মুখ্যপৃষ্ঠা » খবৰ

» ব্যৱসায়

»Jio's 5 Year Anniversary: ৰিলায়েন্স জিঅ'ৰ ৫ বছৰীয়া বাৰ্ষিকী আৰু ডাটা বিপ্লৱ, সাফল্যৰ চমু খতিয়ান

Jio's 5 Year Anniversary: ৰিলায়েন্স জিঅ'ৰ ৫ বছৰীয়া বাৰ্ষিকী আৰু ডাটা বিপ্লৱ, সাফল্যৰ চমু খতিয়ান

News18 Assam | News18-Assam
Updated:September 4, 2021, 9:36 PM IST
Jio's 5 Year Anniversary: ৰিলায়েন্স জিঅ'ৰ ৫ বছৰীয়া বাৰ্ষিকী আৰু ডাটা বিপ্লৱ, সাফল্যৰ চমু খতিয়ান
ৰুষ্ট প্ৰকৃতিৰ মাজতো জিঅ'ৰ অক্লান্ত কৰ্মচাৰীয়ে পালন কৰিছে দায়িত্ব, অসমত মুঠ জনসংখ্যাৰ ৯৫ শতাংশতকৈও অধিকৰ মাজত জিঅ'।

ৰুষ্ট প্ৰকৃতিৰ মাজতো জিঅ'ৰ অক্লান্ত কৰ্মচাৰীয়ে পালন কৰিছে দায়িত্ব, অসমত মুঠ জনসংখ্যাৰ ৯৫ শতাংশতকৈও অধিকৰ মাজত জিঅ'।

  • Share this:

ভাৰতৰ টেলিকম ক্ষেত্ৰখনলৈ আহিয়েই অভূতপূৰ্ব সফলতা লাভ কৰা ৰিলায়েন্স জিঅ'ই সম্পূৰ্ণ কৰিলে পাঁচটা বৰ্ষ। ৰিলায়েন্স জিঅ'ই অসমত ৰাজহ বজাৰৰ শীৰ্ষত আছে, যাৰ ত্ৰৈমাসিক ৰাজহ বৃদ্ধি হৈছে। টেলিকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়াই প্ৰকাশ কৰা তথ্য অনুসৰি, জুন ২০২১ত সমাপ্ত হোৱা ২১-২২ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহতে এই সফলতা প্ৰাপ্তি হৈছে। এই বিত্তীয় বৰ্ষটোত আগৰ তিনি মাহৰ তুলনাত ৪২ শতাংশৰ পৰা উন্নত হৈছে। ত্ৰৈমাসিকৰ হিচাপত পঞ্চমবাৰৰ বাবে নিৰন্তৰ শীৰ্ষত থকা জিঅ'ই ইয়াৰ নেতৃত্বৰ দ্বাৰা সমৰ্থিত বজাৰ ৰাজহৰ ক্ষেত্ৰত ইয়াৰ নিকটতম প্ৰতিযোগী ভাৰতী এয়াৰটেলতকৈ আগবাঢ়ি আছে।


জিঅ'ই এক শক্তিশালী 4G এলটিই নেটৱৰ্ক স্থাপনৰ জৰিয়তে অসমত ইয়াৰ বজাৰ নেতৃত্ব প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে। মুঠ জনসংখ্যাৰ ৯৫ শতাংশতকৈও অধিক, ২১৫খন চহৰ আৰু অসমৰ ২৬,৫৮৬খনতকৈও অধিক গাঁও সামৰি লৈছে। সমগ্ৰ অসমত ৮০০০তকৈও অধিক 4G ছাইট দ্ৰুতগতিত স্থাপন কৰাৰ উপৰি ৰিলায়েন্স জিঅ'ই শেহতীয়াকৈ সমগ্ৰ অসমত ইয়াৰ স্পেকট্ৰাম স্থাপন বৃদ্ধি কৰিছে। জিঅ' হৈছে প্ৰথম টেলিকম অপাৰেটৰ, যি অসমৰ ১৯খন মুখ্য জিলাত হাই স্পীড ব্ৰডবেণ্ড নেটৱৰ্ক স্থাপন কৰিছে। ইয়াৰ বাবে গ্ৰাহকসকলে এতিয়া ট্ৰিপল প্লে জিঅ' ফাইবাৰ সেৱা উপভোগ কৰিব পাৰে।


ট্ৰিপল প্লে হৈছে তিনিটা সেৱা প্ৰাপ্ত কৰাৰ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত ভইচ, ভিডিঅ' আৰু উচ্চ গতিৰ ইণ্টাৰনেট প্ৰাপ্ত কৰিব পাৰে। ইয়াৰ ডিজিটেল সেৱাবোৰ অধিক বিস্তাৰ কৰাৰ বাবে


ৰাজ্যখনত ৰিলায়েন্স জিঅ'ই এতিয়া গ্ৰাম্য অঞ্চলত ইয়াৰ জিঅ' পইণ্টবোৰ মিনি জিঅ' পইণ্টলৈ সলনি কৰিছে আৰু ৰাজ্যখনৰ গ্ৰাম্য লোকসকলক তেওঁলোকৰ দুৱাৰমুখতে সেৱা আগবঢ়োৱাৰ পথত আছে। ৰুষ্ট প্ৰকৃতিৰ মাজতো জিঅ'ৰ কৰ্মচাৰীয়ে নিৰন্তৰ কৰ্মত আগবাঢ়ি আহিছে।


চমুকৈ জিঅ'ৰ সাফল্যৰ খতিয়ান


ছেপ্টেম্বৰ, ২০১৬ত জিঅ'ৰ বাণিজ্যিক পৰিচালনাৰ আৰম্ভণিৰ পৰা:
– দেশত ছেপ্টেম্বৰ ২০১৬ৰ ১৯২.৩০ নিযুত ব্ৰডবেণ্ড গ্ৰাহকৰ পৰা ৩১২% বৃদ্ধি হৈ জুন ২০২১লৈ ৭৯২.৭৮ নিযুত ব্ৰডবেণ্ড গ্ৰাহক।


-অসমত ছেপ্টেম্বৰ,২০১৬ৰ ৩.৭ নিযুত ব্ৰডবেণ্ড গ্ৰাহকৰ পৰা ৩১৯% বৃদ্ধি হৈ মাৰ্চ, ২০২১ত ১৫.৩ নিযুত ব্ৰডবেণ্ড গ্ৰাহক।
– ডাটা ব্যয় প্ৰতি জিবিত ১৬০ টকাৰ পৰা ৯৩% হ্ৰাস হৈ প্ৰতি জিবিত ১০.৭৭ টকা।
–প্ৰতি জন ব্যৱহাৰকাৰীৰ প্ৰতি মাহে মুঠ ডাটা ব্যৱহাৰ ৮৭৮.৬৩ এম বিৰ পৰা ১২.৩৩ জিবিলৈ বৃদ্ধি, শতাংশ হিচাপত ১৩০৩% বৃদ্ধি।
–প্ৰতি জন ব্যৱহাৰকাৰীৰ ভইচ কনজামচন ৩১০ মিনিটৰ পৰা ৮১৮ মিনিটলৈ ১৬৪% তকৈ অধিক বৃদ্ধি হৈছে।
–ডিজিটাইজেশ্বনে পৰিৱেশ প্ৰণালী আৰম্ভ কৰাত সহায় কৰিছিল। দেশত মুঠ ইউনিকৰ্ণৰ সংখ্যা বৃদ্ধি পাইছে
২০১৬ চনত ১০ৰ পৰা জুন ২০২১লৈকে ৫৩ লৈ বৃদ্ধি। শতাংশ হিচাপত ৪৩০%।
–অসম টেলিডেনচিটি ছেপ্টেম্বৰৰ ২০১৬ৰ ৬১.২২%ৰ পৰা জুন' ২০২১লৈ ৭১.৭৫%লৈ বৃদ্ধি হৈছে


–অসমত সামগ্ৰিক ইণ্টাৰনেট ছেপ্টেম্বৰ ২০১৬ৰ ২২% ৰ পৰা মাৰ্চ ২০২১ত ৪৬% লৈ বৃদ্ধি হৈছে।
–অসমত টেলিকম ব্যৱহাৰকাৰী ছেপ্টেম্বৰৰ ২০১৬ৰ ১.৯৮ নিযুতৰ পৰা জুন ২০২১ত ২৫ নিযুতলৈ বৃদ্ধি হৈছে।

Published by: Gautam Barman
First published: September 4, 2021, 9:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি