உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • Entrepreneurship Development Conclave: নিবনুৱা উদ্যমী যুৱক-যুৱতীসকলৰ বাবে বিশেষ খবৰ; যোৰহাট জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ

    Entrepreneurship Development Conclave: নিবনুৱা উদ্যমী যুৱক-যুৱতীসকলৰ বাবে বিশেষ খবৰ; যোৰহাট জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ

    "প্ৰথম অৱস্থাত প্ৰতিটো ক্ষেত্ৰত দেৰশ-দুশ লোকক আমি পঞ্জীয়নৰ জৰিয়তে এই কাৰ্যসূচীত অxশ গ্ৰহণৰ সুবিধা দিম।"

    "প্ৰথম অৱস্থাত প্ৰতিটো ক্ষেত্ৰত দেৰশ-দুশ লোকক আমি পঞ্জীয়নৰ জৰিয়তে এই কাৰ্যসূচীত অxশ গ্ৰহণৰ সুবিধা দিম।"

    "প্ৰথম অৱস্থাত প্ৰতিটো ক্ষেত্ৰত দেৰশ-দুশ লোকক আমি পঞ্জীয়নৰ জৰিয়তে এই কাৰ্যসূচীত অxশ গ্ৰহণৰ সুবিধা দিম।"

    • Share this:
    আত্মসং স্থাপনৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰ বাট মুকলি কৰিবলৈ সমগ্ৰ অসমৰ ভিতৰতে যোৰহাট জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । জীৱিকাৰ আধাৰ ৰূপে বিভিন্ন ক্ষেত্ৰৰ সৈতে পৰিচয় কৰাই দিবলৈ যোৰহাট জিলা প্ৰশাসনে অহা ৭ এপ্ৰিলৰ পৰা তিনি দিনিয়াকৈ যোৰহাটত অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে স্বনিয়োজন নামেৰে এক এণ্টাৰপ্ৰেনিউৰশ্বিপ ডেভেলপমেণ্ট কনক্লেভ ।

    নিবনুৱা কিন্তু উদ্যমী যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰ বাট মুকলি কৰিবলৈ সমগ্ৰ অসমৰ ভিতৰতে যোৰহাট জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ । কৃষি, পশুপালন, ৰেচম শিল্প, মীনপালনকে ধৰি বিভিন্ন ক্ষেত্ৰসমূহক জীৱিকাৰ আধাৰ ৰূপে গঢ় দিবলৈ যোৰহাট জিলা প্ৰশাসনে অহা ৭ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈ তিনি দিনিয়াকৈ যোৰহাটত অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে স্বনিয়োজন নামেৰে এক এণ্টাৰপ্ৰেনিউৰশ্বিপ ডেভেলপমেণ্ট কনক্লেভ । যোৰহাট কাছাৰি ময়দানত আয়োজন কৰা এই সমাবেশত নিৰ্বাচিত প্ৰতিটো ক্ষেত্ৰতে বিশেষজ্ঞৰ তত্ত্বাৱধানত প্ৰায় দেৰশগৰাকী আগ্ৰহী যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰিব পাৰিব । ইয়াৰ বাবে কৃষি, মীন পালন, গাহৰি পালন আদি ক্ষেত্ৰসমূহৰ সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে ইচ্ছুক লোকসকলে এই কনক্লেভত অংশ গ্ৰহণ কৰিবলৈ নাম পঞ্জীয়ন কৰিব লাগিব । স্বনিয়োজন নামৰ এই বিশেষ সমাৱৰ্তনত অংশ লোৱা লোকসকলে প্ৰতিটো ক্ষেত্ৰৰে বিশেষজ্ঞসকলৰ সৈতে ব্যৱসায়, উদ্যোগ স্থাপন, কাৰিকৰী কৌশল ইত্যাদি সন্দৰ্ভত আলোচনা কৰিব পাৰিব । প্ৰতি দিনেই প্ৰতিটো ক্ষেত্ৰৰ ওপৰত থাকিব প্ৰশিক্ষণৰ অনুষ্ঠান ।

    "আমি যোৰহাটত আগ্ৰহী তথা উদ্যোগী মনৰ একাংশ লোকক স্বাৱলম্বী হ'ব পৰাকৈ সহায় কৰিবলৈ পৰীক্ষামূলক ভাবে এই পদক্ষেপ হাতত লৈছোঁ । যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়, নেইষ্ট, এনআইডি, বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ সহযোগত একাংশ লোকক স্বাৱলম্বী হোৱাৰ এটা দিশ দিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । প্ৰথম অৱস্থাত প্ৰতিটো ক্ষেত্ৰত দেৰশ-দুশ লোকক আমি পঞ্জীয়নৰ জৰিয়তে এই কাৰ্যসূচীত অংশ গ্ৰহণৰ সুবিধা দিম।" যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে এনেদৰে কয় ।

    আনহাতে এই কনক্লেভত আলোচনাত অংশ গ্ৰহণ কৰিব প্ৰতিটো ক্ষেত্ৰৰে সফল উদ্যোগীসকলেও । বিভিন্ন ক্ষেত্ৰত স্বাৱলম্বীতাৰ পথ মুকলি কৰা লোকসকলে উৎপাদন কৰা সামগ্ৰীসমূহৰ বিপনীও থাকিব এই সমাৱৰ্তনথলীত । আনহাতে ইয়াত উপস্থিত থাকিব আগ্ৰহী উদ্যোগী লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ কেইবাটাও বেঙ্কৰ কৰ্তৃপক্ষ । যোৰহাট জিলা প্ৰশাসনে যোৰহাটৰ বিভিন্ন ক্ষেত্ৰত লুকাই থকা আত্মসংস্থাপনৰ বাটসমূহ আগ্ৰহী যুৱক-যুৱতীসকলৰ বাবে মুকলি কৰি দিয়াৰ উদ্দেশ্যৰে পৰীক্ষামূলক ভাবে গ্ৰহণ কৰিছে এই পদক্ষেপ । জিলাখনৰ ইচ্ছুক তথা উদ্যমী যুৱক-যুৱতীসকলক এই কনক্লেভত অংশ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহৰ সৈতে যোগাযোগ কৰিবলৈ যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনাইছে।

    এই কনক্লেভৰ তৃতীয় দিনটোত ভাৰতীয় বায়ুসেনা বাহিনীৰ দ্বাৰা কেৰিয়াৰ কাউন্সেলিঙৰ ব্যৱস্থাও কৰা হৈছে । যোৰহাটত হাতত লোৱা এই প্ৰথম প্ৰচেষ্টা সফল হলে ইয়াৰ পিছত যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এনে আৰু অধিক পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে যোৰহাটৰ উপায়ুক্তগৰাকীয়ে ।
    Published by:Manjumoni Borah
    First published: