আইচিআইচিআই বেংক (ICICI Bank)এ হোলীৰ আগতে মুদ্ৰাস্ফীতিত ভুগি থকা গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে এটা ডাঙৰ উপহাৰ। বেঙ্কটোৱে ফিক্সড ডিপজিট (Fixed Deposits-FD)ৰ ওপৰত সূতৰ হাৰ (Interest Rate)ৰ ক্ষেত্ৰত কিছু পৰিবৰ্তন ঘটাইছে। আইচিআইচিআই বেংকত এফডি থকা গ্ৰাহকসকল ইয়াৰ পৰা লাভান্বিত হ'ব । এই নতুন সূতৰ হাৰ ১০ মাৰ্চ, ২০২২ৰ পৰা কাৰ্যকৰী হৈছে।
লাইভ মিণ্টৰ খবৰ অনুসৰি, আইচিআইচিআই বেঙ্কৰ এই পদক্ষেপে ৩ বছৰ বা অধিক সময়ৰ বাবে এফডি কৰা গ্ৰাহকক অধিক লাভান্বিত কৰিব। বেংকে এক জাননীযোগে দ্বাৰা জনাইছে যে ২ কোটি টকাৰ ওপৰত আৰু ৫ কোটি টকাৰ কম এফডি সমূহে ৪.৬ শতাংশ সূত পাব। ইয়াৰ বাবে সময়সীমা হৈছে ৩-১০ বছৰ। যদি ম্যাদ ২ বছৰতকৈ অধিক আৰু ৩ বছৰতকৈ কম হয়, ইয়াৰ বাবেগ্ৰাহকসকলে ৪.৫০% সূত আদায় পাব।
জানোঁ আহক কোনটো এফডিৰ ওপৰত কিমান হাৰত সূত লাভ কৰিববেংকে জনাইছে যে, সকলো হাৰ ২ কোটি টকাৰ ওপৰত আৰু ৫ কোটি টকাৰ কম এফডিত প্ৰযোজ্য। এই পৰিৱৰ্তনৰ অধীনত গ্ৰাহকে ১৫ মাহ বা অধিক আৰু ১৮ মাহৰ কম সময়ৰ এফডিৰ ওপৰত ৪.২ শতাংশ সূত লাভ কৰিব।
১৮ মাহ বা অধিক আৰু ২ বছৰতকৈ কম সময়ৰ বাবে, এফ.ডিত ৪.৩% সূত পাব।
যদি গ্ৰাহক এজনে এবছৰৰ পৰা ১৫মাহৰ বাবে এফডি কৰে, তেন্তে তেওঁ ৪.১৫ শতাংশ সূত লাভ কৰিব।
এক বছৰতকৈ কম সময়ৰ এফ.ডিত, বেঙ্কে ২.৫ শতাংশৰ পৰা ৩.৭ শতাংশলৈকে সূত আগবঢ়াইছে।
এই হাৰবোৰত কোনো পৰিৱৰ্তন হোৱা নাইআইচিআইচিআই বেংকে ইয়াৰ অধিসূচনাত কৈছিল যে ২ কোটি টকাৰ তলৰ এফডিৰ সূতৰ হাৰত কোনো পৰিৱৰ্তন হোৱা নাই। ইয়াৰ অৰ্থ হৈছে যে বেঙ্কৰ গ্ৰাহকসকলে এতিয়াও আগৰ দৰে একে সূত পাব। ইয়াৰ আগতে, দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেঙ্ক এছ.বি.আইয়েও শেহতীয়াকৈ এফ.ডিৰ সূতৰ হাৰ সলনি কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|