জিঅ' প্লেটফৰ্ম লিমিটেডে ("Jio”) চিলিকন ভেলীৰ ডীপ টেক প্ৰযুক্তি ষ্টাৰ্টআপ টু প্লেটফৰ্ম (Two Platforms Inc.)ত ১৫ নিযুত আমেৰিকান ডলাৰ বিনিয়োগৰ কথা ঘোষণা কৰিছে।
টু প্লেটফৰ্ম এটা ডীপ টেক (deep tech startup) ষ্টাৰ্টআপ যিটো প্ৰণৱ মিস্ত্ৰী (Pranav Mistry)য়ে প্ৰতিষ্ঠা কৰিছিল। ইয়াত জিঅ' ২৫% ইকুইটি অংশীদাৰিত্ব ক্ৰয় কৰিছে।
মেটাভাৰ্ছ (metaverse), কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) আৰু মিশ্ৰিত বাস্তৱতা (Mixed Reality)ৰ দৰে নতুন প্ৰযুক্তি গ্ৰহণ আৰু নিৰ্মাণৰ ক্ষেত্ৰত দ্ৰুত গতিত কাম কৰিবলৈ 'Two'য়ে জিঅ'ৰ সৈতে সহযোগিতামূলকভাৱে কাম কৰিব।
'Two' হৈছে এক কৃত্ৰিম বাস্তৱ (Artificial Reality) কোম্পানী য'ত ইন্টাৰেক্টিভ আৰু ইমচাৰ্ছনেল কৃত্ৰিম বুদ্ধিমত্তা (interactive and immersional AI) নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। পাঠ (Text) আৰু কণ্ঠস্বৰ (Voice)ৰ পিছত টু-য়ে বিশ্বাস কৰে যে কৃত্ৰিম বুদ্ধিমত্তাৰ পৰৱৰ্তী অধ্যায়টো দৃশ্যমান আৰু ইণ্টাৰেক্টিভ (visual and
interactive AI) অভিজ্ঞতা নিৰ্মাণ কৰা। টুৰ কৃত্ৰিম বাস্তৱ প্লেটফৰ্মে ৰিয়েল-টাইম AI ভইচ আৰু ভিডিঅ' কল, ডিজিটেল মানৱ (Digital Humans), ইমাৰ্ছিভ স্পেচ আৰু লাইফলাইক গেমিং। টুৱে ইয়াৰ ইন্টাৰেক্টিভ AI প্ৰথমে উপভোক্তা এপ্লিকেচনবোৰৰ বাবে প্ৰযুক্তি আৰু তাৰ পিছত মনোৰঞ্জন আৰু গেমিং, লগতে ৰিটেইল, সেৱাখণ্ড, শিক্ষা, স্বাস্থ্য আৰু সুস্থতা উদ্যোগৰ সমাধানৰ বাবেও অনাৰ পৰিকল্পনা কৰিছে।
এই বিনিয়োগ সন্দৰ্ভত জিঅ'ৰ সঞ্চালক আকাশ আম্বানী (Akash Ambani, Director of Jio)য়ে কয়, "আমি TWOৰ ফাউণ্ডিং টীমৰ AI/ ML, AR, মেটাভাৰ্ছ আৰু ৱেব 3.0ৰ ক্ষেত্ৰত শক্তিশালী অভিজ্ঞতা আৰু সামৰ্থ্যত প্ৰভাৱিত হৈছোঁ। আমি TWOৰ সৈতে ইণ্টাৰেক্টিভ এআই, ইমৰ্চিভ গেমিং আৰু মেটাভাৰ্ছৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ বাবে আগবাঢ়িছোঁ।"
আনহাতে টু (TWO )ৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ মিস্ত্ৰী (Pranav Mistry, CEO of TWO)য়ে কয়, "জিঅ' হৈছে ভাৰতৰ ডিজিটেল ৰূপান্তৰৰ আধাৰশিলা। AIৰ পৰিধিকো অতিক্ৰমী গ্ৰাহক আৰু ব্যৱসায়ৰ বাবে কৃত্ৰিম বাস্তৱতা (Artificial Reality)ৰ নতুন এপ্লিকেচন প্ৰৱৰ্তন কৰিবলৈ জিঅ'ৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰিবলৈ আমি উৎসাহিত হৈ আছোঁ।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|