ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড (RIL) আৰু বিপিৰ ইন্ধন আৰু গতিশীলতাৰ যুটীয়া উদ্যোগ ৰিলায়েন্স বিপি ম'বিলিটী লিমিটেডে (RBML) আজি মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত ইয়াৰ প্ৰথমটো জিঅ'-বিপি ব্ৰেণ্ডেড মোবিলিটি ষ্টেচন (Mobility Station) মুকলি কৰে। যুটীয়া উদ্যোগটোৱে দেশত ৰিলায়েন্স-বিপি ব্ৰেণ্ড ম'বিলিটী ষ্টেচন নিৰ্মাণৰ লগতে দেশৰ প্ৰায় ১৪০০ পুৰণি পেট্ৰ'ল পাম্প পুনৰ নিৰ্মাণ কৰিব। ইয়াৰ অংশ ৰূপে মঙলবাৰে দেশৰ প্ৰথম ৰিলায়েন্স-বিপি পেট্ৰ'ল পাম্প নৱী মুম্বাইত মুকলি কৰা হয়।
ভাৰতত ইন্ধন আৰু ম'বিলিটীৰ বজাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰত অহা ২০ বছৰত বিশ্বৰ দ্ৰুততম বিকাশশীল ইন্ধন বজাৰ হোৱাৰ সম্ভাৱনা আছে। বৰ্ধিত চাহিদা পূৰণৰ বাবে জিঅ'-বিপি ম'বিলিটী ষ্টেচন স্থাপন কৰা হৈছে। জিঅ'-বিপি ব্যৱহাৰকাৰীসকলৰ বাবে বিভিন্ন সেৱা প্ৰদানৰ লক্ষ্য ৰখা হৈছে যথা অতিৰিক্ত ইন্ধন, ইভি চাৰ্জিং, সতেজতা, খাদ্য আৰু সময়ৰ সৈতে অধিক কম কাৰ্বন সমাধান প্ৰদান।
এই যুটীয়া উদ্যোগত ৰিলায়েন্সে ভাৰতত উপভোক্তা ব্যৱসায়ত ইয়াৰ বিশাল উপস্থিতি আৰু গভীৰ অভিজ্ঞতা ব্যৱহাৰ কৰি ইন্ধন আৰু ম'বিলিটীৰ ক্ষেত্ৰতো নেতৃত্ব লোৱাৰ বাবে উপযুক্ত স্থিতিত আছে। জিঅ'-বিপি ম'বিলিটী ষ্টেচনৰ এই ইন্ধনত আন্তৰ্জাতিকভাৱে বিকশিত 'সক্ৰিয়' প্ৰযুক্তি থাকিব, যি ইঞ্জিনবোৰ পৰিষ্কাৰ ৰখাত সহায় কৰাৰ লগতে জটিল ইঞ্জিন অংশত এক সুৰক্ষামূলক স্তৰ গঠন কৰে।
জিঅ'-বিপিয়ে যুটীয়াভাৱে তেওঁলোকৰ ম'বিলিটী ষ্টেচনৰ ওচৰত ইভি চাৰ্জিং ষ্টেচন আৰু বেটাৰী সলনি ষ্টেচন স্থাপন কৰিব। যুটীয়া উদ্যোগটোৰ লক্ষ্য হৈছে ভাৰতৰ আগশাৰীৰ ইভি চাৰ্জিং আন্তঃগাঁথনিৰ পৰিচালক হোৱা। এই ম'বিলিটী কেন্দ্ৰত এটা ৱাইল্ড বীন কেফে সেৱাও উপলব্ধ। ই কেন্দ্ৰলৈ অহা গ্ৰাহকসকলক বিশ্ৰাম ল'বলৈ সক্ষম কৰিব। লগতে সুস্বাদু ব্যঞ্জনৰ ইয়াত সোৱাদ ল'ব পাৰি। প্ৰতিদিনে ২৪ ঘণ্টাৰ বাবে উপলব্ধ দোকানখনে ৰিলায়েন্স ৰিটেইলৰ দ্বাৰা প্ৰয়োজনীয় সামগ্ৰী, জলপান আৰু অন্যান্য স্থানীয় খাদ্য প্ৰদান কৰিব।
জিঅ'-বিপি আৰু কেষ্ট্ৰল অংশীদাৰীত্বই ম'বিলিটী কেন্দ্ৰত পেছাদাৰীভাৱে প্ৰশিক্ষিত বিশেষজ্ঞৰ জৰিয়তে বিনামূলীয়াকৈ বাহনৰ পৰীক্ষা আৰু বিনামূলীয়া তেল পৰিৱৰ্তন সেৱা প্ৰদান কৰে। ইয়াৰ উপৰি এক্সপ্ৰেছ অইল চেঞ্জ আউটলেটত কেষ্ট্ৰল লুব্ৰিকেণ্ট ক্ৰয় কৰা প্ৰতিজন দুচকীয়া বাহনৰ গ্ৰাহকে কোনো খৰচ নকৰাকৈ তেল পৰিৱৰ্তন সেৱা লাভ কৰিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|