অনাদায় বিল পৰিশোধ নকৰাৰ বাবেই তামিলনাডু, তেলেংগানা, মধ্যপ্ৰদেশ, মিজোৰাম, ঝাৰখণ্ড, বিহাৰ, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, আৰু ছত্তীশগড়কে ধৰি মুঠ ১৩খন ৰাজ্যক শক্তি বিনিময়ৰ মঞ্চত ক্ৰয়-বিক্ৰয়ত বাধা আৰোপ কৰা হৈছে। এই পদক্ষেপে ক্ষতিগ্ৰস্ত ৰাজ্যসমূহত বিদ্যুৎ যোগান ব্যআহত বা লো় শ্বেডিং সমস্যা অধিক জটিল কৰি তুলিব পাৰে। বিষয়টোৰ জড়িত এক সূত্ৰই এই তথ্য সদৰি কৰিছে।
বিতৰণ কোম্পাণী চমুকৈ ডিস্কম (Distribution Companies) আৰু উৎপাদন কোম্পানী চমুকৈ জেনকো (Generation Companies)ৱে ধন পৰিশোধ নকৰাৰ বাবে শক্তি মন্ত্ৰালয়ে প্ৰণয়ন কৰা নিয়মৰ ফলস্বৰূপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। নতুন লেট পেমেণ্ট ছাৰচাৰ্জ (Late Payment Surcharge (LPS) নিয়মৰ অধীনত এই সিদ্ধান্ত ১৯ আগষ্টৰ পৰা প্ৰযোজ্য হ’ব।
LPSৰ নিয়ম অনুসৰি যদিহে ডিস্কমবোৰে সাত মাহৰ ওপৰত জেনকোবোৰক পেণ্ডিং ধন নিদিয়ে তেন্তে পাৱাৰ এক্সচেঞ্জৰ পৰা বিদ্যুৎ ল’ব নোৱাৰে। ১৩খন ৰাজ্যৰ ডিস্কমবোৰৰ বিৰুদ্ধে নতুন বিদ্যুৎ (লেট পেমেণ্ট চাৰ্চাৰ্জ) নিয়মৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
সূত্ৰটোৱে CNBC-TV18ক জনোৱা মতে, “ডিস্কমবোৰৰ অনাদায় বিল উচ্চ হাৰত থকা বাবেই শক্তি বজাৰৰ সকলো সামগ্ৰীতে ক্ৰয়-বিক্ৰয়ৰ লেনদেন পৰা নিষিদ্ধ কৰা হৈছে।”
এই খবৰে ভাৰতীয় শক্তি এক্সেঞ্জ(Indian Energy Exchange (IEX)ক হেঁচাত পেলাইছে কাৰণ অদূৰ ভৱিষ্যতে IEXৰ ব্যৱসায়ৰ ভলিউমক ই প্ৰভাৱিত কৰিব পাৰে। বৃহস্পতিবাৰে বিএছইৰ তুলনাত পাৱাৰ ট্ৰেডিং প্লেটফৰ্মৰ ষ্টক প্ৰায় ৩.৬ শতাংশ হ্ৰাস পাই ১৬৬.৩৫ টকাত বন্ধ হয়।
সূত্ৰটোৱে জনোৱা মতে, একাংশ ৰাজ্যই অনুৰোধ কৰাৰ পিছত বৃহস্পতিবাৰে পাৱাৰ এক্সেঞ্জত (power exchanges) ব্যৱসায় কিছু ঘণ্টা বৃদ্ধি কৰা হয়। জেনকোসমূহলৈ ৰাজ্যিক ডিস্কমসমূহৰ মুঠ বাকী থকা ধন ৫০৮৫ কোটি টকা।
![]()
এইবাৰ প্ৰথমবাৰৰ বাবে এক ডজনৰো অধিক ৰাজ্যক এনেদৰে একেলগে নিষিদ্ধ কৰা হৈছে। সূত্ৰটোৱে জনোৱা মতে ৰাজ্যসমূহক নিষিদ্ধ কৰাৰ এনে দৃষ্টান্ত বিগত সময়ছোৱাতো আছে। কিন্তু তেতিয়া কেইখনমান ৰাজ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল আৰু কিছুদিনৰ ভিতৰতে ধন পৰিশোধ কৰাৰ পিছত নিষেধাজ্ঞা আঁতৰোৱা হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|