২০১৪ বৰ্ষৰ কৰ্মচাৰীৰ পেঞ্চন (সংশোধনী) আঁচনিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আদালতে কৰ্মচাৰী পেঞ্চন (সংশোধনী) যোজনাক সমৰ্থন কৰি পেঞ্চন পুঁজিত যোগদানৰ বাবে ১৫ হাজাৰ টকাৰ মাহিলী দৰমহাৰ সীমা ধাৰ্য্য কৰে। মন কৰিবলগীয়া যে কৰ্মচাৰীজনৰ দৰমহা যিয়েই নহওক কিয়, কিন্তু তেওঁৰ পেঞ্চনৰ হিচাপ মাত্ৰ ১৫ হাজাৰ টকাৰে কৰা হয়। সহজ ভাষাত ক’বলৈ গ’লে প্ৰতিজন কৰ্মচাৰীয়ে কাম কৰাৰ সময়ত ইপিএফঅ’ একাউণ্ট খুলিব লাগে।
কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ ১২ শতাংশ ইপিএফ হিচাপে জমা কৰে। আনহাতে, কৰ্মচাৰীজনে কাম কৰা কোম্পানীটোৱেও কৰ্মচাৰীজনৰ ইপিএফঅ’ একাউণ্টত এই ধন জমা কৰে। আৰু এই ধনৰ মাত্ৰ ৮.৩৩ শতাংশহে যায়। এনে পৰিস্থিতিত যদি ১৫ হাজাৰৰ সীমা আঁতৰাই কাৰোবাৰ বেচিক পে' ২০ হাজাৰ টকা হয়, তেতিয়া পেঞ্চনৰ পৰিমাণো বৃদ্ধি পাব।
এতিয়া কোনে, কেতিয়া আৰু কেনেকৈ এই সুবিধা লাভ কৰিব পাৰিব?
যদি এজনৰ বেচিক পে' মাহে ১৫ হাজাৰ টকাতকৈ অধিক হয়, তেন্তে নতুন পেঞ্চন আঁচনিৰ অধীনত তেওঁ অধিক ধন সঞ্চয় কৰিব পাৰিব। গতিকে যদি কোনোবাই এতিয়াও নতুন পেঞ্চন আঁচনিখনত যোগদান কৰা নাই, তেন্তে বাকী আছে মাত্ৰ ৪ মাহ। অৰ্থাৎ নতুন পেঞ্চন আঁচনিখনত যোগদান কৰিব বিচাৰিলে আগন্তুক ৪ মাহৰ ভিতৰত কৰিব লাগিব। এই নতুন আঁচনিৰ অধীনত ২০১৪ চনৰ ১ ছেপ্টেম্বৰলৈকে ইপিএফৰ সদস্য হোৱাসকলেহে যোগদান কৰিব পাৰিব।
এই নতুন আঁচনিখনত যোগদান কৰিবলৈ নিয়োগকাৰী কোম্পানীটোৰ পৰা অনুমতি লোৱাটো প্ৰয়োজনীয় নেকি?
নতুন আঁচনিখনত যোগদান কৰিবলৈ কৰ্মচাৰী আৰু নিয়োগকাৰী কোম্পানীয়ে যৌথভাৱে ঘোষণা কৰিব লাগিব। অৰ্থাৎ কৰ্মচাৰীজনৰ লগতে যি সংস্থাত কৰ্মচাৰীজনে কাম কৰি আছে সেই সংস্থাটোৱেও নতুন আঁচনিখনত যোগদান কৰাৰ ঘোষণা কৰিব লাগিব। কিন্তু ২০১৪ চনৰ ১ ছেপ্টেম্বৰৰ পিছত ইপিএফৰ সদস্য হোৱাসকলে নতুন আঁচনিখনত যোগদান কৰিব নোৱাৰে।
এজন কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ বৃহৎ অংশ পেঞ্চনৰ বাবে জমা কৰিব পাৰিবনে?
অতিৰিক্ত দৰমহাৰ ওপৰত ১.১৬ শতাংশ সীমা নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ দৰমহাৰ অতিৰিক্ত অংশ ৰখাটো বেআইনী। আৰু চৰকাৰে অহা ৬ মাহৰ ভিতৰত আইন প্ৰণয়ন কৰিবলৈ ওলাইছে। এতিয়ালৈকে অতিৰিক্ত ধন দিয়া সকলৰ কি হ’ব সেই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই।
কথাটো ঠিক কি? সহজ ভাষাত ব্যাখ্যা কৰিলে ইয়াৰ অৰ্থ কি?
ইপিএফ আইন ২০ জন বা তাতকৈ অধিক কৰ্মচাৰী থকা কোম্পানীসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য। আৰু এই আইন প্ৰণয়নৰ লগে লগে ৩ খন সামাজিক সুৰক্ষা আঁচনি ৰূপায়ণ কৰা হয়- কৰ্মচাৰী ভৱিষ্যৎ পুঁজি আঁচনি, ১৯৫২ (ই পি এফ আঁচনি), কৰ্মচাৰী পেঞ্চন আঁচনি ১৯৯৫ (ই পি এছ আঁচনি) আৰু কৰ্মচাৰী জমা সংযুক্ত বীমা আঁচনি, ১৯৭৬। ই পি এফ আঁচনিৰ অধীনত কৰ্মচাৰী আৰু... ১২ শতাংশ - ১২ শতাংশ মৌলিক দৰমহাৰ প্ৰতিমাহে জমা কৰা হয়।
নিয়োগকৰ্তা কোম্পানীটোৰ ১২ শতাংশ শ্বেয়াৰৰ ভিতৰত ৮.৩৩ শতাংশ ইপিএছ আঁচনিৰ অধীনত পেঞ্চন পুঁজিলৈ যায়। সমগ্ৰ বিষয়টো এই ইপিএছ আঁচনিৰ অধীনত পেঞ্চন পুঁজিৰ সৈতে জড়িত।
Published by: Subham Goswami
FIRST PUBLISHED : November 14, 2022, 22:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।