• Home
  • »
  • News
  • »
  • business
  • »
  • LPG Cylinder: এলপিজি গ্ৰাহকসকলৰ বাবে ভাল খবৰ, গৃহিনীসকলক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি ! চাওঁক সবিশেষ...

LPG Cylinder: এলপিজি গ্ৰাহকসকলৰ বাবে ভাল খবৰ, গৃহিনীসকলক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি ! চাওঁক সবিশেষ...

LPG Cylinder customers :  কেন্দ্ৰীয় চৰকাৰে (Central Government) বিশেষকৈ মহিলাসকলৰ সুবিধাৰ্থে  ৰন্ধন গেছ চিলিণ্ডাৰৰ (LPG Cylinder) ওজন হ্ৰাসৰ পৰিকল্পনা, ৰাজসাহায্যৰ ওপৰতো পুনৰবিবেচনা।

LPG Cylinder customers : কেন্দ্ৰীয় চৰকাৰে (Central Government) বিশেষকৈ মহিলাসকলৰ সুবিধাৰ্থে ৰন্ধন গেছ চিলিণ্ডাৰৰ (LPG Cylinder) ওজন হ্ৰাসৰ পৰিকল্পনা, ৰাজসাহায্যৰ ওপৰতো পুনৰবিবেচনা।

LPG Cylinder customers : কেন্দ্ৰীয় চৰকাৰে (Central Government) বিশেষকৈ মহিলাসকলৰ সুবিধাৰ্থে ৰন্ধন গেছ চিলিণ্ডাৰৰ (LPG Cylinder) ওজন হ্ৰাসৰ পৰিকল্পনা, ৰাজসাহায্যৰ ওপৰতো পুনৰবিবেচনা।

  • Share this:
কেন্দ্ৰীয় চৰকাৰে (Central Government) ৰন্ধন গেছ চিলিণ্ডাৰত (LPG Cylinder) ওজন হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে। বৰ্তমান প্ৰতি চিলিণ্ডাৰত ১৪.২ কিলোগ্ৰাম গেছ আছে (LPG customers) যি ইয়াক যথেষ্ট গধুৰ কৰি তোলে। বিশেষকৈ মহিলাসকলে  চিলিণ্ডাৰ এটা উঠোৱা বা এটা কোঠাৰ পৰা আন এটা কোঠালৈ নিয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হয়। মুখ্যতঃ এইকথা মনত ৰাখি, কেন্দ্ৰীয় চৰকাৰে  (Central Government) ওজন হ্ৰাস কৰিবলৈ যথোচিত বিকল্প বিবেচনা কৰিছে।

ৰাজ্যসভা (Rajya Sabha)ৰ এজন সদস্যই গেছ চিলিণ্ডাৰ গধুৰ হোৱাৰ বাবে মহিলাসকলে সন্মুখীন হোৱা দৈনন্দিন সমস্যাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ উত্তৰত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী (Minister of Petrochemicals and Natural Gas ) হৰদীপ সিং পুৰীয়ে (Hardeep Singh Puri) ওজনৰ বিষয়ে সবিশেষ অৱগত কৰে।

পুৰীয়ে লগতে কয়, "আমি বিচাৰোঁ মহিলাসকলে যাতে নিজে চিলিণ্ডাৰ তুলিবলৈ সক্ষম হওক আৰু সেয়েহে চিলিণ্ডাৰৰ ওজন হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আমি এই ক্ষেত্ৰত একাধিক বিকল্পৰ বিষয়েও চিন্তা কৰি আছোঁ, আমি প্ৰতিটো চিলিণ্ডাৰৰ ওজন ১৪.২ কিলোগ্ৰামৰ পৰা ৫ কিলোগ্ৰামলৈ হ্ৰাস কৰিবলৈ আৰু লগতে এই সমস্যা সমাধানৰ বাবে অন্য উপায় বিচাৰি উলিয়াবলৈও প্ৰতিশ্ৰুতিবদ্ধ।''

ৰাজসাহায্য (Subsidy)ৰ ওপৰত চৰকাৰে  নতুন পৰিকল্পনা কৰিছে-

আমি সকলোৱে জানো যে ৰন্ধন গেছৰ মূল্য (LPG price) নিৰন্তৰ বৃদ্ধি হৈ আছে, তেনে সময়তে কেন্দ্ৰীয় চৰকাৰে ভাল খবৰ লৈ অহাৰ বাবে গ্ৰাহকসকলে এইবাৰ কিছু সকাহ পাব পাৰে। কেন্দ্ৰই ৰন্ধন গেছত পুনৰ ৰাজসাহায্য প্ৰদান কৰিব। ৰাজসাহায্যৰ ধন গ্ৰাহকসকলৰ সংশ্লিষ্ট একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে। সূত্ৰৰ খবৰ অনুসৰি, গ্ৰাহকসকলক প্ৰতিটো চিলিণ্ডাৰৰ বাবদ ৭৯.২৬ টকাৰ ৰাজসাহায্য (Subsidy) দিয়া হৈছে।
অভিযোগ আহিছে যে, কিছুমান গ্ৰাহকে ১৫৮.৫২ টকা বা ২৩৭.৭৮ টকাৰ ৰাজসাহায্য লাভ কৰাৰ ফলত এই ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। অৱশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষই জনাইছে যে সমস্যাটো ইতিমধ্যে সমাধান কৰা হৈছে।

ৰাজসাহায্য ( LPG Subsidy) কেনেদৰে পৰীক্ষা কৰিব পাৰি ? (How can subsidy be checked?)

ৰাজসাহায্যৰ ধন (Subsidy Money) গ্ৰাহকৰ একাউণ্টলৈ আহিছে নে নাই সেয়া দুই ধৰণে পৰীক্ষা কৰিব পাৰি - ম'বাইল নম্বৰ (Mobile number) আৰু এলপিজি আইডি (LPG ID)ৰ জৰিয়তে।

১. প্ৰথমে, http://mylpg.in/ ৱেবছাইট (Website) লৈ যাওক আৰু এলপিজি ৰাজসাহায্য অনলাইন (LPG Subsidy Online) বিকল্পত ক্লিক কৰক। তিনিটা এলপিজি চিলিণ্ডাৰ কোম্পানীৰ টেব থাকিব। ইয়াৰ মাজতে, গ্ৰাহকে ব্যৱহাৰ কৰা চিলিণ্ডাৰটো বাছনি কৰিব লাগিব। যদি উপভোক্তা ইণ্ডেন কোম্পানীৰ চিলিণ্ডাৰ ( Indan Company Cylinder) ব্যৱহাৰ কৰা হয়, তেওঁ ইণ্ডেন (Indan) বিকল্পত ক্লিক কৰিব লাগিব।

2. দ্বিতীয় পৰ্যায়ত, আপুনি অভিযোগ (Complaint)  বিকল্পটো বাছনি কৰিব লাগিব আৰু পৰৱৰ্তী বিকল্পত ক্লিক কৰিব লাগিব। তাৰ পিছত এটা নতুন পৃষ্ঠা (New Page) খুলিব য'ত গ্ৰাহকৰ সকলো বেঙ্ক তথ্য  (Bank Information) ওলাই আহিব। তাৰ পৰা এইটো জনা যাব যে ৰাজসাহায্য (Subsidy)ৰ ধন একাউণ্টলৈ আহিছে নেকি।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি