দেশৰ সৰ্ববৃহৎ বীমা কোম্পানী এল আই চিয়ে দুমাহৰ বিশেষ অভিযান (Special Revival Campaign) চলাই আছে। এই অভিযান আজিৰ পৰা আৰম্ভ হৈছে আৰু ২২ অক্টোবৰলৈকে চলিব। ইয়াৰ অধীনত ৰেহাইৰ সৈতে বিলম্বিত বীমা পুনৰুজ্জীৱিত কৰিব পৰা যায়। এলআইচিয়ে এটা বিবৃতিত কৈছে যে প্ৰচলিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিলম্বিত মাচুল ৰেহাই দিয়া হৈছে। অৱশ্যে ইয়াত টাৰ্ম ইন্সিওৰেন্স আৰু হাই ৰিস্ক আঁচনি অন্তৰ্ভুক্ত নহয়। স্বাস্থ্য আৰু ক্ষুদ্ৰ বীমা আঁচনিবোৰকো বিলম্বিত মাচুলৰ পৰা ৰেহাই দিয়া হ'ব।
এই বিশেষ পুনৰুজ্জীৱিত অভিযানৰ অধীনত নিৰ্দিষ্ট যোগ্য আঁচনিৰ (specific eligible plans) প্ৰথম অপৰিশোধিত প্ৰিমিয়াম (First Unpaid Premium) ৫ বছৰৰ ভিতৰত আৰম্ভ কৰিব পাৰি। কিন্তু ইয়াৰ কিছুমান চৰ্তাৱলী আৰু নিয়ম আছে।
যদি মুঠ প্ৰিমিয়াম ১ লাখ টকালৈকে হয়, বিলম্ব মাচুল ২০ শতাংশ ৰেহাই দিয়া হ'ব। সৰ্বাধিক ৰেহাই হ'ব ২০০০ টকালৈকে। মুঠ ১ লাখৰ পৰা ৩ লাখ টকাৰ প্ৰিমিয়াম থকা আঁচনিৰ বাবে বিলম্ব মাচুল ২৫% ৰেহাই দিয়া হ'ব। ইয়াৰ সৰ্বাধিক ২৫০০ টকা ৰেহাই থাকিব। ৩ লাখ টকাৰ অধিক প্ৰিমিয়াম পৰিশোধ কৰা আঁচনিৰ বাবে বিলম্ব মাচুল ৰেহাই হ'ব ৩০ শতাংশ। সৰ্বাধিক ৰেহাই ৩০০০ টকালৈকে হ'ব।
এল আই চিয়ে কোৱা মতে, যিবোৰ পলিচী প্ৰিমিয়াম পৰিশোধৰ ম্যাদৰ সময়ত লেপ্স কণ্ডিচনত আছে, আৰু যাৰ পলিচী সম্পূৰ্ণ হোৱা নাই, সেইবোৰ আঁচনি এই অভিযানৰ জৰিয়তে পুনৰুজ্জীৱিত কৰিব পাৰি।
এই অভিযানৰ উদ্দেশ্য হৈছে আঁচনিধাৰকসকলক সকাহ প্ৰদান কৰা, যিসকলে প্ৰতিকূল কাৰণত তেওঁলোকৰ প্ৰিমিয়াম পৰিশোধ কৰিব নোৱাৰে। বীমাৰ সম্পূৰ্ণতাৰ বাবে পুৰণি আঁচনিখন পুনৰুজ্জীৱিত কৰাটো সদায়ে ভাল। আঁচনিধাৰকসকলৰ বাবে তেওঁলোকৰ পৰিয়ালক বিত্তীয় সুৰক্ষা দিয়াৰ এইটো এটা ভাল সুযোগ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|