গুৱাহাটী মহানগৰীত শেহতীয়াকৈ চাহিদা বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ ফাষ্টফুড নাইবা অন্যান্য খাদ্য সামগ্ৰীৰ পদপথৰ দোকানৰ ৷ এককথাত বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি নামৰ মৰিচীকাটোৰ পিচে পিচে দৌৰি নুফুৰি এইদৰে একো একোখন ষ্ট্ৰীটফুডৰ দোকানেৰেই আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা চলাইছে ৷
কিন্তু বিপদ ইয়াতো আহিছে ৷ কিয়নো গুৱাহাটী পৌৰ নিগমে এনে বহু দোকানৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । যাৰ ফলস্বৰূপে সমস্যাৰ সৃষ্টি হৈছে পদপথৰ ব্যৱসায়ীসকলৰ । গুৱাহাটীৰ মাজমজিয়াত আজিৰ তাৰিখত চৰকাৰী তথ্য মতে প্ৰায় ২৫ হেজাৰ পদপথৰ ব্যৱসায়িক প্ৰতিস্থান আছে ৷
বহু শিক্ষিত নিবনুৱা, ছাত্ৰ- ছাত্ৰীয়ে সংস্থাপনৰ বাট উলিয়াব পাৰিছে ইয়াৰ জৰিয়তে । গুৱাহাটীৰ বহু শৈক্ষিক প্ৰতিস্থানৰ ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান পদপথৰ দোকানৰ দ্বাৰা আত্মনিৰ্ভৰশীল হৈ উঠিছে । কিন্তু বৰ্তমানেও গুৱাহাটীত ভেণ্ডৰিং জ'ন ঘোষণা হোৱা নাই, যাৰ ফলস্বৰূপে অসুবিধাত পৰিছে পদপথৰ ব্যৱসায়ীসকল ।
এয়া কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ দৃশ্য । বিশ্ববিদ্যালয়খনৰ বহু ছাত্ৰ-ছাত্ৰীয়ে এতিয়া কটনৰ সন্মুখতেই সংস্থাপিত হ'ব পাৰিছে । কিন্তু পৌৰ নিগমে বাৰে বাৰে পদপথৰ দোকানসমূহত অভিযান চলোৱাৰ পৰিপেক্ষিতত অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোক । চৰকাৰলৈ ব্যৱসায়ীসকলৰ অনুৰোধ- চৰকাৰে তেওঁলোকক এটা স্থায়ী ঠিকনা প্ৰদান কৰক । উল্লেখযোগ্য যে বহুবাৰ চৰকাৰ তথা প্ৰশাসনৰ ওচৰত আৱেদন কৰি ব্যৱসায়ীসকলে বৰ্তমানেও লাভ কৰা নাই কোনো স্থায়ী ঠিকনা ।
Published by: Subham Goswami
FIRST PUBLISHED : March 21, 2023, 13:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।