মুখ্যপৃষ্ঠা » খবৰ

» ব্যৱসায়

»LIC : মাত্ৰ ১৫০ টকাত এখন পলিচী খোলক, LICয়ে দিব ১৯ লাখ টকাৰ সুবিধা, যেতিয়াই বিচাৰিব টকা ঘূৰাই দিব, কেনেকৈ জানোঁ আহক...

LIC : মাত্ৰ ১৫০ টকাত এখন পলিচী খোলক, LICয়ে দিব ১৯ লাখ টকাৰ সুবিধা, যেতিয়াই বিচাৰিব টকা ঘূৰাই দিব, কেনেকৈ জানোঁ আহক...

Manjumoni Borah | News18-Assam
Updated:September 15, 2021, 4:24 PM IST
LIC : মাত্ৰ ১৫০ টকাত এখন পলিচী খোলক, LICয়ে দিব ১৯ লাখ টকাৰ সুবিধা, যেতিয়াই বিচাৰিব টকা ঘূৰাই দিব, কেনেকৈ জানোঁ আহক...
ভাৰতীয় জীৱন বীমা নিগমে (LIC) সকলো গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন আঁচনি আগবঢ়াই আহিছে। এইবোৰৰ ভিতৰত শিশুসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য 'নিউ চিলড্ৰেনছ মানি বেক প্লেন' (LIC New Children’s Money Back Plan) প্ৰস্তুত কৰিছে।

ভাৰতীয় জীৱন বীমা নিগমে (LIC) সকলো গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন আঁচনি আগবঢ়াই আহিছে। এইবোৰৰ ভিতৰত শিশুসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য 'নিউ চিলড্ৰেনছ মানি বেক প্লেন' (LIC New Children’s Money Back Plan) প্ৰস্তুত কৰিছে।

  • News18 Assam
  • Last Updated: September 15, 2021, 4:24 PM IST
  • Share this:
ভাৰতীয় জীৱন বীমা নিগমে (LIC) গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নানা প্ৰকাৰৰ আঁচনি আগবঢ়াই আহিছে। এই আঁচনিবোৰত বিনিয়োগ কৰিলে গ্ৰাহকসকলে লাভৱান হ'বই। আজিকালি পিতৃ-মাতৃসকলে বিত্তীয় পৰিকল্পনাত ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ সন্তানসকলকেই মূখ্য কৰি লয়। সন্তানৰ শিক্ষা, স্বাস্থ্য, বিবাহ আৰু অন্যান্য ব্যয়ৰ বাবে বেছ কিছু বিনিয়োগ কৰে পিতৃ-মাতৃসকলে।

ভাৰতীয় জীৱন বীমা নিগমৰ অধিনত এনে এক আঁচনি আছে, যিটো শিশুসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে। আমি LICৰ 'নিউ চিলড্ৰেনছ মানি বেক প্লেন'  (LIC New Children’s Money Back Plan)ৰ  বিষয়ে ক'ব বিচাৰিছোঁ।

এই আঁচনিখনৰ মুখ্য বিষয়বোৰ জনোঁ আহক :

এই বীমা লোৱাৰ নিম্নতম বয়স হৈছে ০ বছৰ।

বীমা লোৱাৰ সৰ্বাধিক বয়স হৈছে ১২ বছৰ।

নিম্নতম বীমাৰ পৰিমাণ হৈছে ১০,০০০ টকা।

সৰ্বাধিক বীমা ৰাশিৰ কোনো সীমা নাই।

প্ৰিমিয়াম ৱেভ বেনিফিট ৰাইডাৰ বিকল্পও উপলব্ধ।

মেছিউৰিটিৰ সময় সীমা : LIC-ৰ 'নিউ চিলড্ৰেনছ মানি বেক প্লেন'ৰ মুঠ সময় সীমা  ২৫ বছৰ।

মানি বেক ইনষ্টলেশ্বন : এই আঁচনিৰ অধীনত সন্তানটোৰ ১৮, ২০ আৰু ২২ বছৰ বয়সত বীমাকৃত ধনৰাশীৰ পৰা মূল পৰিমাণৰ ২০-২০ শতাংশ পৰিশোধ কৰে।

বেলেন্স ৪০% পৰিমাণ পৰিশোধ কৰা হ'ব : আঁচনি ধাৰকৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত। একে সময়তে সকলো বকেয়া বোনাচ পৰিশোধ কৰা হ'ব।

ম্যাদপুৰ্তিৰ লাভালাভ : আঁচনিৰ ম্যাদপুৰ্তিৰ সময়ত (আঁচনিৰ ম্যাদত বীমাকৃতৰ মৃত্যু নোহোৱাৰ ক্ষেত্ৰত), আঁচনিধাৰকে বীমা ৰাশিৰ বাকী ৪০% বোনাচ লাভ কৰিব।

মৃত্যু ৰক্ষা  : আঁচনিধাৰকৰ মৃত্যুৰ ক্ষেত্ৰত, বীমা ৰাশিৰ উপৰিও অন্তিম ৰেকাৰিং বোনাচ আৰু অন্তিম অতিৰিক্ত বোনাচ প্ৰদান কৰা হয়। মৃত্যুৰ লাভালাভ মুঠ প্ৰিমিয়াম পৰিশোধৰ ১০৫ শতাংশতকৈ কম নহ'ব।
Published by: Manjumoni Borah
First published: September 15, 2021, 4:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি