কড়কনাথ মুৰ্গী পালন কৰিছে ক্ৰিকেটাৰ ধোনিয়ে। কড়কনাথ মুৰ্গীৰ বিষয়ে আমি সিমান অৱগত নহয় যদিও এই কুকুৰাই ইতিমধ্যে জি আই টেগো পাবলৈ সক্ষম হৈছে। এই কুকুৰা প্ৰতি কিলোগ্ৰামত প্ৰায় ১০০০ টকাত বিক্ৰী কৰা হয়। সাধাৰণ মানুহৰ পৰা এতিয়া ক্ৰিকেটাৰ ধোনীয়েও এনে কুকুৰা প্ৰতিপালন কৰিবলৈ লৈছে।
আপুনি ভাবিব পাৰে যে এটা কুকুৰাৰ দাম প্ৰতি কিলোগ্ৰামত প্ৰায় ১০০০ টকা হয় নেকি? দৰাচলতে, এই কুকুৰাটোৰ ৰং ক'লা আৰু এই কুকুৰাৰ তেজ আৰু মাংস দুয়োটাই ক'লা। কড়কনাথ মুৰ্গীৰ মাংস লো আৰু প্ৰ'টিনেৰে সমৃদ্ধ আৰু ইয়াত অতি কম কলেষ্টেৰল থাকে। গতিকে এই কুকুৰাৰ মাংস হৃদযন্ত্ৰ আৰু ডায়েবেটিচ ৰোগীসকলৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।
আনহাতে, এই কুকুৰাৰ প্ৰতিটো কণীৰ মূল্য ২০–৩০ টকা। সাধাৰণ অৱস্থাত এই কুকুৰাৰ মাংস প্ৰতি কিলোগ্ৰামত ৭০০ৰ পৰা ১০০০ টকাত বিক্ৰী কৰা হয়। অৱশ্যে, উচ্চ চাহিদাৰ সময়ত প্ৰতি কিলোগ্ৰামত ১০০০–১২০০ টকালৈ দাম উঠিব পাৰে। কিন্তু এই কুকুৰাৰ খেতি আন সাধাৰণ কুকুৰাতকৈ একেবাৰে বেলেগ। কুকুৰা ব্যৱসায়ৰ জৰিয়তে উপাৰ্জনো ভাল।
আকৌ, আপুনি এই কুকুৰা পালনৰ বাবে চৰকাৰৰ পৰা আৰ্থিক লাভালাভো পাব পাৰে। ফলস্বৰূপে, এতিয়া বহুতো ৰাজ্যতে এই কুকুৰাবোৰ পালন কৰা দেখা গৈছে। এই কুকুৰা ফাৰ্মৰ বিষয়ে যিকোনো কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা শিকিব পাৰি। কড়কনাথ মুৰ্গী কম ৰোগগ্ৰস্ত আৰু ইয়াৰ পৰা বাৰ্ষিক লাভাৰ্জন ১০০টা কুকুৰাৰ পৰা প্ৰায় ১.২০ লাখ টকা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।