নিৰ্গমন হ্ৰাস তথা তেল আমদানি আৰু বায়ু প্ৰদূষণৰ বিৰূপ প্ৰভাৱৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বব্যাপী প্ৰতিশ্ৰুতি পূৰণৰ বাবে চৰকাৰে দেশখনক বৈদ্যুতিক বাহন (EVs)ৰ দিশত আগবঢ়াই নিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগে লগে ভাৰত গতিশীলতা বিপ্লৱৰ দিশে আগবাঢ়িছে।
২০১৫ চনৰ পেৰিছ চুক্তিৰ অংশ হিচাপে ভাৰতে ২০৩০ চনৰ ভিতৰত নিজৰ মুঠ ঘৰুৱা উৎপাদনৰ নিৰ্গমনৰ তীব্ৰতা (প্ৰতি ইউনিট GDP ত GHG নিৰ্গমন) ৩৩% ৰপৰা ৩৫% লৈ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল। EV গ্ৰহণ এই কাহিনীৰ এক মুখ্য অংশ।
২০২১ চনৰ পৰা ২০৩০ চনৰ ভিতৰত ৪৯% যৌগিক বাৰ্ষিক বিকাশ হাৰ (CAGR)ৰ প্ৰক্ষেপণ, আৰু ২০৩০ চনৰ ভিতৰত বাৰ্ষিক বিক্ৰীয়ে ১৭ মিলিয়ন ইউনিট অতিক্ৰম কৰাৰ প্রত্যাশাৰে ভাৰতীয় EV বজাৰখন বিস্ফোৰকভাৱে বৃদ্ধিৰ বাবে সাজু হৈছে। অভিলাষী যদিও এই লক্ষ্যসমূহ আপাতদৃষ্টিত লগাৰ দৰে ইমান ভয়ংকৰ নহয়ঃ বৰঞ্চ বেটাৰীৰ খৰচ হ্ৰাস কৰা আৰু অনুকূল অৰ্থনীতিয়ে EV সমূহক উপভোক্তাৰ বাবে ক্ৰমান্বয়ে অধিক আকৰ্ষণীয় বিকল্প কৰি তুলিছে। EV সমূহক বাহাল ৰখাটোও যথেষ্ট সহজ– তুলনামূলকভাবে ই ৫০% সস্তা, কিয়নো ইয়াত ডিজেল বা পেট্ৰ’লৰ গাড়ীত থকা ভিতৰৰ সকলো বিশৃঙ্খল অংশ নাথাকে। আচলতে পাঁচ বছৰৰ এই মালিকীস্বত্বৰ মুঠ মূল্য (TCO) হয় আনতকৈ ভাল, বা নহ’লেও আন যিকোনো বাহনৰ সৈতে তুলনীয়।
তদুপৰি, এসময়ত এটা ডাঙৰ চিন্তাৰ বিষয় হোৱা ৰেঞ্জ উদ্বেগ ভাৰতত চাৰ্জিং ষ্টেচনৰ সংখ্যা আকাশলংঘী হোৱাৰ লগে লগে দ্ৰুতগতিত অতীতৰ কথা হৈ পৰিছে। চৰকাৰে এক দ্রুত গতি নিৰ্ধাৰণ কৰিছে: ২০২২ বিত্তীয় বৰ্ষত মুঠ চাৰ্জিং ষ্টেচন বছৰসমূহত ক্রমান্বয়ে ২৮৫% বৃদ্ধি পাইছে, আৰু বিত্তীয় বৰ্ষ ২০২৬ ৰ ভিতৰত ৪ লাখ চাৰ্জিং ষ্টেচনত উপনীত হোৱাৰ লক্ষ্য স্থিৰ কৰিছে। গ্ৰহণ বৃদ্ধি হোৱাৰ লগে লগে ই অধিক EV আন্তঃগাঁথনি সৃষ্টি কৰা, অধিক EV গ্ৰহণৰ সুবিধা প্ৰদান কৰা, অধিক আন্তঃগাঁথনিক পৰিচালিত কৰা এটা গুণগত চক্ৰ আৰম্ভ কৰিব বুলি আশা কৰা হৈছে!
২০২১ চনৰ ৩১ জুলাইলৈকে ভাৰতত ৩৮০টা EV নিৰ্মাতা আছিল আৰু প্রেক্ষাপটত EV ৰ গ্ৰহণ বৃদ্ধি পোৱাৰ লগে লগে এই সংখ্যা বৃদ্ধি হোৱাৰ আশা কৰা হৈছে। চৰকাৰে ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা ৩ বছৰৰ বাবে ব্যয় কৰিবলগীয়া ১০,০০০ কোটি টকাৰ বাজেট ব্যয়ৰ FAME আঁচনিৰ দ্বিতীয় পৰ্যায়ৰো অনুমোদন জনাইছে। ইয়াত আমোদজনক কথাটো হ’ল যে বৃহৎ চাহিদা বৃদ্ধিৰ বাবে ৭০০০ খন ই-বাছ, ৫ লাখ খন ই-থ্রী হুইলাৰ, ৫৫০০০ খন ই-ফ’ৰ হুইলাৰ যাত্ৰীবাহী গাড়ী (ষ্ট্ৰং হাইব্ৰিডকে ধৰি) আৰু ১০ লাখ খন ই-টু হুইলাৰক সমৰ্থন কৰি চাহিদা সুবিধাৰ নামত পুঁজিৰ ৮৬% আবণ্টন দিয়া হৈছে ।
বাহনৰ মালিকীস্বত্ব বাদ দিও, ভাৰতৰ ই-মবিলিটি ব্যৱসায়ে গ্ৰাহকক মূল্যৱান সেৱা প্ৰদানৰ বাবে EV ব্যৱহাৰ কৰা ব্যৱসায়িক মডেলৰ ওপৰত গুৰুত্ব আৰোপ কৰিব পাৰে। এতিয়া চহৰ অঞ্চলত চমু ভ্ৰমণৰ বাবে বৈদ্যুতিক স্কুটাৰ আৰু বাইকৰ দৰে মাইক্ৰ’ মবিলিটি সেৱা জনপ্ৰিয় পৰিবহণ মাধ্যমত পৰিণত হৈছে। পেট্ৰ’লৰ বাহনতকৈ অধিক বহনক্ষম হোৱাৰ উপৰিও, ইন্ধন আৰু ৰক্ষণাবেক্ষণৰ খৰচৰ ক্ষেত্ৰতো ই কম খৰচী।
EV য়ে উল্লেখযোগ্য পৰিৱৰ্তন আনিব পৰা আন এখন ক্ষেত্ৰ হ’ল ৰাইড হেইলিং বা বাহন সেৱা উদ্যোগ। বৈদ্যুতিক কেবৰ ব্যৱস্থা কৰাটো কাৰ্বন নিৰ্গমন হ্ৰাস কৰা আৰু ইন্ধনৰ খৰচ কমোৱাৰ দিশত এক যুক্তিসংগত পদক্ষেপ। গাড়ী শ্বেয়াৰিং সেৱাসমূহেও EV ৰ ব্যৱহাৰৰ জৰিয়তে লাভৱান হ’ব পাৰে, কিয়নো ইয়াৰ ফলত অধিক পৰিৱেশ অনুকূল পৰিবহণৰ ব্যৱস্থা লাভ কৰাৰ লগতে মালিকীস্বত্বৰ খৰচো হ্ৰাস পায়। গ্ৰাহকসকলক মাহেকীয়া ভিত্তিত বাহনৰ সংগ্রহ এটাত প্ৰৱেশ কৰাৰ অনুমতি দিয়া গাড়ী চাবস্ক্ৰিপচন সেৱাই EV ৰ সুবিধা লৈও বহনক্ষম আৰু খৰচ-বহনক্ষম বিকল্প আগবঢ়াব পাৰে। শেষত, ই-ৰোমিং সেৱাই ভাৰত ভ্ৰমণলৈ অহা পৰ্যটকসকলৰ বাবে এক চাপমুক্ত পৰিবহণৰ ব্যৱস্থা প্ৰদান কৰে, যাৰ ফলত তেওঁলোকে পৰিৱেশ অনুকূলভাৱে দেশখন অন্বেষণ কৰিব পাৰে।
EV ৰ প্ৰতি আগ্ৰহ বঢ়াৰ সময়তে GOI ই গ্ৰাহকৰ বাবে আকৰ্ষণীয় উপৰঞ্চি সুবিধাৰে EV ক্ৰয় কৰাটো ক্ৰমান্বয়ে অধিক সহজ কৰি তুলিছে। এইবোৰে কেইবাটাও ৰূপ পৰিগ্ৰহ কৰে: ক্ৰয় সুবিধাত প্ৰায়ে EV ৰ ক্রয়মূল্যত প্ৰত্যক্ষ ৰেহাই দিয়া হয়, আনহাতে কুপনৰ ক্ষেত্রত আৰ্থিক সুবিধা প্ৰদান কৰা হয়, যিবোৰ পিছতো পৰিশোধ কৰিব পাৰি। সুতৰ সাহায্যই সুতৰ হাৰত ৰেহাইৰ ৰূপ লয়, যাৰ ফলত ঋণ সস্তা হয়। পথ কৰ ৰেহাইৰ দৰে পঞ্জীয়ন মাচুলৰ ৰেহাইয়েও আন এটা খৰচৰ বাট সম্পূৰ্ণৰূপে আঁতৰাই পেলায়।
ভাৰত চৰকাৰে কেৱল আয়কৰৰ সুবিধা প্ৰদান কৰাই নহয়, বাতিল কৰা সা-সুবিধাও প্ৰদান কৰে! পেট্ৰ’ল আৰু ডিজেল বাহনৰ মালিকসকলক আগবঢ়োৱা এই সুবিধাসমূহ তেওঁলোকৰ পুৰণি, জীৱাশ্ম ইন্ধন জ্বলোৱা বাহনখনক দলিয়াই পৰিৱেশ অনুকূল আৰু জেপৰ প্রতি অতি সদয় এখন নতুন বিলাসী EV ৰ লোৱাটো সহজ কৰি তোলে। আচলতে গ্রাহকৰ বাবে উপলব্ধ সুতবিহীন ঋণ তথা ৰাজসাহাৰয আৰু বিশেষ সা-সুবিধাৰে এখন EV কিনাৰ বাবে ভাৰতত ইয়াতকৈ আগতে কেতিয়াও বেছি ভাল সময় নাছিল।
অৱশ্যে, যিকোনো নতুন বস্তু আকোৱালি লোৱাৰ ক্ষেত্রত হোৱাৰ দৰে, গ্ৰাহকৰ বিশ্বাসেই মূল কথা। গ্ৰাহকৰ আস্থা বৃদ্ধিৰ বাবে ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (BIS), কেন্দ্ৰীয় বিদ্যুৎ কৰ্তৃপক্ষ (CEA), আৰু ভাৰতীয় অটোমোটিভ ৰিচাৰ্চ এছ’চিয়েশ্যন (ARAI)ৰ জৰিয়তে নীতি আয়োগে মানদণ্ডৰ এক কাঠামোৰ সৃষ্টি কৰিছে। BIS প্ৰামাণিকসমূহে EV আৰু ইয়াৰ উপাদানসমূহৰ বাবে আন্তঃকাৰ্য্যক্ষমতা নিশ্চিত কৰে আৰু ইয়াৰ বাণিজ্যিক বাধাসমূহ কম কৰে, য’ত CEA প্ৰামাণিকসমূহে পাৱাৰ গ্ৰীডৰ সুৰক্ষা সুনিশ্চিত কৰে। আনহাতে ARAI য়ে যান-বাহন আৰু ইয়াৰ উপাদানসমূহৰ বাবে মানদণ্ড নির্ধাৰণ কৰে।
তাৰ লগতে, EV ৰ চাৰ্জিং আন্তঃগাঁথনিৰ বাবে শক্তি মন্ত্ৰালয়ে সংশোধিত একত্ৰিত নিৰ্দেশনা আৰু মানদণ্ড জাৰি কৰিছে। এই নিৰ্দেশনাসমূহে মালিকসকলে ঘৰ আৰু কাৰ্যালয়ত তেওঁলোকৰ EV সমূহ কেনেকৈ চাৰ্জ কৰিব পাৰে, সংযোগৰ বাবে কেনেকৈ আবেদন কৰিব পাৰে, ৰাজহুৱা EV চাৰ্জিং ষ্টেচনসমূহলৈ যোগানৰ বাবে শুল্ককে ধৰি চাৰ্জিং আন্তঃগাঁথনিৰ সকলো দিশ সামৰি লয়। তদুপৰি এই নিৰ্দেশনাসমূহে এই ষ্টেচনসমূহৰ স্থানৰ ঘনত্বৰো নিৰ্দেশ দিয়ে, যিটো হৈছে: ৩ কিলোমিটাৰ X ৩ কিলোমিটাৰৰ প্ৰতি গ্ৰীডত অন্ততঃ এটা EV চাৰ্জিং ষ্টেচন, আৰু ঘাইপথ/পথৰ দুয়োকাষে প্ৰতি ২৫ কিলোমিটাৰত এটা EV চৰ্জিং ষ্টেচন থকা উচিত।
এই ধৰণৰ কাৰ্যসূচী সফল হ'বলৈ আৰু EV বিপ্লৱৰ বিকাশ ঘটিবলৈ গুণগত মানৰ এক সবল মেৰুদণ্ডৰ প্ৰয়োজন। ভাৰতত এয়া ভাৰতীয় মান পৰিষদ (QCI)ৰ সমাৰ্থক, যিয়ে ১৯৯৭ চনৰ পৰা প্ৰমাণী কৰণ সংস্থাসমূহৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি ব’ৰ্ড (NABCB)ৰ অধীনত স্বীকৃতিৰ জৰিয়তে ভাৰতৰ প্রস্তুত সামগ্ৰীসমূহৰ গুণগত মান আৰু অখণ্ডতাৰ ভেটি গঢ়ি তুলিছে।
EV উদ্যোগটোৰ সম্প্ৰসাৰণৰ লগে লগে দক্ষ কৰ্মশক্তিৰ চাহিদাও বৃদ্ধি পাব, আৰু তাৰ বাবে QCI য়ে প্ৰশিক্ষণ আৰু প্ৰমাণীকৰণ কাৰ্যসূচী যেনে ৰাষ্ট্ৰীয় শিক্ষা আৰু প্ৰশিক্ষণৰ বাবে স্বীকৃতি ব’ৰ্ড (NABET), প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ বিভাগ (টিচিবি), আৰু এটা অনলাইন শিক্ষণ পৰ্টেল ইকুৱেষ্ট (eQuest) ৰ জৰিয়তে পৰৱৰ্তী প্ৰজন্মটোক প্ৰস্তুত কৰি আহিছে ।
ভাৰতীয় অৰ্থনীতিয়ে অগ্রগতি লভিছে যদিও এই বৃদ্ধিয়ে নিৰ্গমনৰ বৃদ্ধিৰ ভাবুকি কঢ়িয়াই আনিছে। দুৰ্ভাগ্যজনকভাৱে ভাৰত জলবায়ু পৰিৱৰ্তনৰ অসমানুপাতিক প্ৰভাৱৰো সন্মুখীন হৈছে, যাৰ অর্থ হৈছে যে অন্যান্য উন্নত ৰাষ্ট্ৰসমূহৰ বিপৰীতে আমি আমাৰ অৰ্থনৈতিক লক্ষ্যত উপনীত হ’বলৈ যাওঁতে পৰিৱেশৰ বিষয়টো একাষৰীয়া কৰি ৰাখিব নোৱাৰোঁ। দুয়োটাৰে ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
স্বতন্ত্ৰ EV নিৰ্মাণ আৰু গ্ৰহণ হৈছে অৰ্থনৈতিক আৰু পৰিৱেশগত দুয়োটা লক্ষ্য পূৰণৰ মূল চাবিকাঠি, আৰু গুণগত মান, সুৰক্ষা তথা অখণ্ডতাৰ বাবে QCI ৰ মানদণ্ডৰ সৈতে সংযুক্ত হৈ চৰকাৰৰ সুবিধালব্ধ পথটোৱে ভাৰতীয় EV পৰিৱেশ তন্ত্ৰক ইতিবাচক পৰিৱৰ্তনৰ বাবে এক ক্ষমতাশালী শক্তি কৰি তুলিছে। এইটো সঁচাকৈয়ে কাৰ্যক্ষেত্রত, “গুণৱত্তা সে আত্মনিৰ্ভৰতা”।
Published by: Gautam Barman
FIRST PUBLISHED : March 14, 2023, 13:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।