ভাৰতত বৈদ্যুতিক বাহনৰ গতিশীলতা বৃদ্ধি কৰাৰ বাবে এম জি মটৰ ইণ্ডিয়া আৰু কেষ্ট্ৰল ইণ্ডিয়াই জিঅ'-বিপিৰ সৈতে অংশীদাৰিত্বত স্বাক্ষৰ কৰিছে। এই অংশীদাৰিত্বৰ অধীনত তিনিওটা কোম্পানীয়ে চাৰ্জিং আন্তঃগাঁথনি আৰু ইভি সেৱা নেটৱৰ্ক নিৰ্মাণ কৰি বৈদ্যুতিক বাহনক গতিশীল মাত্ৰা প্ৰদান কৰাৰ চেষ্টা কৰিব (jio bp mg motor and castrol partnership)।
বৈদ্যুতিক বাহনৰ ক্ৰেতাসকল লাভান্বিত হ'ব
জিঅ'-বিপি ((jio bp), এমজি মটৰ আৰু কেষ্ট্ৰলে এই অংশীদাৰিত্বৰ অধীনত চাৰিচকীয়া ইভি চাৰ্জিঙৰ বাবে আন্তঃগাঁথনি স্থাপন কৰিব আৰু বৈদ্যুতিক বাহনৰ গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে কেষ্ট্ৰলৰ বিদ্যমান অটো সেৱা নেটৱৰ্ক সম্প্ৰসাৰিত কৰিব। জিঅ'-বিপিয়ে বৈদ্যুতিক বাহনৰ বাবে ইতিমধ্য আন্তঃগাথনি নিৰ্মাণৰ চেষ্টা কৰি আছে। কোম্পানীটোৱে যোৱা বছৰ ভাৰতৰ দুটা বৃহৎ ইভি চাৰ্জিং হাব মুকলি কৰিছিল।
জিঅ'-বিপি পালচ ম'বাইল এপৰ জৰিয়তে গ্ৰাহকসকলে সহজে ওচৰৰ চাৰ্জিং ষ্টেচন বিচাৰি পাব পাৰে আৰু তেওঁলোকৰ বৈদ্যুতিক বাহন সহজে চাৰ্জ কৰিব পাৰে। আনহাতে এমজিয়েও বৈদ্যুতিক বাহনৰ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ দিশত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|