• Home
  • »
  • News
  • »
  • business
  • »
  • LPG Connection in One Missed Call : ডিলাৰৰ অফিচত তাঁতবাতি কঢ়াৰ দৰকাৰ নাই, এটা মিছকলতেই পাব নতুন LPG কানেকচন

LPG Connection in One Missed Call : ডিলাৰৰ অফিচত তাঁতবাতি কঢ়াৰ দৰকাৰ নাই, এটা মিছকলতেই পাব নতুন LPG কানেকচন

LPG Connection in One Missed Call : IOCLৰ দ্বাৰা প্ৰদান কৰা তথ্য অনুসৰি গ্ৰাহকসকলে এতিয়া সংযোগৰ বাবে 8454955555 এটা মিছকল কৰিব লাগিব আৰু কোম্পানীৰ কৰ্মচাৰীসকলে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব।

  • Share this:
এতিয়া আপুনি নতুন ৰন্ধন গেছ সংযোগ (LPG connection) পাবলৈ ডিষ্ট্ৰিবিউটৰৰ কাৰ্যালয়লৈ তাঁতবাটি কাঢ়িব নালাগে। যদি আপুনি নতুন LPG সংযোগ ল'ব বিচাৰে, আপুনি কেৱল এটা মিছকল কৰিব লাগিব (Missed Call)। তাৰ পিছত আপুনি সহজেই নতুন ৰন্ধন গেছৰ সংযোগ পাব।

ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডে (IOCL) টুইট কৰিছে যে গ্ৰাহকসকলে এতিয়া এটা মিছকল দিও গেছ সংযোগ লাভ কৰিব পাৰে। জানি লও আহক আপুনি ইয়াৰ সুবিধা কেনেদৰে ল'ব পাৰে।

এটা মিছ কল কৰিব লাগিব
IOCLৰ দ্বাৰা প্ৰদান কৰা তথ্য অনুসৰি গ্ৰাহকসকলে এতিয়া সংযোগৰ বাবে 8454955555 এটা মিছকল কৰিব লাগিব আৰু কোম্পানীৰ কৰ্মচাৰীসকলে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব। তাৰ পিছত আপুনি ঠিকনা প্ৰমাণ আৰু আধাৰৰ জৰিয়তে আপোনাৰ গেছ সংযোগ লাভ কৰিব। জনাই থওঁ যে গেছৰ চিলিণ্ডাৰো একেটা নম্বৰৰ জৰিয়তে বুক কৰিব পাৰি। ইয়াৰ বাবে, আপুনি কেৱল পঞ্জীভুক্ত ম'বাইল নম্বৰৰ পৰা কল কৰিব লাগিব।

পুৰণি সংযোগক ঠিকনাৰ প্ৰমাণ বুলি গণ্য হ'ব
যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ গেছ সংযোগ থাকে আৰু ঠিকনা একে হয় তেনেহ'লে সেই গেছ সোংযোগকে আপোনাৰ ঠিকনা প্ৰমাণ হিচাপে দিব পাৰে। অৱশ্যে, ইয়াৰ বাবে, আপুনি এবাৰ গেছ এজেঞ্চীলৈ যাব লাগিব আৰু পুৰণি গেছ সংযোগ সম্পৰ্কীয় নথিপত্ৰবোৰ পৰীক্ষা কৰিব লাগিব। তেতিয়াহে আপুনি সেই ঠিকনাটোত গেছ সংযোগ পাব।

এনেদৰে বুক কৰক LPG  চিলিণ্ডাৰ (LPG Cylinder Booking)
1. আপোনাৰ পঞ্জীভুক্ত নম্বৰৰ পৰা 8454955555 এটা মিছকল দিয়ক।
2. ভাৰতে বিল পেমেণ্ট চিষ্টেমৰ (BBPS) জৰিয়তে এলপিজি চিলিণ্ডাৰ পুনৰ ভৰ্তি কৰিব পাৰে।
3. ইণ্ডিয়ান অইল এপ বা https://cx.indianoil.in জৰিয়তে বুকিং কৰা হয়।
4. গ্ৰাহকে 7588888824 নম্বৰত হোৱাটছএপ মেচেজৰ জৰিয়তে চিলিণ্ডাৰ বুক কৰিব পাৰে।
5. লগতে 7718955555 SMSবা IVRSৰ দ্বাৰা বুকিং কৰিব পাৰে।
6. আমাজন আৰু পেটিএমৰ জৰিয়তে চিলিণ্ডাৰ বুক কৰিব পাৰি।
Published by:Manjumoni Borah
First published: