সময় বিগত ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহ । গুৱাহাটীৰ এক দম্পতীয়ে ব্যতিক্ৰমী কিবা এটা কৰাৰ মন মেলিলে । পেছাত দুয়োগৰাকী অভিযন্তা । নাম নিত্যানন্দ দাস আৰু ললিতা ডেকা ।
গুৱাহাটীৰ বাসিন্দা নিত্যানন্দ দাস আৰু ললিতা ডেকাই সিদ্ধান্ত ল'লে এখন নাৰ্চাৰী আৰম্ভ কৰাৰ । কথাতেই কয় নহয় মন কৰিলেই চন, বাকৰি মাটিতেই ধন । ভি আই পি ৰ'ডত আৰম্ভ হ'ল এন এল গ্ৰীণেৰী নাৰ্চাৰী ।
হাতত পাঁচ লাখ টকাৰ মূলধন লৈ আৰম্ভ কৰা এই নাৰ্চাৰী বৰ্তমান জনপ্ৰিয় হৈ উঠিছে গুৱাহাঢীত । নিউজ ১৮ লোকেলক নিত্যানন্দ দাসে অৱগত কৰে যে চাকৰি কৰিলেও কিছুমান ক্ষেত্ৰত বহুতৰে দুৰ্বলতা থাকে ।
ঠিক তেওঁলোক দুয়োজনৰো দুৰ্বলতা আছিল ফুলক লৈ । ফুলক লৈয়ে পেচাগতভাৱে কিবা এটা কৰাৰ লগতে দুই এজন ব্যক্তিক সংস্থাপন দিব পাৰি নেকি সেই সম্পৰ্কে তেওঁ চিন্তা কৰাৰ পৰৱৰ্তী পৰ্যায়ত এন এল গ্ৰীণেৰী নাৰ্চাৰীখন আৰম্ভ কৰে ।
অন্যহাতে প্ৰায় ৫ গৰাকী কৰ্মচাৰীৰ জড়িয়তে নিত্যানন্দ দাস আৰু ললিতা ডেকাই আজৰি সময়ত চলাইছে এই নাৰ্চাৰীখন । চৰকাৰী চাকৰি বিচাৰি ভাগৰি পৰা সকলেও ল'ব পাৰে নিত্যানন্দ-ললিতাৰ আদৰ্শ ৷
Published by: Subham Goswami
FIRST PUBLISHED : March 16, 2023, 21:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।