দেশৰ সৰ্ববৃহৎ ঋণদাতা ষ্টেট বেঙ্ক অফ ইণ্ডিয়াই ইয়াৰ গ্ৰাহকসকলৰ বাবে এক সতৰ্কবাণী জাৰি কৰিছে। SBIয়ে গ্ৰাহকসকলক ৩০ ছেপ্টেম্বৰ, ২০২১-ৰ আগতে তেওঁলোকৰ স্থায়ী একাউণ্ট নম্বৰ আধাৰৰ সৈতে সংযোগ কৰিবলৈ এখন জাননী জাৰি কৰিছে। লগতে কৈছে যে যদি গ্ৰাহকসকলে এনে নকৰে, তেওঁলোকে বেঙ্ক সেৱা প্ৰাপ্ত কৰাত অসুবিধা পাব। আনকি তেওঁলোকৰ বেংক একাউণ্টো বন্ধ কৰিব পাৰে। ইফালে, আয়কৰ বিভাগে (Income Tax Department) কৈছে যে ৩০ ছেপ্টেম্বৰৰ ভিতৰত আধাৰৰ সৈতে সংযুক্ত নহ'লে পেন কাৰ্ডখন নিষ্ক্ৰিয় হ'ব।
SMS প্ৰেৰণ কৰি কেনেকৈ আধাৰৰ সৈতে পেন কাৰ্ডক লিংক কৰিব -ইয়াৰ বাবে আপুনি আপোনাৰ ফোনত UIDPAN টাইপ কৰিব লাগিব। তাৰ পিছত ১২টা সংখ্যাযুক্ত আধাৰ নম্বৰ টাইপ কৰক। ১০টা সংখ্যাযুক্ত পেন নম্বৰ টাইপ কৰক। আৰু 567678 বা 56161 নম্বৰত SMSটো প্ৰেৰণ কৰক। উদাহৰণস্বৰূপে, UIDPAN 111122223333 AAAPA9999Q .
পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰাৰ অনলাইন প্ৰক্ৰিয়া -
১. আপুনি আয়কৰ বিভাগৰ Website - https://www.incometaxindiaefiling.gov.in/home যাওক।
২. বাওঁফালে Link Aadhaar ক্লিক কৰক।
৩. এতিয়া পেন, আধাৰ নম্বৰ আৰু আধাৰত থকা আপোনাৰ নাম পূৰণ কৰক।
৪. তাৰ পিছত Captcha কোড প্ৰবিষ্ট কৰক আৰু লিংক আধাৰত ক্লিক কৰক।
৫. এটা নিশ্চিতকৰণ পৃষ্ঠা খুলিব য'ত দেখুৱাব যে পেন সফলতাৰে আধাৰৰ সৈতে লিংক কৰা হৈছে ।
নিষ্ক্ৰিয় পেন কেনেদৰে সক্ৰিয় কৰিব
নিষ্ক্ৰিয় পেন কাৰ্ডখন পুনৰ সক্ৰিয় কৰিব পাৰি। ইয়াৰ বাবে আপুনি এটা এছএমএছ কৰিব লাগিব। আপুনি মেচেজ বক্সলৈ যাব লাগিব আৰু আপোনাৰ পঞ্জীভুক্ত ম'বাইলৰ পৰা ১২-অংকৰ পেন টাইপ কৰিব লাগিব। তাৰ পিছত স্থান দি ১০ টা সংখ্যাৰ আধাৰ নম্বৰ টাইপ কৰক। তাৰ পিছত এই বাৰ্তাটো 567678 বা ইয়াক 56161 লৈ প্ৰেৰণ কৰক।
Published by: Kokil Sarma
FIRST PUBLISHED : September 11, 2021, 15:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।