হাই স্পীড ইণ্টাৰনেটৰ ক্ষেত্ৰত সদায়েই প্ৰথম ৰিলায়েন্স জিঅ'। এভাৰেজ 4G ডাউনলোড স্পীডৰ ক্ষেত্ৰত জিঅ'ই এপ্ৰিল মাহতো শীৰ্ষস্থান ধৰি ৰাখিবলৈ সক্ষম হৈছে। ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটীয়ে প্ৰকাশ কৰা এপ্ৰিল মাহৰ তালিকা অনুসৰি শীৰ্ষস্থানত ৰিলায়েন্স জিঅ'।
জিঅ'ই এপ্ৰিল মাহত ২৩.১ এমবিপিএছ গড় ডাউনলোড স্পীড অৰ্জন কৰিছে। যি মাৰ্চ মাহত আছিল ২১.১ এমবিপিএছ।
ভোডাফোন আইডিয়া, এয়াৰটেল আৰু BSNL নেটৱৰ্কে এপ্ৰিল মাহত ক্ৰমান্বয়ে ১৭.৭ এমবিপিএছ, ১৪.১ এমবিপিএছ আৰু ৫.৯ এমবিপিএছ গড় ডাউনলোড স্পীড পঞ্জীয়ন কৰিছে।
এয়াৰটেলে মাৰ্চ মাহত গড় ডাউনলোড স্পীড ১৩.৭ এমবিপিএছৰ পৰা সামান্য উন্নতি কৰিবলৈ সক্ষম হৈছে। এপ্ৰিলত ভোডাফোন আইডিয়া আৰু বিএছএনএলৰ ইণ্টাৰনেট স্পীডৰ গতি হ্ৰাস পাইছে।
ভোডাফোন আইডিয়াই এপ্ৰিলত ৮.২ এমবিপিএছৰ সৈতে গড় 4G আপলোড স্পীড চাৰ্টত শীৰ্ষস্থান দখল কৰিছে।
জিঅ', এয়াৰটেল আৰু বিএছএনএল-এ একে মাহত ক্ৰমান্বয়ে ৭.৬ এমবিপিএছ, ৬.১ এমবিপিএছ আৰু ৫.০ এমবিপিএছ গড় আপলোড গতি পঞ্জীয়ন কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|