মুখ্যপৃষ্ঠা »খবৰ »ব্যৱসায় »মাত্ৰ ৫ মিনিটতে বনাওক আপোনাৰ নতুন PAN Card, জানি লওক সহজ টিপছ

মাত্ৰ ৫ মিনিটতে বনাওক আপোনাৰ নতুন PAN Card, জানি লওক সহজ টিপছ

এজন ভাৰতীয় নাগৰিকে পেন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ জি এছ টি বাদ দি ৯৩ টকা দিব লাগিব।

এজন ভাৰতীয় নাগৰিকে পেন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ জি এছ টি বাদ দি ৯৩ টকা দিব লাগিব।

এজন ভাৰতীয় নাগৰিকে পেন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ জি এছ টি বাদ দি ৯৩ টকা দিব লাগিব।

  • Share this:

আজিকালি বেংকিং সেৱাৰ লগতে আন চৰকাৰী-বেচৰকাৰী কাম-কাজৰ বাবে পেন কাৰ্ডৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। এনেক্ষেত্ৰত যদি আপোনাৰ PAN card নাথাকে, তেন্তে আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ কাম মাজতে ওলমি থাকিব পাৰে।


সেয়ে প্ৰায়ভাগ লোকেই আজিৰ দিনত পান কাৰ্ড বনাইছে। কিন্তু যদি আপোনাৰ PAN card নাই তেন্তে আজিৰ এই প্ৰতিবেদন কেৱল আপোনাৰ বাবে।


যদি আপুনি PAN card বনাব বিচাৰে, তেন্তে ইয়াত আমি আপোনাক কিছু উপায় কম, যাৰ সহায়ত আপুনি ঘৰতে অনলাইনত PAN card বনাব পাৰিব।


পান কাৰ্ড বনাবলৈ কি কৰিব?


PAN card পাবলৈ প্ৰথমে Online PAN Card NSDLৰ এই লিংকটোত ক্লিক কৰক https://www.onlineservices.nsdl.com/paam/endUserRegisterContact.html । অথবা গুগলত UTITSL টাইপ কৰি এই লিংক https://www.pan.utiitsl.com/PAN/ লৈ যাব পাৰে। তাৰ পিছত আপোনাৰ প্ৰয়োজনীয় তথ্য পূৰণ কৰক।


এজন ভাৰতীয় নাগৰিকে পেন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ জি এছ টি বাদ দি ৯৩ টকা দিব লাগিব। জি এছ টিকে ধৰি এই মাচুল ১১০ টকা। বিদেশী নাগৰিকৰ বাবে জি এছ টি বাদ দি পান কাৰ্ডৰ বাবে আবেদন মাচুল ৮৬৪ টকা। আপুনি অনলাইনযোগে মাচুল দিব পাৰিব। ইয়াৰ বাবে পেন কাৰ্ডৰ বাবে প্ৰয়োজনীয় সকলো তথ্য পূৰণ কৰাৰ পিছত ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ জৰিয়তে ধন পৰিশোধ কৰিব পাৰিব। আবেদন চূড়ান্ত কৰিবলৈ গুৰুত্বপূৰ্ণ ব্যক্তিগত নথি-পত্ৰৰ ফটোকপি এন এছ ডি এল বা ইউ টি আই টি এছ এলৰ কাৰ্যালয়লৈ কুৰিয়াৰ কৰি প্ৰেৰণ কৰিব লাগে। আৰু ১০ দিনৰ ভিতৰতে আপোনাৰ ঘৰত উপস্থিত হ'ব পেন কাৰ্ড।

শেহতীয়া বাতৰি