মুখ্যপৃষ্ঠা »খবৰ »ব্যৱসায় »LIC Policy: মেচিউৰিটীৰ পূৰ্বে LIC পলিচী ছাৰেণ্ডাৰ কৰিব বিচাৰিলে কি কৰিব লাগে, পলিচী ছাৰেণ্ডাৰৰ পূৰ্বে এই সমুহ বিষয়ত নজৰ দিব লাগে, জানি লওক সবিশেষ

LIC Policy: মেচিউৰিটীৰ পূৰ্বে LIC পলিচী ছাৰেণ্ডাৰ কৰিব বিচাৰিলে কি কৰিব লাগে, পলিচী ছাৰেণ্ডাৰৰ পূৰ্বে এই সমুহ বিষয়ত নজৰ দিব লাগে, জানি লওক সবিশেষ

পলিচি ছাৰেন্ডাৰৰ আগতে যি সমুহ বিষয়ত নজৰ দিব লাগে।

পলিচি ছাৰেন্ডাৰৰ আগতে যি সমুহ বিষয়ত নজৰ দিব লাগে।

পলিচি ছাৰেন্ডাৰৰ আগতে যি সমুহ বিষয়ত নজৰ দিব লাগে।

  • Share this:
বহুত সময়ত দেখা যায় যে গ্ৰাহকে নুবুজাকৈ LIC পলিচী (Policy) কৰি পেলায়। কিন্তু পিছত গৈ বুজিব পাৰে যে উক্ত পলিচীটো তেওঁৰ কোনো কামত নাহিব। ফলস্বৰূপে মেচিউৰিটী (Maturity)ৰ পূৰ্বেই উক্ত পলিচী ছাৰেণ্ডাৰ (Surrender) কৰাৰ প্ৰৱণতা বৃদ্ধি পায়। ইয়াৰ উপৰি আন বহুতো ব্যক্তিগত কাৰণতো LICৰ পলিচী হোল্ডাৰে মেচিউৰিটীৰ আগতে টকা উঠাই ল'বলৈ আগ্ৰহী হৈ পৰে। তেনে ক্ষেত্ৰত পলিচী ছাৰেণ্ডাৰ কৰাৰ আগতেই কেবাটাও নিয়ম জানি লোৱা ভাল।

লাইফ ইনছিউৰেন্স কৰ্পোৰেচন অৰ্থাৎ LICৰ তৰফৰ পৰা গ্ৰাহকক মেচিউৰিটীৰ আগতে পলিচী ছাৰেণ্ডাৰ কৰাৰ সুযোগ দিয়ে। কিন্তু মেচিউৰিটীৰ পূৰ্বে পলিচী ছাৰেণ্ডাৰ কৰিলে পলিচীৰ পৰা পাব লগা লাভ কমি আহে। তিনিবছৰ ধৰি গ্ৰাহকে নিৰবিচ্ছিন্ন ভাবে প্ৰিমিয়াম জমা দি থাকিলে পলিচী ছাৰেণ্ডা ভেলু উলিয়াবলৈ সহজ হয়।

কিন্তু তিনিবছৰ পলিচীৰ বয়সৰ পূৰ্বতে ছাৰেণ্ডাৰ কৰিলে তাৰ বিনিময়ত LICয়ে একো সুবিধা প্ৰদান নকৰে। তলত চাই লওঁক দুটা পদ্ধতিৰে LIC পলিচী ছাৰেণ্ডাৰ কৰাৰ ফলাফল।

১, গ্যাৰাণ্টেড ছাৰেণ্ডাৰ ভেলু (GSV)-

এই নিয়ম অনুসৰি আপোনাৰ পলিচীৰ তিনি বছৰ পূৰ্ণ হ'ব লাগিব। তিনি বছৰ পূৰ্ণ কৰা পলিচী ছাৰেণ্ডাৰ কৰিলে প্ৰথম বছৰৰ পৰা পোৱা প্ৰিমিয়াম আৰু এক্সিডেণ্টেল বেনিফিটৰ প্ৰিমিয়াৰৰ লগতে ছাৰেণ্ডাৰ ভেলুৰ প্ৰিমিয়ামৰ শতকৰা ৩০% পোৱা যায়। এই হিচাপ অনুসৰি পলিচীৰ বয়স যিমান বেছি হ'ব ছাৰেণ্ডাৰ কৰি সিমান বেছি টকা পাব।

২, স্পেচিয়েল ছাৰেণ্ডাৰ ভেলু ( SSV)

ইয়াত মুঠ বীমাৰ টকা * ( মুঠ প্ৰিমিয়ামৰ সংখ্যা) ( মুঠ বোনাচ) * ছাৰেন্ডাৰ ভ্যালু ফেক্টৰ, এই ফৰ্মূলাত স্পেচিয়েল ছাৰেণ্ডাৰ ভেলু কেলকুলেচন কৰা হয়।

আনহতে চিংগল প্ৰমিয়ামৰ পলিচী হ'লে, পলিচীৰ বয়স দুবছৰ হ'লেই ছাৰেণ্ডাৰ কৰিব পৰা যায়। যদি পলিচী দহ বছৰীয়া হয় তেনেহলে দুই বছৰ পিছতেই ছাৰেণ্ডাৰ কৰিব পাৰিব। যদি পলিচী দহ বছৰৰ অধিক সময়ৰ হয় তেনেহ'লে তিনি বছৰৰ পিছৰ পৰা পলিচী ছাৰেণ্ডাৰ কৰিব পাৰে।

শেহতীয়া বাতৰি