মুখ্যপৃষ্ঠা » খবৰ

» ব্যৱসায়

»Indian Railways : ৰে'ল যাত্ৰীসকলৰ বাবে ভাল খবৰ ! এতিয়া আপোনাৰ কনফাৰ্ম টিকটত ভ্ৰমণ কৰিব পাৰিব অন্য যাত্ৰীয়ে, কেনেদৰে জানি লওক

Indian Railways : ৰে'ল যাত্ৰীসকলৰ বাবে ভাল খবৰ ! এতিয়া আপোনাৰ কনফাৰ্ম টিকটত ভ্ৰমণ কৰিব পাৰিব অন্য যাত্ৰীয়ে, কেনেদৰে জানি লওক

Manjumoni Borah | News18-Assam
Updated:August 29, 2021, 8:43 PM IST
Indian Railways : ৰে'ল যাত্ৰীসকলৰ বাবে ভাল খবৰ ! এতিয়া আপোনাৰ কনফাৰ্ম টিকটত ভ্ৰমণ কৰিব পাৰিব অন্য যাত্ৰীয়ে, কেনেদৰে জানি লওক
ভাৰতীয় ৰেলৰ (Indian Railways)ৰ নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা আপোনাৰ কনফাৰ্ম টিকটটো আপোনাৰ পৰিয়ালৰ আন এজন ব্যক্তিলৈ হস্তান্তৰ কৰিব পাৰে (Ticket Transfer Rules)।

ভাৰতীয় ৰেলৰ (Indian Railways)ৰ নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা আপোনাৰ কনফাৰ্ম টিকটটো আপোনাৰ পৰিয়ালৰ আন এজন ব্যক্তিলৈ হস্তান্তৰ কৰিব পাৰে (Ticket Transfer Rules)।

  • Share this:
ভাৰতীয় ৰে'লৱেই (Indian Railways) ৰে'ল যাত্ৰীসকলৰ বাবে দিছে এক অতিকে ভাল খবৰ । আপুনি এতিয়া আপোনাৰ কনফাৰ্ম টিকট আন এজন যাত্ৰীলৈ হস্তান্তৰ কৰিব পাৰে (Transfer Confirm Ticket)। ইয়াৰ বাবে ৰে'লৱেই কিছুমান নিয়ম সলনি কৰিছে। আপুনি আপোনাৰ কনফাৰ্ম টিকট কেঞ্চেল নকৰাকৈ আনলৈ হস্তান্তৰ কৰিব পাৰিব।

ইয়াৰ পূৰ্বে, এজন ব্যক্তিয়ে আন এজন লোকৰ কনফাৰ্ম টিকটত যাত্ৰা কৰিলে ইয়াক শাস্তিযোগ্য অপৰাধ (Punishable Offence) বুলি গণ্য কৰা হৈছিল। সৰল ভাষাত, এতিয়ালৈ চলি থকা নিয়ম মতে, যদি আপুনি টিকট বুক কৰাৰ পিছত কিবা কাৰণত ভ্ৰমণ কৰিবলৈ অক্ষম হয় তেন্তে আপুনি আপোনাৰ টিকটটো কেঞ্চেল কৰাৰ বাহিৰে কোনো উপায় নাছিল। যাৰ ফলত যাত্ৰীসকলে আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন হৈছিল। কিন্তু এতিয়াৰ পৰা আৰু টিকট কেঞ্চেল নকৰিলেও হ'ব।

ভাৰতীয় ৰে'লৱেই সংৰক্ষিত টিকট (Reservation)ত যাত্ৰীসকলক এই বিশেষ সুবিধা প্ৰদান কৰিছে। ইয়াৰ অধীনত যিসকল যাত্ৰীয়ে কনফাৰ্ম টিকটত ভ্ৰমণ কৰিব নিবিচাৰে তেওঁলোকে তেওঁলোকৰ পৰিয়ালৰ কাৰোবাৰ নামত টিকট হস্তান্তৰ (Railway Ticket Transfer) কৰিব পাৰিব। টিকট হস্তান্তৰ কৰিবলৈ আপুনি ষ্টেচন মাষ্টৰ (Station Master)ক আবেদন কৰিব লাগিব। আপুনি এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ পিছতহে আপোনাৰ টিকট আপোনাৰ পৰিয়ালৰ আন কাৰোবালৈ হস্তান্তৰ কৰিব পাৰে।

কিন্তু আপুনি যি কোনো ব্যক্তিকেই আপোনাৰ টিকট হস্তান্তৰ কৰিব নোৱাৰে। ৰে'ল যাত্ৰীসকলে তেওঁলোকৰ কনফাৰ্ম টিকট কেৱল তেওঁলোকৰ পিতৃ-মাতৃ, ভাই-ভনী, পুত্ৰ আৰু কন্যা, স্বামী আৰু পত্নীৰ নামতহে হস্তান্তৰ কৰিব পাৰিব। এই নিয়ম অনুসৰি, আপুনি বন্ধুৰ নামত আপোনাৰ কনফাৰ্ম টিকট হস্তান্তৰ কৰিব নোৱাৰে। বিয়া বা পাৰ্টিত উপস্থিত থকা লোকসকলে এনে পৰিস্থিতিৰ সন্মুখীন হ'লে বিয়া আৰু পাৰ্টিৰ আয়োজকে ৪৮ ঘণ্টা আগতে প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰিব লাগিব। টিকট হস্তান্তৰৰ এই প্ৰক্ৰিয়া অনলাইন যোগেও কৰিব পাৰে নাইবা ৰে'ল ষ্টেচনলৈ গৈ ব্যক্তিগতভাৱেও কৰিব পাৰে।
Published by: Manjumoni Borah
First published: August 29, 2021, 8:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি