Lemon Prices Rise: অসমৰ প্ৰায়বোৰ বজাৰত নেমুৰ মূল্য প্ৰতি যোৰাত এতিয়াও ৩০ টকাৰ তললৈ নমা নাই।
Lemon Prices Rise: অসমৰ প্ৰায়বোৰ বজাৰত নেমুৰ মূল্য প্ৰতি যোৰাত এতিয়াও ৩০ টকাৰ তললৈ নমা নাই।
গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে আৰু বৰ্ধিত তাপমাত্ৰাৰ দৰে পাচলিৰ মূল্যও বৃদ্ধি পাইছে উৰ্ধগামী পাৰাৰ দৰে। ইয়াৰ শেহতীয়া উদাহৰণটো হৈছে নেমুটেঙা (lemon)। বৰ্তমান বজাৰত নেমুৰ মূল্যই সকলোকে টেঙাইছে। অসমত নেমুৰ দামে বিধানসভাতো আলোড়নৰ সৃষ্টি কৰিছে। পিছে অসতেই নহয়, ভআৰতৰ প্ৰায় সকলো ঠাইতে এই মুহূৰ্তত নেমুৰ মূল্য (lemon price) ই অভিলেখ গঢ়িছে। গুজৰাটৰ ৰাজকোট (Gujarat, Rajkot)ত প্ৰতি কিলোগ্ৰামত নেমুৰ মূল্য ২০০ টকালৈ বৃদ্ধি পাইছে। সাধাৰণ মানুহে ইতিমধ্যে মুদ্ৰাস্ফীতি (inflation)ৰ বাবে বৰ্ধিত মূল্যৰ সৈতে যুঁজি আছে। উল্লেখ্য যে গ্ৰীষ্মকালত নেমু হৈছে পাকঘৰ (kitchen)ৰ এক মূল প্ৰয়োজনীয়তা।
"নেমুৰ মূল্য প্ৰতি কিলোগ্ৰামত ২০০ টকা চুইছে। ই আগতে প্ৰতি কিলোগ্ৰামত প্ৰায় ৫০-৬০ টকা আছিল। এইটোৱে আমাৰ 'পাকঘৰৰ বাজেট'ক প্ৰভাৱিত কৰিছে। কেতিয়া মূল্য হ্ৰাস হ'ব নাজানো," সংবাদ সংস্থা ANIয়ে এজন গ্ৰাহকৰ উদ্ধৃতিৰে এই বাতৰি দিছে।
কৃষি জাগৰণৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, জলকীয়া, আদা, বীন, নহৰু, ফুলকবি, সেউজীয়া ধনিয়াৰ মূল্য নিৰন্তৰ বৃদ্ধি হৈ আহিছে। ৰিপোৰ্ট অনুসৰি, শেহতীয়া দিনবোৰত জিৰা, ধনিয়া আৰু জলকীয়াৰ মূল্য ৪০ৰ পৰা ৬০ শতাংশ বৃদ্ধি পাইছে।
উল্লেখ্য যে অসমৰ প্ৰায়বোৰ বজাৰত নেমুৰ মূল্য প্ৰতি যোৰাত এতিয়াও ৩০ টকাৰ তললৈ নমা নাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|