• Home
  • »
  • News
  • »
  • business
  • »
  • Maruti Suzuki EV: মাৰুতি চুজুকিৰ প্ৰথমখন ইলেক্ট্ৰিক গাড়ী আহি আছে, লঞ্চ আপডেট প্ৰকাশ

Maruti Suzuki EV: মাৰুতি চুজুকিৰ প্ৰথমখন ইলেক্ট্ৰিক গাড়ী আহি আছে, লঞ্চ আপডেট প্ৰকাশ

Maruti Suzuki EV: এই গাড়ীখন মুকলি কৰাৰ সন্দৰ্ভত কোনো নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও ২০২৪ চনত উৎসৱৰ বতৰত মুকলি কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছে।

Maruti Suzuki EV: এই গাড়ীখন মুকলি কৰাৰ সন্দৰ্ভত কোনো নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও ২০২৪ চনত উৎসৱৰ বতৰত মুকলি কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছে।

Maruti Suzuki EV: এই গাড়ীখন মুকলি কৰাৰ সন্দৰ্ভত কোনো নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও ২০২৪ চনত উৎসৱৰ বতৰত মুকলি কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছে।

  • Share this:
ভাৰতৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাতা কোম্পানী মাৰুতি চুজুকিয়ে অহা কেইবছৰমানৰ ভিতৰত ইলেক্ট্ৰিক গাড়ী (Maruti Suzuki EV) ছেগমেণ্টত ধুমুহাৰ সৃষ্টি কৰিবলৈ সাজু হৈছে। কোম্পানীটোৰ প্ৰথম ইভি হ’ব এখন SUV গাড়ী যিখন টয়োটা আৰু চুজুকিৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হ’ব। বিগত সময়ছোৱাত কোম্পানীটোৱে এই যৌথ উদ্যোগৰ অধীনত বহু মডেল বজাৰত মুকলি কৰি আহিছে।

মাৰুতিৰ ইলেক্ট্ৰিক গাড়ীৰ নাম কি হ'ব
মাৰুতিৰ এইখন হ’ব প্ৰথমখন শূন্য নিৰ্গমনকাৰী গাড়ী আৰু এই প্ৰকল্পটোৱে কোম্পানীটোৰ সেউজ সংকেত পাইছে। এই ইলেক্ট্ৰিক গাড়ীখনৰ প্ৰডাকচন নাম সম্পৰ্কে তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। বৰ্তমান এই গাড়ীখনৰ ক’ডনেম YY8।

অসাধাৰণ SUV বডি ষ্টাইলিং
এই গাড়ীখন SUV বডি ষ্টাইলিংৰ সৈতে আহিব আৰু ইয়াক ভলিউম বেছড গ্ৰাহকক লক্ষ্য কৰি ডিজাইন কৰা হৈছে। ভাৰতত এই গাড়ীখনে টাটা পাঞ্চ (Tata Punch)ৰ ইলেক্ট্ৰিক ভাৰ্চনৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব, যিটো এতিয়ালৈকে মুকলি কৰা হোৱা নাই। মাৰুতি চুজুকি হৈছে দেশৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাতা, ইয়াৰ পিছতো কোম্পানীটোৱে এতিয়াও ইলেক্ট্ৰিক ছেগমেণ্টত কোনো ধৰণৰ বাহন মুকলি কৰা নাই। একে সময়তে ভাৰতীয় কোম্পানী টাটাই টাটা নেক্সন ইভি (Tata Nexon EV)ৰ সৈতে এই ছেগমেণ্টত নিজৰ পদাংক সুদৃঢ় কৰিছে। অৱশ্যে চুজুকিয়েও ইয়াৰ জনপ্ৰিয় হেচবেক মাৰুতি চুজুকি ৱাগাঁনআৰৰ ইলেক্ট্ৰিক ভাৰ্চন পৰীক্ষা আৰম্ভ কৰিছে আৰু এই গাড়ীখনৰ বিষয়ে খবৰটো দীৰ্ঘদিন ধৰি চলি আছে।

কেতিয়া মুকলি কৰা হ’ব?
এই গাড়ীখন মুকলি কৰাৰ সন্দৰ্ভত কোনো নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও ২০২৪ চনত উৎসৱৰ বতৰত মুকলি কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছে। এই গাড়ীখনৰ নাম আৰু মূল্যৰ বিষয়ে এতিয়াও কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই যদিও কোম্পানীয়ে এই ছেগমেণ্টত নিজৰ স্থান দখল কৰিবলৈ আৰু অধিক সংখ্যক গ্ৰাহকক আকৰ্ষণ কৰিবলৈ আক্ৰমণাত্মকভাৱে ইয়াৰ মূল্য দিব পাৰে।
Published by:Manjumoni Borah
First published: