• Home
  • »
  • News
  • »
  • business
  • »
  • আজীৱন প্ৰতিমাহে ১২,০০০ টকা লাগে যদি মাত্ৰ ১বাৰ প্ৰীমিয়াম ভৰি লওক LIC ৰ এই বিশেষ প্লেন, জানক সবিশেষ

আজীৱন প্ৰতিমাহে ১২,০০০ টকা লাগে যদি মাত্ৰ ১বাৰ প্ৰীমিয়াম ভৰি লওক LIC ৰ এই বিশেষ প্লেন, জানক সবিশেষ

যদি আপুনি সুৰক্ষিত বিনিয়োগৰ কথা ভাবিছে তেনেহ’লে আজি আমি আপোনাক LICৰ বিশেষ প্লেনৰ বিষয়ে জনাম। এই পলিচিখন লোৱাৰ সময়ত আপুনি কেৱল মাত্ৰ এবাৰ প্ৰীমিয়াম ভৰিব লাগিব আৰু আজীৱন আপুনি ১২০০০ টকা প্ৰতিমাহে পাই থাকিব।

  • Share this:
নতুন দিল্লীঃ যদি আপুনি নিজৰ কাৰণে পেন্সন আঁচনি লোৱাৰ প্লেন কৰি আছে তেনেহ’লে ভাৰতীয় জীৱন বীমা নিগমে (LIC) আপোনাৰ কাৰণে এক বিশেষ প্লেন লৈ আহিছে। এই পলিচীৰ কাৰণে আপুনি মাত্ৰ এবাৰ প্ৰীমিয়াম দিব লাগিব। ইয়াৰ পিছত আজীৱন আপুনি পেন্সন পাই থাকিব। এই পলিচীৰ নাম সৰল পেন্সন যোজনা (Saral Pension Yojana)।

LIC সৰল পেন্সন যোজনা এক ছিংগল প্ৰীমিয়াম প্লেন। এই আঁচনিৰ আৰম্ভনি ১ জুলাইৰ পৰা কৰা হৈছে। জানো আহক এই বিষয়ে সবিশেষ…

সৰল পেন্সন যোজনা লোৱাৰ ২টা উপায়: LIC সৰল পেন্সন যোজনা দুটা প্ৰকাৰৰ। প্ৰথমটো লাইফ এন্যুটি উইড ১০০ শতাংশ ৰিটাৰ্ণ অৱ পাৰচেজ প্ৰাইচ আৰু দ্বিতীয়টো পেন্সন যোজনা জইণ্ট লাইফ।

ছিংগল লাইফঃ এইখন পলিচী কোনো এজন ব্যক্তিৰ নামত থাকিব অৰ্থাৎ কোনো এজন ব্যক্তিৰ সৈতে এই পলিচী জৰিত হৈ থাকিব। পেন্সনধাৰী যেতিয়ালৈ জীয়াই থাকিব তেতিয়ালৈকে তেওঁ পেন্সন পাই থাকিব। ইয়াৰ পিচত নমিনীয়ে বেচ প্ৰাইচ পাব।

সৰল পেন্সন যোজনাৰ বিশেষত্বঃ
>> বীমাধাৰকে পলিচী লোৱাৰ লগে লগে পেন্সন আৰম্ভ হৈ যাব।
>> এতিয়া এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে পেন্সন প্ৰতিমাহে লাগে নে ত্ৰিমাসিক, ছয়মাহিলী নে বাৰ্ষিক লাগে। এই বিকল্প আপুনি নিজে বাচিব লাগিব।
>> এই পেন্সন আঁচনি অনলাইন বা অফলাইন দুয়োটা মোডত ল’ব পাৰিব।
>> এই আঁচনিত ১২০০০ টকা বাৰ্ষিক ন্যূনতম লগাব লাগিব। ইয়াত সৰ্বোচ্ছ বিনিয়োগৰ কোনো সীমা নাই।
>> এই আঁচনি ৪০ৰ পৰা ৮০ বছৰৰ লোকৰ কাৰণে।
>> এই আঁচনিত পলিচী আৰম্ভ কৰাৰ তাৰিখৰ পৰা ৬মাহ পিছত যিকোন সময়ত লোন ল’ব পাৰিব।
First published: