உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • Agriculture : কম মাটিতে কেনেদৰে কৰিব অধিক উৎপাদনৰ খেতি ! খেতি কৰিবলৈ আগ্ৰহী লোকক সহায় আগবঢ়াব যোৰহাট জিলা প্ৰশাসনে

    Agriculture : কম মাটিতে কেনেদৰে কৰিব অধিক উৎপাদনৰ খেতি ! খেতি কৰিবলৈ আগ্ৰহী লোকক সহায় আগবঢ়াব যোৰহাট জিলা প্ৰশাসনে

    যোৰহাটৰ চাৰিগাঁও ভোজখেতিত এগৰাকী কৃষকৰ দুবিঘা মাটিত এই নতুন কৌশল ব্যৱহাৰ কৰি একেলগে বন্ধাকবি, সৰিয়হ, ধনীয়া আৰু মাকৈৰ খেতি কৰা হৈছিল ।

    যোৰহাটৰ চাৰিগাঁও ভোজখেতিত এগৰাকী কৃষকৰ দুবিঘা মাটিত এই নতুন কৌশল ব্যৱহাৰ কৰি একেলগে বন্ধাকবি, সৰিয়হ, ধনীয়া আৰু মাকৈৰ খেতি কৰা হৈছিল ।

    যোৰহাটৰ চাৰিগাঁও ভোজখেতিত এগৰাকী কৃষকৰ দুবিঘা মাটিত এই নতুন কৌশল ব্যৱহাৰ কৰি একেলগে বন্ধাকবি, সৰিয়হ, ধনীয়া আৰু মাকৈৰ খেতি কৰা হৈছিল ।

    • Share this:
    কম মাটিতে আধুনিক কৌশল ব্যৱহাৰ কৰি যথেষ্ট পৰিমাণে বিভিন্ন প্ৰকাৰৰ শস্য উৎপাদন কৰিব পাৰি । যোৰহাটত এই উদাহৰণ দাঙি ধৰি সকলোকে এনেয়ে পৰি থকা পথাৰসমূহত বিভিন্ন খেতি কৰিবলৈ আহ্বান জনাইছে যোৰহাট জিলা প্ৰশাসনে । ইয়াৰ আগবাঢ়ি অহা লোকসকলক সহায়  কৰিব বুলিও জানিবলৈ দিছে যোৰহাট জিলা প্ৰশাসনে ।

    যোৰহাটৰ উপকণ্ঠৰ মিচিং জনগোষ্ঠী অধ্যুষিত বাহফলা, এলেঙমৰাকে ধৰি বৃহৎ অঞ্চলটো কৃষিৰ বাবে বিখ্যাত । অঞ্চলটোত উৎপাদিত শাক-পাচলিয়ে যোৰহাট তথা ইয়াৰ কাষৰ বহু ঠাইৰ শাক-পাচলিৰ চাহিদা পূৰ কৰি আহিছে । যোৰহাট জিলা কৃষি বিভাগ আৰু  ৱৰ্ল্ড বেঙ্কৰ সহযোগত এপাৰ্টৰ দ্বাৰা এই অঞ্চলটোৰ একাংশ পথাৰত ৰূপায়ণ কৰা হৈছিল এখন বিশেষ আঁচনি ।

    অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ অধীনত উত্তৰ পশ্চিম যোৰহাটৰ চাৰিগাঁও ভোজখেতিত এগৰাকী কৃষকৰ দুবিঘা মাটিত এই নতুন কৌশল ব্যৱহাৰ কৰি একেলগে বন্ধাকবি, সৰিয়হ, ধনীয়া আৰু মাকৈৰ খেতি কৰা হৈছিল । এই খেতিত প্ৰায় ৫ হাজাৰ উন্নত প্ৰজাতিৰ বন্ধাকবি ৰোপণ কৰা হৈছিল আৰু পথাৰত অতি কম পৰিমাণে ৰসায়নিক সাৰ ব্যৱহাৰ কৰাৰ বিপৰীতে কেচুসাৰ ব্যৱহাৰ কৰা হৈছিল । আনহাতে বন্ধাকবিৰ সৈতে সৰিয়হ খেতি কৰাত সৰিয়হ ফুলৰ হালধীয়া ৰঙে পোক-পতঙ্গসমূহ আকৰ্ষিত কৰাত বন্ধাকবিৰ পুলিসমূহ পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল । ধনীয়াৰ খেতিয়ে কম সময়তে কৃষকগৰাকীক কিছু আৰ্থিক সকাহ দিয়াৰ লগতে খেতিদৰাৰ চৌপাশে কৰা মাকৈৰ খেতিয়ে মূল খেতিদৰালৈ গৰু-ছাগলী সোমোৱাত বাধা দিছিল । এই খেতি সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে কৰাত উৎপাদনো সন্তোষজনক হৈছে ।

    "এই আধুনিক কৌশল ব্যৱহাৰ কৰোঁতে আমি ইয়াৰ মাটি পৰীক্ষা কৰি যিমান কমকৈ ৰসায়নিক সাৰ ব্যৱহাৰ কৰিব পাৰি সেয়া চাইছোঁ । ইয়াত প্ৰধানকৈ কেচু সাৰ ব্যৱহাৰ কৰা হৈছে । বন্ধাকবিৰ সৈতে আন তিনিবিধ খেতি আমি একেলগে কৰিছোঁ। সৰিয়হ, ধনীয়া আৰু মাকৈৰ খেতি একেলগে কৰাত মূল খেতিদৰালৈ সহায় হোৱাৰ লগতে কৃষকজন অধিক লাভাম্বিত হৈছে ।" যোৰহাটৰ জিলা কৃষি বিষয়া বেণিমাধৱ বৰুৱাই এনেদৰে কয় ।

    ভোজখেতিৰ এই কম মাটিতে খেতি কৰি অধিক উৎপাদন কৰিব পৰা এনে কৃষি পদ্ধতিসমূহৰ উদাহৰণ দাঙি ধৰি খেতিয়কসকলক এনে পদ্ধতিসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। ইয়াৰ বাবে জিলা কৃষি বিভাগ আৰু যোৰহাট জিলা প্ৰশাসন কৃষকসকলক সহায় কৰিবলৈ সাজু আছে বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে বৰ্তমান ধান খেতি চপোৱাৰ পিছত মুকলি হৈ পৰা পথাৰসমূহত অন্যান্য খেতি কৰিবলৈ আহ্বান জনাইছে ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    যোৰহাট জিলা প্ৰশাসনে এনে ধৰণৰ উদাহৰণ দাঙি ধৰি সকলোকে পথাৰলৈ যাবলৈ আহ্বান জনাইছে । পথাৰসমূহ এনেয়ে পেলাই নথৈ তাত বিভিন্ন খেতি কৰি আৰ্থিক ভাৱে অধিক টনকিয়াল হবলৈ আহ্বান জনাইছে অশোক কুমাৰ বৰ্মনে।
    Published by:Manjumoni Borah
    First published: