• Home
  • »
  • News
  • »
  • business
  • »
  • RIL AGM 2022 : ''আগন্তুক ২৫ বছৰ ভাৰতৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ অধ্যায় হ'বলৈ গৈ আছে''- ৰিলায়েন্সৰ বাৰ্ষিক সাধাৰণ সভাত ক'লে মুকেশ আম্বানিয়ে

RIL AGM 2022 : ''আগন্তুক ২৫ বছৰ ভাৰতৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ অধ্যায় হ'বলৈ গৈ আছে''- ৰিলায়েন্সৰ বাৰ্ষিক সাধাৰণ সভাত ক'লে মুকেশ আম্বানিয়ে

মুকেশ আম্বানিয়ে কয় যে ভৱিষ্যতে দেশৰ উন্নয়নৰ বাবে আৰু অধিক ভূমিকা পালন কৰিবলৈ ৰিলায়েন্স সাজু আছে

মুকেশ আম্বানিয়ে কয় যে ভৱিষ্যতে দেশৰ উন্নয়নৰ বাবে আৰু অধিক ভূমিকা পালন কৰিবলৈ ৰিলায়েন্স সাজু আছে

মুকেশ আম্বানিয়ে কয় যে ভৱিষ্যতে দেশৰ উন্নয়নৰ বাবে আৰু অধিক ভূমিকা পালন কৰিবলৈ ৰিলায়েন্স সাজু আছে

  • Share this:
সোমবাৰে অনুষ্ঠিত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভা (এজিএম)ত ভাৰতৰ অৰ্থনীতি সন্দৰ্ভতো মত প্ৰকাশ কৰে ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানিয়ে।কোৰোনাৰ পিছত বিশ্বৰ বহুকেইখন দেশ অৰ্থনৈতিক সংকটৰ গৰাহত পৰিছিল যদিও ভাৰতে এই দিশত নিজৰ আৰ্থিক সন্তুলন বজাই ৰাখিবলৈ সক্ষম হৈছিল। এয়া অতি প্ৰশংসনীয় কথা বুলি প্ৰকাশ কৰে আম্বানিয়ে।

মুকেশ আম্বানিয়ে লগতে ভাৰত চৰকাৰৰ আৰ্থিক নীতিৰ শলাগ লয়। ৰিলায়েন্সৰ অধ্যক্ষগৰাকীয়ে কয়- "ক'ৰোনাৰ আঘাতৰ পৰা বিশ্ব প্ৰায় সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে, কিন্তু আন্তঃৰাষ্ট্ৰীয় বিপদ আৰু বিভিন্ন ভৌগোলিক আৰু সামাজিক বিষয়ৰ ওপৰত অনিশ্চয়তাই আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহক আগুৰি ধৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত অৰ্থনৈতিক সংকটৰ উত্থান ঘটিছে। ইন্ধন, সাৰ আৰু খাদ্যৰ মূল্যবৃদ্ধিয়ে মানুহক চিন্তিত কৰি তুলিছে। উচ্চ মুদ্ৰাস্ফীতি আৰু যোগানৰ সমস্যাই আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এক অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰিছে। কিন্তু এই বিশ্ব সংকটৰ সময়তো ভাৰত অৰ্থনৈতিক ক্ষেত্ৰত উচ্চশিৰে থিয় দিছে আৰু এক সুস্থিৰ অৰ্থনীতিৰ দেশৰ পৰিচয় দিছে। ভাৰত চৰকাৰে কোৰোনাৰ পৰিস্থিতিৰ মোকাবিলা যি নিপুণতাৰে কৰিছে, যি দক্ষতাৰে অৰ্থনৈতিক বাধা অতিক্ৰম কৰিছে, তাৰ দ্বাৰা দেশৰ জনসাধাৰণ উপকৃত হৈছে।"

ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যত সন্দৰ্ভত মত ব্যক্ত কৰি ৰিলায়েন্সৰ অধ্যক্ষগৰাকীয়ে কয়- "আগন্তুক ২৫ বছৰ ভাৰতৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ অধ্যায় হ'বলৈ গৈ আছে। ভাৰতৰ নতুন প্ৰজন্মই এক আকাশলংঘী লক্ষ্য জয় কৰিবলৈ গৈ আছে, যিটো স্বৰাজোত্তৰ ভাৰতৰ বহু প্ৰজন্মই একেলগে জয় কৰিব নোৱাৰিলে।'' তেওঁ উল্লেখ কৰে যে ৰিলায়েন্সে ভাৰতৰ উন্নয়ন যাত্ৰাত আৰু ডাঙৰ ভূমিকা পালন কৰিবলৈ ওলাইছে। এতিয়ালৈ ৰিলায়েন্সে যিদৰে ভূমিকা পালন কৰি আহিছে, ভৱিষ্যতে দেশৰ উন্নয়নৰ বাবে আৰু অধিক ভূমিকা পালন কৰিবলৈ ৰিলায়েন্স সাজু আছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি