• Home
  • »
  • News
  • »
  • business
  • »
  • Pan Card: পেন কাৰ্ডৰ নাম আৰু ঠিকনা ঘৰতে বহি কিদৰে সলনি কৰিব পাৰি, জানি লওক সহজ টিপছ

Pan Card: পেন কাৰ্ডৰ নাম আৰু ঠিকনা ঘৰতে বহি কিদৰে সলনি কৰিব পাৰি, জানি লওক সহজ টিপছ

ইয়াৰ দ্বাৰা সকলো ধৰণৰ বিত্তীয় লেনদেন হয়, যাৰ অবিহনে বিত্তীয় লেনদেন কৰিব নোৱাৰি।

ইয়াৰ দ্বাৰা সকলো ধৰণৰ বিত্তীয় লেনদেন হয়, যাৰ অবিহনে বিত্তীয় লেনদেন কৰিব নোৱাৰি।

ইয়াৰ দ্বাৰা সকলো ধৰণৰ বিত্তীয় লেনদেন হয়, যাৰ অবিহনে বিত্তীয় লেনদেন কৰিব নোৱাৰি।

  • Share this:
পেন কাৰ্ড এক অত্যাৱশ্যকীয় দস্তাবেজ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াত ১০টা আখৰ আৰু অংকৰ আলফানিউমেৰিক পেন নম্বৰ থাকে। ইয়াৰ দ্বাৰা সকলো ধৰণৰ বিত্তীয় লেনদেন হয়, যাৰ অবিহনে বিত্তীয় লেনদেন কৰিব নোৱাৰি। ইয়াক বেংকৰ পৰা অত্যাৱশ্যকীয় উদ্দেশ্যলৈকে সকলো ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয়।

আয়কৰ কৰ্তৃপক্ষক সকলো বিত্তীয় লেনদেনৰ হিচাপ ৰখাত সহায় কৰে এই নম্বৰে। কৰফাঁকি ধৰা পেলোৱাৰ ক্ষেত্ৰতো এই নম্বৰে কাম দিয়ে।
ইয়াৰ উপৰি বহু ক্ষেত্ৰত পেন কাৰ্ড পৰিচয় পত্ৰৰ প্ৰমাণ হিচাপেও ব্যৱহাৰ কৰা হয়। গতিকে পেন কাৰ্ডত নাম আৰু ঠিকনা কেনেদৰে আপডেট কৰিব লাগে জানি লোৱা ভাল।

এনেদৰে পেন কাৰ্ডত নাম সলনি কৰক

–প্ৰথমে, নেচনেল ছিকিউৰিটিজ ডিপ'জিটৰী লিমিটেড(NSDL)ৰ ৱেবছাইট চাওক।

-তাৰ পিছত আপুনি 'বিদ্যমান পেনৰ উন্নতি' (Improvement of existing pan) বুলি থকা বিকল্পটো বাছনি কৰিব।
-তাৰ পিছত শ্ৰেণীৰ প্ৰকাৰ বাছনি কৰক।
- এতিয়া আপুনি সঠিক নাম আৰু শুদ্ধ বানানৰ সৈতে নথিখন দিব লাগিব।
–ছাবমিট বিকল্পত ক্লিক কৰক। NSDLৰ ঠিকনাত আয়কৰ পেন সেৱা গোটলৈ (NSDL. ই-গভৰ্নেন্স ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডৰ দ্বাৰা পৰিচালিত) আবেদন প্ৰেৰণ কৰক।
–আপডেট কৰা পেন কাৰ্ডখন আবেদনৰ তাৰিখৰ পৰা ৪৫ দিনৰ ভিতৰত পঞ্জীভুক্ত ঠিকনালৈ প্ৰেৰণ কৰা হয়।
Published by:Gautam Barman
First published: