মঙলদৈ, ৪ মে’: ৰাজ্যৰ ২১ খন চহৰৰ লগতে মঙলদৈতো আজি মুকলি কৰা হ’ল Jio True 5G সেৱা । মঙলদৈত কেক কাটি Jio কাৰ্যালয়ত এই 5G সেৱা মুকলি কৰা হয় ।
৩০ গৰাকী Jio ৰ কৰ্মকৰ্তাই প্ৰথমে ফিটা কাটি এই সেৱাৰ শুভাৰম্ভ কৰাৰ পিছত সকলোৱে মিলি কেক কাটি ইয়াক উদযাপন কৰা হয় । ইয়াৰ পিছতেই মঙলদৈৰ Jio ৰ কৰ্মকৰ্তা সকলে Jio কাৰ্যালয়ৰ পৰা এক বাইক ৰেলী উলিয়াই ।
বিজ্ঞাপন
আজিৰে পৰা মঙলদৈ চহৰৰ পৌৰসভা এলেকাত বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব Jio 5G সেৱা । 4G পেক ৰিচাৰ্জ কৰিও 5G স্পীডত ইণ্টাৰনেট সেৱা লাভ কৰিব পাৰিব Jio ব্যৱহাৰকাৰীসকলে ।
বৰ্তমান মঙলদৈ চহৰৰ পৰা পৌৰসভা এলেকাত উপলব্ধ হৈছে এই সেৱা ৷ পৰৱৰ্তী সময়ত দলগাওঁ, খাৰুপেটীয়া, ওদালগুৰি আৰু ৰৌতাতো এই সেৱা উপলব্ধ হ’ব ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :