• Home
  • »
  • News
  • »
  • business
  • »
  • Rules will Change From July : ১ জুলাইৰ পৰা কোনবোৰ নতুন নিয়মে আপোনাক প্ৰভাৱিত কৰিব? আৰ্থিক ক্ষতি নহ’বলৈ বিতংভাৱে জানি লওক

Rules will Change From July : ১ জুলাইৰ পৰা কোনবোৰ নতুন নিয়মে আপোনাক প্ৰভাৱিত কৰিব? আৰ্থিক ক্ষতি নহ’বলৈ বিতংভাৱে জানি লওক

১ জুলাইৰ পিছত পানকাৰ্ড আধাৰৰ সৈতে সংযোগ কৰিলে ১০০০ টকা জৰিমনা ভৰিব লাগিব।

১ জুলাইৰ পিছত পানকাৰ্ড আধাৰৰ সৈতে সংযোগ কৰিলে ১০০০ টকা জৰিমনা ভৰিব লাগিব।

১ জুলাইৰ পিছত পানকাৰ্ড আধাৰৰ সৈতে সংযোগ কৰিলে ১০০০ টকা জৰিমনা ভৰিব লাগিব।

  • Share this:
১ জুলাইৰ পৰা অৰ্থনৈতিক লেনদেনৰ সৈতে জড়িত বহু নিয়ম সলনি হ’ব। এনে কিছুমান নিয়মৰ বোজা আপোনাৰ পকেটৰ ওপৰতো পৰিব। ১ জুলাইৰ পৰা এই পৰিৱৰ্তনৰ ফলত ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ ব্যৱহাৰ, ক্ৰিপ্টোকাৰেন্সী বিনিয়োগকাৰী আৰু পেন কাৰ্ডধাৰীসকলো প্ৰভাৱিত হ’ব। জুলাই মাহৰ পৰা প্ৰযোজ্য হ’বলগীয়া নতুন নিয়মৰ বিষয়ে আপুনি সচেতন হ’ব লাগিব। যদি আপুনি এই নিয়মবোৰক অৱহেলা কৰে, তেন্তে আপুনি হয়তো আৰ্থিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে আৰু কিছুমান অসুবিধাও আহিব পাৰে ( Rules will Change From July 1)।

জুলাই মাহত মুদ্ৰাস্ফীতিয়ে আপোনাক অলপ আঘাত কৰিব পাৰে। দুচকীয়া বাহন এখন কিনাৰ কথা ভাবিলেও হয়তো অধিক ধন দিব লাগিব। কাৰণ দেশৰ আগশাৰীৰ দুচকীয়া বাহন নিৰ্মাতা কোম্পানী হিৰো মট’কৰ্পে মূল্যবৃদ্ধিৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগতে এয়াৰ কণ্ডিচনাৰৰ শীতল বায়ু উপভোগ কৰাটোও অহা মাহত ব্যয়বহুল হৈ পৰিব।

ক্ৰিপ্টো বিনিয়োগকাৰীয়ে টিডিএছ দিব লাগিব

২০২২ চনৰ ১ জুলাইৰ পিছত যদি ক্ৰিপ্টোকাৰেন্সীৰ বাবে কৰা লেনদেন এবছৰত ১০ হাজাৰ টকা অতিক্ৰম কৰে, তেন্তে ইয়াৰ পৰা এক শতাংশ চাৰ্জ কৰা হ’ব। আয়কৰ বিভাগে ভাৰ্চুৱেল ডিজিটেল এছেটছ (VDA)ৰ বাবে টিডিএছৰ প্ৰকাশৰ নীতিসমূহ অৱগত কৰিছে। সকলো NFT বা ডিজিটেল মুদ্ৰা ইয়াৰ পৰিসৰৰ অধীনত আহিব।

টিডিএছৰ নিয়ম সলনি হ’ব

২০২২ চনৰ ১ জুলাইৰ পৰা ব্যৱসায়ৰ পৰা লাভ কৰা গিফ্টত ১০ শতাংশ হাৰত টিডিএছ দিব লাগিব। ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ আৰু চিকিৎসকৰ ওপৰত প্ৰযোজ্য হ’ব এই কৰ। ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰসকলে যেতিয়া কোম্পানীয়ে দিয়া সামগ্ৰীসমূহ বিপণনৰ উদ্দেশ্যে ৰাখিব, তেতিয়া তেওঁলোকে টিডিএছ দিব লাগিব। যদি তেওঁলোকে প্ৰডাক্টটো ঘূৰাই দিয়ে, তেন্তে টিডিএছ দিব নালাগে।

ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ সবিশেষ সংৰক্ষণ কৰিব নোৱাৰিব

১ জুলাইৰ পৰা পেমেণ্ট গেটৱে, ব্যৱসায়ী, পেমেণ্ট এগ্ৰিগেটৰ আৰু অধিগ্ৰহণকাৰী বেংকে কাৰ্ডৰ সবিশেষ সংৰক্ষণ কৰিব নোৱাৰিব। এই নিয়ম কাৰ্যকৰী হোৱাৰ পিছত ই-কমাৰ্চ কোম্পানীয়ে নিজৰ গ্ৰাহকৰ কাৰ্ডৰ সবিশেষ নিজৰ লগত সুৰক্ষিত ৰাখিব নোৱাৰিব। ইয়াৰ ফলত সাধাৰণ গ্ৰাহকৰ তথ্য সুৰক্ষিত হ’ব।

KYC নথকা Demat একাউণ্ট নিষ্ক্ৰিয় হৈ পৰিব

ডেমেট একাউণ্ট (Demat account) আৰু ট্ৰেডিং একাউণ্টৰ বাবে কেৱাইচি চলোৱাৰ শেষ তাৰিখ হ’ল ৩০ জুন ২০২২। এই তাৰিখলৈকে যিবোৰ একাউণ্টত eKYC নাথাকিব, সেইবোৰ নিষ্ক্ৰিয় হৈ পৰিব আৰু ১ জুলাইৰ পৰা এনে একাউণ্টৰ সহায়ত শ্বেয়াৰ ট্ৰেডিং কৰা নহ’ব। ডিমেট একাউণ্টত শ্বেয়াৰ আৰু ছিকিউৰিটী ৰখাৰ সুবিধা প্ৰদান কৰা হয়। এনে অৱস্থাত যদি আপুনি ৩০ জুনৰ ভিতৰত নিজৰ ডিমেট একাউণ্ট আৰু ট্ৰেডিং একাউণ্টৰ KYC প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰে, তেন্তে ৩০ জুনৰ পিছত আপুনি সমস্যাৰ সন্মুখীন হ’ব পাৰে।

আধাৰ-পান সংযোগ কৰাৰ বাবে দুগুণ শাস্তি

জৰিমনাসহ পান কাৰ্ড  (PAN Card) আৰু আধাৰ কাৰ্ড (Aadhaar Card) সংযোগ কৰাৰ শেষ তাৰিখ ৩০ জুন ২০২২। ৩০ জুনলৈ ৫০০ টকা জৰিমনা। ২০২২ চনৰ ১ জুলাইৰ পিছত পানক আধাৰৰ সৈতে সংযোগ কৰিলে ১০০০ টকা জৰিমনা ভৰিব লাগিব।

দুচকীয়া বাহনৰ দাম বৃদ্ধি হ’ব

১ জুলাইৰ পৰা দুচকীয়া বাহনৰ দ্বিগগজ কোম্পানী হিৰো মট’কৰ্পে ইতিমধ্যে নিজৰ বাহনৰ মূল্যবৃদ্ধিৰ কথা ঘোষণা কৰিছে। কোম্পানীটোৰ বাহনসমূহ ৩ হাজাৰ টকা পৰ্যন্ত ব্যয়বহুল হ’ব। নিত্য বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ বাবে কোম্পানীটোৱে এই সিদ্ধান্ত ল’বলগীয়া হৈছে বুলি কোম্পানীটোৱে জনাইছে। হিৰো মট’কৰ্পৰ দৰে আন কোম্পানীয়েও নিজৰ বাহনৰ দাম বৃদ্ধি কৰিব পাৰে।
Published by:Gautam Barman
First published: