உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • CIBIL and Credit Score : ঋণ ল'ব বিচাৰিছে নেকি, ঋণ বিচাৰিও পোৱা নাই? ঋণ লোৱাৰ আগতে জৰুৰী চিবিল আৰু ক্ৰেডিত স্কোৰৰ বিষয়ে জানি লোৱা

    CIBIL and Credit Score : ঋণ ল'ব বিচাৰিছে নেকি, ঋণ বিচাৰিও পোৱা নাই? ঋণ লোৱাৰ আগতে জৰুৰী চিবিল আৰু ক্ৰেডিত স্কোৰৰ বিষয়ে জানি লোৱা

    CIBIL and Credit Score : ভাল ক্ৰেডিট স্কোৰ থকা গ্ৰাহকক বেংকবোৰে ভাল ঋণৰ অফাৰ আগবঢ়ায়। ই আপোনাক কম সূতৰ হাৰত ঋণ লাভ কৰাত সহায় কৰিব পাৰে।

    CIBIL and Credit Score : ভাল ক্ৰেডিট স্কোৰ থকা গ্ৰাহকক বেংকবোৰে ভাল ঋণৰ অফাৰ আগবঢ়ায়। ই আপোনাক কম সূতৰ হাৰত ঋণ লাভ কৰাত সহায় কৰিব পাৰে।

    CIBIL and Credit Score : ভাল ক্ৰেডিট স্কোৰ থকা গ্ৰাহকক বেংকবোৰে ভাল ঋণৰ অফাৰ আগবঢ়ায়। ই আপোনাক কম সূতৰ হাৰত ঋণ লাভ কৰাত সহায় কৰিব পাৰে।

    • Share this:
    CIBIL Score (চিবিল স্কোৰ) আমাৰ অৰ্থনৈতিক জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰে যিকোনো ঋণ দিয়াৰ আগতে চিবিল স্কোৰ পৰীক্ষা কৰে। চিবিল স্কোৰে কেৱল আপোনাৰ ক্ৰেডিট যোগ্যতা প্ৰতিফলিত কৰে। Credit Score (ক্ৰেডিট স্কোৰ) সাধাৰণতে 300 ৰ পৰা 900-ৰ ভিতৰত থাকে । ৩০০ৰ তলৰ স্কোৰ মানে অত্যন্ত দুৰ্বল আনহাতে ৯০০ নম্বৰটো হৈছে সৰ্বশ্ৰেষ্ঠ।

    ব্যক্তিগত বিত্তীয় বিশেষজ্ঞ মমতা গোদিয়ালে এই চিবিল CIBIL Score) আৰু ক্ৰেডিট স্কোৰ Credit Score) কি আৰু সেইবোৰে আমাৰ বিত্তীয় জীৱনত কি অৰিহণা যোগায় সেই বিষয়ে জনাইছে। মমতা গোদিয়ালে Mamta Godiyal) কয় যে চিবিল স্কোৰৰ আগতে ক্ৰেডিট স্কোৰৰ বিষয়ে জানিব লাগিব।

    চিবিল স্কোৰ বা ক্ৰেডিট স্কোৰ হৈছে যিকোনো ব্যক্তিৰ বিত্তীয় ৰিপোৰ্ট কাৰ্ডৰ দৰে। ই এজন ব্যক্তিৰ ধাৰ লোৱা পৰিমাণ আৰু পৰিশোধ কৰাৰ সামৰ্থক সূচায়। ই আপোনাৰ ক্ৰেডিট অৰ্হতা আৰু বিতং ক্ৰেডিট প্ৰতিবেদন প্ৰতিফলিত কৰে।

    ক্ৰেডিট স্কোৰত ৫ প্ৰকাৰৰ তথ্য অন্তৰ্ভুক্ত থাকে। ইয়াত অন্তৰ্ভুক্ত থাকে আপোনাৰ চিবিল স্কোৰ, সম্পৰ্ক তথ্যৰ সৈতে ব্যক্তিগত তথ্য, নিযুক্তিৰ তথ্য, একাউণ্টৰ তথ্য আৰু অনুসন্ধান (Enquiry) সম্পৰ্কীয় তথ্য।

    আপোনাৰ ঋণৰ ইতিহাস, ঋণ পৰিশোধৰ ৰেকৰ্ড, আপুনি কিমান সঘনাই ধাৰ লৈছে আৰু আপোনাৰ ক্ৰেডিট কাৰ্ডৰ ইতিহাস মনত ৰাখি দেশৰ ক্ৰেডিট ব্যুৰোৰ দ্বাৰা ক্ৰেডিট স্কোৰ গণনা কৰা হয়। ক্ৰেডিট স্কোৰ 300-900ৰ ভিতৰত আহে। 900 অংকৰ ক্ৰেডিট স্কোৰ এটা ভাল বুলি গণ্য কৰা হয়।

    ভাল ক্ৰেডিট স্কোৰে ঋণৰ প্ৰতি আপোনাৰ দায়বদ্ধতা প্ৰতিফলিত কৰে। আপোনাৰ ক্ৰেডিট স্কোৰ ভাল গতিকে আপোনাৰ ঋণ সোনকালেই অনুমোদিত হ'ব। ভাল ক্ৰেডিট স্কোৰ থকা গ্ৰাহকক বেংকবোৰে ভাল ঋণৰ অফাৰ আগবঢ়ায়। ই আপোনাক কম সূতৰ হাৰত ঋণ লাভ কৰাত সহায় কৰিব পাৰে।

    মমতা গোদিয়ালে কৈছে যে ক্ৰেডিট স্কোৰ উন্নত কৰিবলৈ চিবিলৰ নম্বৰ নিৰীক্ষণ কৰি থকা উচিত।

    ভাল চিবিল স্কোৰৰ বাবে কি কৰিব-
    – ঋণ সময়মতে আৰু নিয়মীয়াকৈ পৰিশোধ কৰিব।
    – সময়মতে আপোনাৰ বিল আৰু ইএমআই (EMI) পৰিশোধ কৰিব।
    – আপোনাৰ অনাদায় ঋণে আপোনাৰ চিবিল স্কোৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।
    - কিছুমান লোকে ক্ৰেডিট কাৰ্ডৰ বিল সম্পূৰ্ণকৈ পৰিশোধ কৰাৰ পৰিৱৰ্তে নিম্নতম পৰিশোধ কৰে। ই ক্ৰেডিট স্কোৰকো বিৰূপভাৱে প্ৰভাৱিত কৰে।
    – নিম্নতম পৰিমাণ পৰিশোধ কৰাৰ পৰিৱৰ্তে ক্ৰেডিট কাৰ্ডৰ সম্পূৰ্ণ পৰিমাণ সময়মতে পৰিশোধ কৰিব।

    ক্ৰেডিট লিমিটৰ ব্যৱহাৰ (Credit Utilization)
    আপুনি আপোনাৰ ক্ৰেডিট লিমিট কিমান ব্যৱহাৰ কৰি আছে বুজি পোৱাটো গুৰুত্বপূৰ্ণ। ভাল চিবিল স্কোৰৰ বাবে আপোনাৰ ক্ৰেডিট কাৰ্ডত আপোনাৰ ব্যয়ৰ সীমাৰ মাত্ৰ ৩০ শতাংশ লৈকে ব্যৱহাৰ কৰক। সাধাৰণতে আমাৰ ঋণৰ ব্যৱহাৰ আমাৰ ব্যয়ৰ সীমাৰ ৩০ শতাংশলৈকে হ'ব লাগে। ই আপোনাক নিজৰ বিত্তীয় দিশৰ ওপৰত নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। অত্যধিক ক্ৰেডিট লিমিট ব্যৱহাৰে আপোনাৰ ধনৰ সমস্যাৰ কথাটোকে সূচায়।

    ক্ৰেডিট কাৰ্ডৰ পৰা নগদ ধন উলিওৱা (cash withdrawal)
    ক্ৰেডিট কাৰ্ডৰ পৰা নগদ ধন উলিওৱা কামটোৱে আপোনাৰ বিত্তীয় সমস্যা উদঙাই দিয়ে। এই কাৰ্যই ঋণদাতাসকলক ক্ৰেডিট কাৰ্ড আৰু ঋণৰ আৱেদন অনুমোদন নকৰিবলৈ সতৰ্ক কৰি দিয়ে। গতিকে আপোনাৰ ক্ৰেডিট কাৰ্ডৰ পৰা নগদ ধন উলিওৱাটো একেবাৰে এৰাই চলিব।

    ঋণৰ লোৱাৰ মানসিকতাক নিয়ন্ত্ৰণ কৰক (Credit Hunger)
    ঋণৰ বিষয়ে সঘনাই অনুসন্ধান কৰা, কম সময়ৰ ভিতৰত একাধিক ক্ৰেডিট কাৰ্ড বা ঋণৰ বাবে আবেদন কৰিলে আপোনাৰ ক্ৰেডিট স্ক'ৰ হ্ৰাস হয়। সেয়েহে আৱেদন আৰু অনুসন্ধানৰ সংখ্যা সীমিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কিয়নো ই আপোনাৰ ঋণৰ ক্ষুধা প্ৰতিফলিত কৰে।

    নিয়মীয়াকৈ চিবিলৰ স্কোৰ পৰীক্ষা কৰক
    চিবিল প্ৰতিবেদনত কেতিয়াবা ভুল তথ্য থাকে যেনে প্ৰৱঞ্চনামূলক লেনদেন, ডাটা ত্ৰুটি আদিৰ কথা উল্লেখ কৰা। এনে ভুলবোৰে আপোনাৰ চিবিল স্কোৰ প্ৰভাৱিত কৰে কিন্তু এইটো আপোনাৰ দোষ নহয়। ক্ৰেডিট বা ক্ৰেডিটৰ বাবে আবেদন কৰাৰ আগতে চিবিল প্ৰতিবেদনৰ বাবে নম্বৰ আৰু ভুল তথ্য পৰীক্ষা কৰিলে আপুনি সমস্যাটো সমাধান কৰিবলৈ আৰু স্কোৰ উন্নত কৰিবলৈ সক্ষম হ'ব।

    চিবিলৰ স্কোৰ যদিও তিনিটা অংকৰ কিছুমান ক্ষেত্ৰত চিবিল স্কোৰ NA বা NH হিচাপেদেখুওৱা হয়। এNA বা NH নম্বৰৰ অৰ্থ এইবোৰৰ এটা হ'ব পাৰে:

    – আপোনাৰ ক্ৰেডিট ইতিহাস নাই বা স্কোৰ পাবলৈ পৰ্যাপ্ত ক্ৰেডিট ইতিহাস নাই।

    – আপুনি ক্ৰেডিট প্ৰণালীত নতুন।
    – যোৱা কেইবছৰমানত আপোনাৰ কোনো ঋণ কাৰ্যকলাপ হোৱা নাই। অৰ্থাৎ, আপুনি ঋণ লোৱা নাই।
    – আপোনাৰ সকলো এড-অন ক্ৰেডিট কাৰ্ড আছে (add-on credit card)।
    – আপোনাৰ কোনো ক্ৰেডিট এক্সপোজাৰ নাই।

    মমতা গোদিয়ালে কয় যে ভাল চিবিল স্কোৰে আপোনাক কম বিনিয়োগেৰে আপোনাৰ সপোনবোৰ পূৰণ কৰাত সহায় কৰিব পাৰে। সেয়েহে পৰৱৰ্তী সময়ত ঋণ বা ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰিলে বা আপোনাৰ ঋণৰ ইএমআই বা বিল পৰিশোধ কৰিলে, ইয়াত উল্লেখ কৰা কথাবোৰ মনত ৰাখিব।
    Published by:Manjumoni Borah
    First published: