এইবাৰ ভাৰতেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী ছেভেন-ইলেভেনৰ দোকানখন (7-Eleven convenience stores in India) দেখিব। সেয়া সম্ভৱ হৈছে ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ (RRVL)ৰ বাবে৷ মুকেশ আম্বানীৰ কোম্পানীয়ে বৃহস্পতিবাৰে ৭ অক্টোবৰত এক বিবৃতিযোগে ঘোষণা কৰে যে কোম্পানীটোৱে এইবাৰ ভাৰতত 7-Eleven দোকান মুকলি কৰিবলৈ গৈ আছে৷
প্ৰথম 7-11 দোকানখন শনিবাৰে ৯ অক্টোবৰত উদ্বোধন কৰা হৈছে মুম্বাইৰ আন্ধেৰী ইষ্টত৷ অৱশ্যে, ইয়াত ৰৈ নোযোৱাকৈ মুম্বাই আৰু বৃহত্তৰ মুম্বাইৰ বিভিন্ন ঠাইত সোনকালে দোকানখন খোলা দেখা যাব৷ ৰিলায়েন্স ৰিটেইলে দিনটোত এক বিবৃতিত কয়, "Reliance Retail Ventures Limited ("RRVL")", 7-Eleven, Inc.-ৰ সৈতে এটা মাষ্টাৰ ফ্ৰেঞ্চাইজি চুক্তি স্বাক্ষৰিত হৈছে ইয়াৰ সহায়ত কোম্পানীৰ জৰিয়তে ভাৰতত এতিয়া মুকলি হ'ব 7-Eleven দোকান (7-India Convenience Retail Limited)৷
ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ খুচুৰা বিভাগ হৈছে আৰআৰভিল বা ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ লিমিটেড।
স্মৰ্তব্য যে ফিউচাৰ গ্ৰুপে (Future Group) 7-Eleven, Inc.ৰ সৈতে ইয়াৰ চুক্তি বাতিল কৰাৰ ঘোষণা কৰাৰ পিছদিনা আৰআৰভিএলৰ দ্বাৰা এই ঘোষণা কৰা হৈছিল। ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ সঞ্চালক ঈশা আম্বানীয়ে কয়, "ৰিলায়েন্স সদায় গ্ৰাহকসকলক সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিবলৈ সংকল্পবদ্ধ৷ সেয়েহে আমি ভাৰতত 7-Eleven দোকান মুকলি কৰি গৌৰৱান্বিত৷ খুচুৰা ব্যৱসায়ৰ পৃথিৱীত ছেভেন-ইলেভেন হৈছে এক ডাঙৰ নাম৷ এই কোম্পানীৰ সৈতে হোৱা চুক্তিৰ জৰিয়তে ভাৰতৰ গ্ৰাহকসকলে তেওঁলোকৰ ঘৰৰ সন্মুখত উৎকৃষ্ট সামগ্ৰী লাভ কৰিব পাৰে৷ "
Published by: Kokil Sarma
FIRST PUBLISHED : October 07, 2021, 11:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।