মেটাৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ এতিয়া বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত ২০ নম্বৰ ধনী ব্যক্তি। শেহতীয়া খবৰ অনুসৰি ২০২২ চনৰ তৃতীয় ত্ৰৈমাসিকলৈকে জুকাৰবাৰ্গে নিজৰ সম্পত্তিৰ প্ৰায় ৫০ শতাংশ হেৰুৱাইছে। মেটা হেডৰ বাবে বছৰটো কঠিন বছৰ হিচাপে প্ৰমাণিত হৈছে। আন এক খবৰ অনুসৰি, জুকাৰবাৰ্গে ঘোষণা কৰে যে তেওঁ আৰু পত্নী প্ৰিচিলা চানে তৃতীয় সন্তানৰ আশা কৰিছে।
এতিয়া ইমান বৃহৎ ব্যৱধানত তেওঁৰ সম্পদ হ্ৰাস পোৱাৰ লগে লগে জুকাৰবাৰ্গে এতিয়া বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাৰ ২০ নম্বৰ স্থানলৈ নিম্নগামী হৈছে। উল্লেখযোগ্য যে জুকাৰবাৰ্গৰ বৰ্তমানৰ সম্পত্তি ২০১৪ চনৰ পিছত আটাইতকৈ কম। অধিক নিৰ্দিষ্টভাৱে ক’বলৈ গ’লে জুকাৰবাৰ্গৰ সম্পত্তি যোৱা দুবছৰত ১০৬ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ৫৫.৯ বিলিয়ন মাৰ্কিন ডলাৰলৈ তীব্ৰভাৱে হ্ৰাস পাইছে। ইয়াৰ অৰ্থ হ’ল, মেটাৰ মুৰব্বীৰূপে এতিয়ালৈকে ৭১ বিলিয়ন ডলাৰৰ ডাঙৰ ক্ষতি হৈছে, যিটো তেওঁৰ নগদ সম্পত্তিৰ প্ৰায় আধা।
উল্লেখযোগ্য যে, কেৱল জুকাৰবাৰ্গেই নিজৰ সম্পত্তিৰ এটা ডাঙৰ অংশ হেৰুৱাই পেলোৱা নাই, আন কোটিপতিসকলৰ ক্ষেত্ৰতো একেধৰণৰ। বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ সম্পত্তিও ৬ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। বিল আৰু মেলিণ্ডা গেটছেও ক্ৰমে ২৭ আৰু ২৬ বিলিয়ন ডলাৰ লোকচান কৰে। আনকি আমাজনৰ মুৰব্বী জেফ বেজোছেও ৪৬ বিলিয়ন ডলাৰৰ বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল।
অতি শেহতীয়াকৈ জুকাৰবাৰ্গে ফেচবুকৰ নাম সলনি কৰি Meta Platforms নামকৰণ কৰিছে আৰু ফেচবুকক মেটালৈ সলনি কৰাৰ পিছতহে তেওঁৰ নগদ সম্পত্তিৰ সূচকাংকত ১৪ টা স্থান হ্ৰাস পায়। ২০২০ চনৰ মে’ মাহলৈকে জুকাৰবাৰ্গ বিলিয়নাৰ সূচকাংক তালিকাত তৃতীয় স্থানত আছিল আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ ৮৭.৮ বিলিয়ন ডলাৰ।
২০২২ চনৰ হিচাপত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাঃ- ইলন মাস্ক (২৭৩.৫ বিলিয়ন ডলাৰ)
- বাৰ্নাৰ্ড আৰ্নাল্ট (১৫৪.৭ বিলিয়ন ডলাৰ)
- গৌতম আদানী (১৫২.২ বিলিয়ন ডলাৰ)
- জেফ বেজোছ (১৪৬.৯ বিলিয়ন ডলাৰ)
- বিল গেটছ (১০৪.৬ বিলিয়ন ডলাৰ)
- লেৰী এলিছন (৯৬.৮ বিলিয়ন ডলাৰ)
- ৱাৰেন বাফেট (৯৫.৯ বিলিয়ন ডলাৰ)
- মুকেশ আম্বানী (৯১.৪ বিলিয়ন ডলাৰ)
- লেৰী পেজ (৮৮.৮ বিলিয়ন ডলাৰ)
- ছাৰ্গেই ব্ৰিন (৮৫.২ বিলিয়ন ডলাৰ)
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|