ ক্ষমতা হ্রাস পাইছে৷ কার্যতঃ আর্থিক সম্বলহীনতাত ভুগিছে মহানগৰীৰ গৰিষ্ঠসংখ্যক নাগৰিকে৷

শেহতীয়াকৈ গুৱাহাটীত ৰেনেছা নামৰ এটা এনজিঅ’ই চলোৱা সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে৷ প্রায় ২০ লাখ লোকে বসবাস কৰা গুৱাহাটী মহানগৰীত ৰেনেছা নামৰ এন জি অ’টোৱে ১০ হাজাৰ লোকক লৈ চলোৱা সমীক্ষাত প্রকাশ পোৱা তথ্য অনুসৰি মহানগৰীত প্ৰায় ৫০ শতাংশলৈ হ্রাস পাইছে মাংসৰ বিক্রী৷

লক্ষণীয় যে গুৱাহাটী মহানগৰীত প্রতিদিনে প্রায় ৮০ হাজাৰ কেজি ব্রয়লাৰ (Broiler) মাংস বিক্রী হয়৷ কিন্তু ক’ভিডসৃষ্ট পৰিস্থিতিৰ পিছৰে পৰা মহানগৰীত প্রতিদিনে ৫০ হাজাৰ কেজিহে মাংস বিক্রী হৈছে৷

অভাৱনীয় হাৰত মাংসৰ বিক্রী হ্রাস পোৱাত একাংশ অসাধু ব্যৱসায়ীয়ে সুযোগ বুজি প্রতিকিলো ব্রয়লাৰ মাংস ২৭০ৰ পৰা ৩৫০ টকা পর্যন্ত বিক্রী কৰিছে৷ একেদৰে গুৱাহাটী মহানগৰীত প্রতিদিনে দুহাজাৰ কেজিৰো অধিক ছাগলীৰ মাংস (Muton) বিক্রী হৈছিল৷ বর্তমান ৯০০ পৰা ১০০০ কেজিহে ছাগলীৰ মাংস প্রতিদিনে বিক্রী হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ অৱশ্যে গাহৰিৰ মাংস (Pork) বিক্রী পূর্বৰ তুলনাত সামান্য পৰিমাণেহে হ্রাস পাইছে৷

ৰেনেছা নামৰ এন জি অ’টোৱে মহানগৰীৰ ১০ হাজাৰ লোকক লৈ চলোৱা এই সমীক্ষাত অনলাইনত কাপোৰকে ধৰি অত্যাৱশ্যকীয় খাদ্যসামগ্রী আৰু অন্যান্য সামগ্রী ক্রয় পূর্বৰ তুলনাত বৃদ্ধি পাইছে৷ ক’ভিডসৃষ্ট এই পৰিস্থিতিৰ বাবে গুৱাহাটী মহানগৰীৰ মাংসৰ বজাৰত অভাৱনীয় হাৰত বিক্রী হ্রাস পোৱাত ব্যৱসায়ী সকলো সংকটত ভুগিছে৷ উল্লেখ্য যে এন জি অ’টোৱে জি এম চিৰ অনুজ্ঞাপত্র থকা ১৭০খন ছাগলীৰ মাংসৰ দোকান, ২০২খন মাছৰ, ৩৮০খন কণী আৰু ব্রইলাৰ, ৪১খন গাহৰিৰ মাংসৰ দোকানৰ ব্যৱসায়ীসকলকো সাঙুৰি লৈছিল৷
Published by:Manjumoni Borah
First published: