ৰিলায়েন্স জিঅ'ই বুধবাৰে কৈছে যে ই নতুনকৈ দেশৰ ১০ খন ৰাজ্য/ইউটিৰ ৩৪ খন চহৰত True 5G সেৱা আৰম্ভ কৰিছে, যাৰ ফলত ইয়াৰ 5G সেৱা ৩৬৫ খন চহৰলৈ বৃদ্ধি পালে। জিঅ'ই এটা বিবৃতিত কৈছে যে ই ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সকলো চহৰ সামৰি লোৱাৰ পথত আছে।
জিঅ'ৰ ৫জি সেৱা এতিয়া অমলাপুৰম, ধৰ্মভাৰাম, কাভালি, তানুকু, টুনি, ভিনুকোণ্ডা (অন্ধ্ৰ প্ৰদেশ), ভিৱানী, জিন্দ, কাইথাল, ৰেৱাৰী (হাৰিয়ানা), ধৰ্মশালা, কাংৰা (হিমাচল প্ৰদেশ), বাৰামুলা, কাঠুৱা, কাটৰা, সোপোৰ (জম্মু-কাশ্মীৰ), হাভেৰী, কাৰৱাৰ, ৰানেবেন্নুৰ (কৰ্ণাটক), আতিঙ্গাল (কেৰালা), তুৰা (মেঘালয়), ভৱানীপত্তন, জাটানি, খোৰধা, সুন্দৰগড় (উৰিষ্যা), আম্বুৰ, চিদাম্বৰম, নামক্কাল, পুডুক্কোট্টাই, ৰামনাথপুৰম, শিৱকাচি, তিৰোচেংগুডে, ভিলোপুৰম (তামিলনাডু) আৰু সূৰ্যপেট (তেলেংগানা)ত উপলব্ধ।
জিঅ'ই কৈছে যে এই চহৰসমূহত ইয়াৰ ৫জি সেৱাৰ উপলব্ধতাই পৰ্যটন, উৎপাদন, এছএমই, ই-গভৰ্ণেন্স, শিক্ষা, স্বাস্থ্যসেৱা, কৃষি, গেমিং আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত মানুহ আৰু ব্যৱসায়ৰ বাবে নতুন বিকাশৰ সুযোগ মুকলি কৰিব।
Published by: Kokil Sarma
FIRST PUBLISHED : March 15, 2023, 23:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।